ETV Bharat / sports

ক্ৰিকেটত ব্যৱহৃত এল ই ডি ষ্টাম্পৰ মূল্য কিমান হয় জানেনে আপুনি...

LED stumps used in cricket: ক্ৰিকেটত ব্যৱহৃত ষ্টাম্পৰ বিষয়ে আপুনি ভালদৰে জানেনে ? কোন কোম্পানীয়ে নিৰ্মাণ কৰে এই ষ্টাম্পসমূহ ?

author img

By ETV Bharat Sports Team

Published : 2 hours ago

COST OF LED STUMPS USED IN CRICKET
ক্ৰিকেটত ব্যৱহৃত ষ্টাম্প (AFP PHOTO)

স্প’ৰ্টছ ডেস্ক, 7 অক্টোবৰ: ক্ৰিকেট হৈছে পৃথিৱীৰ অন্যতম ধনী ক্ৰীড়া । খেলুৱৈসকলে ব্যৱহাৰ কৰা বেটৰ পৰা আৰম্ভ কৰি একোখন ক্ৰিকেট মেচত ব্যৱহৃত প্ৰতিবিধ সামগ্ৰীয়েই অতিকৈ ব্যয়বহুল ৷ এখন ক্ৰিকেট মেচত আম্পায়াৰক সঠিক সিদ্ধান্ত গ্ৰহণৰ ক্ষেত্ৰত বিশেষভাৱে সহায় কৰি আহিছে ইয়াত ব্যৱহাৰ হোৱা এল ই ডি ষ্টাম্পসমূহে ৷ বিশেষ গুণৰ বাবেহে অধিক ব্যয়বহুল হৈ পৰে এই ষ্টাম্পসমূহ ৷

এই বিশেষ প্ৰতিবেদনত ক্ৰিকেটত ব্যৱহাৰ হোৱা এল ই ডি ষ্টাম্পসমূহৰ মূল্যৰ বিষয়ে উল্লেখ কৰা হৈছে-

ক’ত আৰু কেনেদৰে ষ্টাম্প ব্যৱহাৰৰ আৰম্ভণি হৈছিল

আৰম্ভণিতে ক্ৰিকেটত মাত্ৰ দুডাল ষ্টাম্পৰ ব্যৱহাৰ কৰা হৈছিল । কিন্তু দুয়োডাল ষ্টাম্পৰ মাজত যথেষ্ট ঠাই থকাৰ বাবে বহু সময়ত বলটোৱে ষ্টাম্পত আঘাত নকৰাকৈ ঘূৰি গৈছিল । যি আছিল বেটছমেনসকলৰ বাবে অধিক সুবিধাজনক ৷

COST OF LED STUMPS USED IN CRICKET
ব্ৰেড হেডেন (IANS PHOTO)

কিন্তু 1775 চনত লুম্পি ষ্টিভেনছন নামৰ এজন ব্যক্তিয়ে প্ৰথমবাৰৰ বাবে ক্ৰিকেটত 3 ডাল ষ্টাম্প ব্যৱহাৰ কৰে । পৰৱৰ্তী সময়ত এই প্ৰক্ৰিয়া প্ৰচলন হোৱা বুলি জনা যায় ৷ পোনতে ক্ৰিকেটত কাঠেৰে নিৰ্মিত ষ্টাম্প ব্যৱহাৰ কৰা হৈছিল ।

কিন্তু কাঠৰ ষ্টাম্পৰ ব্যৱহাৰত আছিল বহুকেইটা অসুবিধা ৷ কেতিয়াবা যদি বলটোৱে ষ্টাম্পত আঘাত কৰি উইকেটকীপাৰৰ হাতত আৱদ্ধ হয়, তেতিয়া আম্পায়াৰৰ বাবে সঠিক সিদ্ধান্ত লোৱাতো অতিকৈ কঠিন হৈ পৰে ।

পৰৱৰ্তী সময়ত ক্ৰিকেটে বিপুল জনপ্ৰিয়তা লাভ কৰাৰ পিছত বহু পৰিৱৰ্তন ঘটা দেখা যায় ৷ 2008 চনত অষ্ট্ৰেলিয়াৰ কোম্পানী বি বি জিয়ে কেমেৰা সংলগ্ন ষ্টাম্প প্ৰৱৰ্তন কৰে । পিছত ইয়াক ষ্টাম্প কোম্পানী লিমিটেডে ক্ৰয় কৰিছিল । যিবোৰ ষ্টাম্প প্ৰথমবাৰৰ বাবে একে বছৰৰে মাৰ্চত অষ্ট্ৰেলিয়া-দক্ষিণ আফ্ৰিকাৰ এখন খেলত ব্যৱহাৰ কৰা হৈছিল ।

ইয়াৰ পিছত অষ্ট্ৰেলিয়াৰ প্ৰাক্তন ক্ৰিকেটাৰ আৰু অভিযন্তা ব্ৰণ্টে একাৰমেননে 2012 চনত এল ই ডি ষ্টাম্পত মাইক্ৰ'প্ৰচেছৰ মাইকৰ সৈতে এক ষ্টাম্প ডিজাইন কৰে । যিয়ে বেট-বলৰ লগতে উইকেটত আঘাত কৰি উৎপন্ন হোৱা শব্দটো ট্ৰেক কৰাটো বহুখিনি সহজ কৰি তুলিছিল ।

COST OF LED STUMPS USED IN CRICKET
এম এছ ধোনী (IANS PHOTO)

তাৰপিছত জিং কোম্পানীয়ে এই ষ্টাম্পসমূহ নিৰ্মাণ কৰিবলৈ আৰম্ভ কৰে । 2012 চনৰ বিগ বেছ লীগত প্ৰথমবাৰৰ বাবে এই সকলোবোৰ বৈশিষ্ট্যসম্পন্ন এল ই ডি ষ্টাম্প ব্যৱহাৰ কৰা হৈছিল । তাৰপিছত ক্ৰমে 2014 চনত আই চি চিয়ে আয়োজন কৰা অনুৰ্ধ-19 ক্ৰিকেট বিশ্বকাপত এনেধৰণৰ অত্যাধুনিক প্ৰযুক্তিসম্পন্ন ষ্টাম্প প্ৰথমবাৰৰ বাবে ব্যৱহাৰ কৰা হৈছিল ।

আই পি এলৰো 2016 ছিজনৰ পৰা এনেধৰণৰ ষ্টাম্প ব্যৱহাৰ কৰা হৈছে । বৰ্তমান এই ষ্টাম্পসমূহ আই চি চি-য়ে আয়োজন কৰা প্ৰতিখন মেচতে ব্যৱহাৰ কৰা হয় ।

এনেধৰণৰ ষ্টাম্পৰ মূল্য কিমান ?

জিং ইণ্টাৰনেশ্যনেলৰ দ্বাৰা নিৰ্মিত এই এল ই ডি ষ্টাম্পবোৰৰ মূল্য প্ৰায় 40,000 ডলাৰ । এই ষ্টাম্পবোৰৰ মূল্য ভাৰতীয় টকাৰ হিচাপত 30 লাখৰ পৰা 35 লাখৰ ভিতৰত ।

লগতে পঢ়ক: ক্ৰিকেটত এহাজাৰতকৈও অধিক চাৰি কোবোৱা ক্ৰিকেটাৰৰ তালিকাত কোন ভাৰতীয় - 1000 PLUS FOURS IN CRICKET

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.