ETV Bharat / sports

শতক অবিহনে সৰ্বাধিক ৰাণ অৰ্জনকাৰী পাঁচগৰাকী ক্ৰিকেটাৰ - MOST RUNS WITHOUT CENTURY

Cricketers Most Runs Without Century: আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত শতক অবিহনে সৰ্বাধিক ৰাণ সংগ্ৰহ কৰা শীৰ্ষ 5 গৰাকী খেলুৱৈ কোন জানেনে ? পঢ়ক এই প্ৰতিবেদন

author img

By ETV Bharat Sports Team

Published : 3 hours ago

MOST RUNS WITHOUT CENTURY
ক্ৰিকেটৰ প্ৰতীকী ফটো (Getty Images)

স্প’ৰ্টছ ডেস্ক, 4 অক্টোবৰ: ক্ৰিকেটত এনে এক সময় আছিল, যেতিয়া বেটছমেনে অধিক ৰাণ সংগ্ৰহ কৰাৰ লগতে বলাৰসকলে গুৰুত্বপূৰ্ণ উইকেট দখল কৰাত অধিক গুৰুত্ব আৰোপ কৰিছিল ৷ অৱশ্যে এই দুয়োটা কাম নিয়াৰিকৈ কৰিব জনা অলৰাউণ্ডাৰসকলৰ ওপৰত নাছিল কোনো হেঁচা ।

অৱশ্যে সময়ৰ লগে লগে ক্ৰিকেট জগতত ঘটে বহু পৰিৱৰ্তন ৷ ক্ৰিকেট জগতত এনে কেইগৰাকীমান খেলুৱৈ আছে, যিয়ে শতক অৰ্জন কৰিব নোৱাৰিলেও স্থাপন কৰিছে আন এক অভিলেখ ৷ সেয়া হৈছে শতক অবিহনে ক্ৰিকেটত সৰ্বাধিক ৰাণ সংগ্ৰহকাৰীৰ অভিলেখ ৷ সেই তথ্যৰ ওপৰত ভিত্তি কৰিয়েই প্ৰস্তুত কৰা হৈছে এই প্ৰতিবেদন-

শ্বেন ৱাৰ্ণ (অষ্ট্ৰেলিয়া): অষ্ট্ৰেলিয়াৰ কিংবদন্তি স্পিনাৰ শ্বেন ৱাৰ্ণে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত শতক অবিহনেই সৰ্বাধিক ৰাণ সংগ্ৰহৰ অভিলেখ গঢ়িবলৈ সক্ষম হৈছে । তেওঁ 339 খন মেচৰ 306 ইনিংছত সংগ্ৰহ কৰিছে 4,172 ৰাণ । য’ত আছে 13 টা অৰ্ধশতক ৷ 145 খন টেষ্ট মেচত 3,154 ৰাণ সংগ্ৰহ কৰে ৱাৰ্ণে । 2001 চনত নিউজিলেণ্ডৰ বিৰুদ্ধে শ্বেন ৱাৰ্ণৰ সৰ্বোচ্চ স্ক’ৰ আছিল 99 ৰাণ । 194 খন এদিনীয়া খেলত অংশগ্ৰহণ কৰি ক্ৰিকেটাৰগৰাকীয়ে সংগ্ৰহ কৰে 1,018 ৰাণ ৷

MOST RUNS WITHOUT CENTURY
শ্বেন ৱাৰ্ণ (ANI Photo)

কলিন্স অবুয়া (কেনিয়া): কেনিয়াৰ প্ৰাক্তন অলৰাউণ্ডাৰ কলিন্স অবুয়াই 179 খন আন্তঃৰাষ্ট্ৰীয় মেচৰ 159 ইনিংছত সংগ্ৰহ কৰে 3786 ৰাণ । দুটা দশকৰো অধিক সময় খেলা সত্ত্বেও ক্ৰিকেটাৰগৰাকীয়ে কেতিয়াও অৰ্জন কৰিব পৰা নাছিল শতক ৷ কিন্তু খেলুৱৈগৰাকীয়ে সংগ্ৰহ কৰিছে 20 টা অৰ্ধশতক ৷ অবুয়াই 104 খন এদিনীয়া মেচত সংগ্ৰহ কৰিছে 2,044 ৰাণ ৷ তেওঁৰ কেৰিয়াৰৰ সৰ্বাধিক স্ক’ৰ হৈছে 98* ৷ 75 খন টি-20 আন্তঃৰাষ্ট্ৰীয় মেচ খেলি ক্ৰিকেটাৰগৰাকীয়ে সংগ্ৰহ কৰিছে 1,742 ৰাণ, য’ত তেওঁৰ সৰ্বোচ্চ স্ক’ৰ আছিল 96*।

চামু চিভাভা (জিম্বাব’ৱে): জিম্বাব’ৱেৰ চামু চিভাভাই 150 খন আন্তঃৰাষ্ট্ৰীয় মেচৰ 154 ইনিংছত 3316 ৰাণ সংগ্ৰহ কৰে । 2015 চনত তেওঁ পাকিস্তানৰ বিৰুদ্ধে সৰ্বাধিক 99 ৰাণ সংগ্ৰহ কৰিছিল । ক্ৰিকেটাৰগৰাকীৰ নামত আছে 22 টা অৰ্ধশতক । 5 খন টেষ্ট মেচত 175 ৰাণ, 109 খন এদিনীয়াত 2474 ৰাণ আৰু টি-20 ত 667 ৰাণ সংগ্ৰহ কৰিছে এইগৰাকী খেলুৱৈয়ে ।

টিম চাউথী (নিউজিলেণ্ড): নিউজিলেণ্ডৰ প্ৰাক্তন অধিনায়ক টিম চাউথীয়ে 387 খন আন্তঃৰাষ্ট্ৰীয় মেচৰ 289 ইনিংছত 3,141 ৰাণ সংগ্ৰহ কৰে । ইয়াৰ ভিতৰত আছে সাতটা অৰ্ধশতক ৷ তেওঁ 100 খন টেষ্টত 6 টা অৰ্ধশতকৰ সৈতে সংগ্ৰহ কৰিছে 2,098 ৰাণ ৷ তদুপৰি এদিনীয়া ক্ৰিকেটত 161 খন মেচত সংগ্ৰহ কৰিছে 740 ৰাণ ৷ টি-20 মেচত চাউথীয়ে সংগ্ৰহ কৰিছে 303 ৰাণ ৷

MOST RUNS WITHOUT CENTURY
টিম চাউথী (ANI Photo)

মাছৰাফে মৰ্তাজা (বাংলাদেশ): বাংলাদেশৰ প্ৰাক্তন অধিনায়ক মাছৰাফে মৰ্তাজাই 310 খন আন্তঃৰাষ্ট্ৰীয় মেচৰ 264 ইনিংছত সংগ্ৰহ কৰে 2961 ৰাণ । য’ত আছে চাৰিটাকৈ অৰ্ধশতক ৷ টেষ্টত 36 খন মেচত 797 ৰাণ সংগ্ৰহ কৰিছে এইগৰাকী ক্ৰিকেটাৰে । আনহাতে, 220 খন এদিনীয়া মেচত 13.74 গড়ে 1787 ৰাণ সংগ্ৰহ কৰাৰ বিপৰীতে 54 খন টি-20 মেচত 377 ৰাণ সংগ্ৰহ কৰিছে মৰ্তাজাই ।

MOST RUNS WITHOUT CENTURY
মাছৰাফে মৰ্তাজা (ANI Photo)

লগতে পঢ়ক: জীয়ৰীক সাক্ষাতৰ পিছতে মহম্মদ ছামীৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ পূৰ্বৰ পত্নীৰ - MOHAMMED SHAMI Ex WIFE ALLEGATIONS

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.