ETV Bharat / sports

খেলপথাৰতে নহয়, আন এক ক্ষেত্ৰতো অভিলেখ গঢ়িলে জনপ্ৰিয় তাৰকা ফুটবলাৰ ৰ‘নাল্ডোৱে - CRISTIANO RONALDO YOUTUBE CHANNEL

author img

By ETV Bharat Assamese Team

Published : Aug 22, 2024, 1:10 PM IST

Portugal's veteran footballer Cristiano Ronaldo: প্ৰবীণ ফুটবলাৰ ক্ৰিষ্টিয়ানো ৰ’নাল্ডোৰ আন এক অভিলেখ ৷ এই অভিলেখ খেলপথাৰৰ বিপৰীতে আন এক ক্ষেত্ৰতহে সৃষ্টি হৈছে ৷ খেলুৱৈগৰাকীয়ে এই অভিলেখ সৃষ্টি কৰিছে ইউ টিউবৰ ক্ষেত্ৰখনত ৷ পঢ়ক বিতং খবৰ...

CRISTIANO RONALDO YOUTUBE CHANNEL
জনপ্ৰিয় ফুটবল খেলুৱৈ ক্ৰিষ্টিয়ানো ৰ’নাল্ডো (AP PHOTOS)

স্প’ৰ্টছ ডেস্ক, 22 আগষ্ট: দুভৰিৰ যাদুৰে হাজাৰ হাজাৰ অনুৰাগীৰ হৃদয় জিনিবলৈ সক্ষম হোৱা পৰ্তুগালৰ জনপ্ৰিয় ফুটবল খেলুৱৈ ক্ৰিষ্টিয়ানো ৰ’নাল্ডোৰ ইউ টিউবতো জনপ্ৰিয়তা ৷ ফুটবলাৰগৰাকীয়ে নিজৰ নামত মুকলি কৰা ইউটিউব চেনেলটোৱে মুকলিৰ 90 মিনিটৰ ভিতৰতে গঢ়ে অভিলেখ ৷ প্ৰায় 1 মিলিয়ন অৰ্থাৎ 10 লাখ অনুৰাগীয়ে অতি কম সময়ৰ ভিতৰতে ৰ’নাল্ডোৰ চেনেলটো ছাচক্ৰাইব কৰে ৷

প্ৰবীণ ফুটবলাৰগৰাকীয়ে চেনেল মুকলি কৰাৰ 24 ঘণ্টাও অতিক্ৰম নকৰোঁতে এই অভিলেখ গঢ়ে ৷ প্ৰায় 11.5 নিযুত অনুৰাগীয়ে এই চেনেল ছাচক্ৰাইব কৰা বুলি জানিব পৰা গৈছে ৷ এই চেনেল মুকলি সন্দৰ্ভত ফুটবলাৰগৰাকীয়ে সামাজিক মাধ্যমত প্ৰকাশ কৰিছিল ৷ ইতিমধ্যে তেওঁ গ’ল্ডেন বাটন লাভ কৰিছে ৷

ইউ টিউবৰ বাহিৰেও ৰ’নাল্ডোৰ এক্স একাউণ্টত আছে 112.6 নিযুত, ফেচবুকত 170 নিযুত আৰু ইনষ্টাগ্ৰামত 636 নিযুত অনুৰাগী ৷ খেলপথাৰৰ সমানে সমানে সামাজিক মাধ্যমতো সমানে জনপ্ৰিয় পৰ্তুগীজৰ ফুটবলাৰগৰাকী ৷

"অপেক্ষাৰ অন্ত পৰিছে । মোৰ @YouTube চেনেলটো অৱশেষত মুকলি কৰা হৈছে ! SIUUUbscribe চাচক্ৰাইব কৰক আৰু এই নতুন যাত্ৰাত মোৰ সৈতে যোগ দিয়ক," ৰ’নাল্ডোৱে এনেদৰে নিজৰ সামাজিক মাধ্যমৰ একাউণ্টত পোষ্ট কৰিছিল । ফুটবলাৰগৰাকীয়ে তেওঁৰ চেনেলটোৰ নাম দিছে- ইউ আৰ ক্ৰিষ্টিয়ানো ।

39 বছৰীয়া পৰ্তুগালৰ বাসিন্দা তথা প্ৰবীণ ফুটবলাৰগৰাকীয়ে চেনেলত আপলোড কৰা প্ৰথমটো ভিডিঅ' মুকলিৰ 13 ঘণ্টাৰ ভিতৰতে প্ৰায় 7.95 নিযুত উপভোগ কৰে ৷

সৰ্বকালৰ অন্যতম শ্ৰেষ্ঠ ফুটবল খেলুৱৈ ৰ’নাল্ডোৱে বৰ্তমান চৌদি প্ৰ' লীগত আল নাছৰৰ হৈ খেলত অংশগ্ৰহণ কৰিছে । শেহতীয়াকৈ ইউৰো 2024 তো অংশগ্ৰহণ কৰিছিল ফুটবলাৰগৰাকীয়ে ৷ কিন্তু তেওঁৰ দলটোৱে খিতাপ জয় কৰিব পৰা নাছিল ৷ ফুটবল খেলুৱৈগৰাকীয়ে ইউৰো চেম্পিয়নশ্বিপত তেওঁৰ এয়া অন্তিম অংশগ্ৰহণ বুলি পূৰ্বে ঘোষণা কৰিছে ৷

যদিও জনপ্ৰিয় ফুটবলাৰগৰাকী শাৰীৰিকভাৱে সুস্থ হৈ আছে, তথাপি পূৰ্বৰ তুলনাত গ’লদাতা হিচাপে শক্তি কিছু হ্ৰাস পাইছে ৷ যি কথা তেওঁৰ ইউৰোপীয় অভিযানত স্পষ্ট হৈ পৰিছিল ৷ উক্ত সময়ত প্ৰতিপক্ষক গ’ল দিবলৈ খেলুৱৈগৰাকীয়ে সংগ্ৰাম কৰিবলগীয়া হৈছিল ।

অৱসৰ গ্ৰহণৰ পিছত ৰ’নাল্ডোৱে নিজৰ সমল সৃষ্টি আৰু জড়িত থকা অন্যান্য বিষয়সমূহ ব্যৱসায়িক উদ্যোগলৈ পৰিৱৰ্তন কৰাৰ সম্ভাৱনা আছে ।

লগতে পঢ়ক: ডায়মণ্ড লীগত অংশগ্ৰহণ কৰিব গ’ল্ডেন বয় নীৰজ চোপ্ৰাই: ক’ত, কেনেদৰে উপভোগ কৰিব পাৰিব এই খেল - NEERAJ CHOPRA IN DIAMOND LEAGUE

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.