ETV Bharat / sports

পিচিবিয়ে গ্ৰহণ নকৰে হাইব্ৰিড মডেল; চেম্পিয়নছ ট্ৰফীত ভাৰতে নকৰিব নেকি অংশগ্ৰহণ ? - Champions Trophy 2025 - CHAMPIONS TROPHY 2025

Champions Trophy 2025: পাকিস্তানে হাইব্ৰিড মডেল গ্ৰহণ নকৰিলে চেম্পিয়নছ ট্ৰফীত ভাৰতীয় দলে অংশগ্ৰহণ নকৰে বুলি ঘোষণা কৰিছিল ! কিন্তু পাকিস্তানে হাইব্ৰিড মডেলৰ প্ৰস্তাৱ গ্ৰহণ কৰা নাই । লাহোৰতে ভাৰতীয় দলক আটাইকেইখন খেল খেলাৰ ব্যৱস্থা কৰিছে পাকিস্তানে । এনে পৰিস্থিতিত ভাৰতে প্ৰতিযোগিতাত অংশগ্ৰহণ নকৰিব নেকি ?

Champions Trophy 2025
পিচিবিয়ে গ্ৰহণ নকৰে হাইব্ৰিড মডেল (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : Jun 13, 2024, 10:31 AM IST

স্পৰ্টছ ডেস্ক,১৩ জুন : অহা বছৰত পাকিস্তানে আয়োজন কৰিব আইচিচি চেম্পিয়নছ ট্ৰফী । পাকিস্তান ক্ৰিকেট ব'ৰ্ডে (পিচিবি) ২০২৫ চনৰ ১৯ ফেব্ৰুৱাৰীৰ পৰা চেম্পিয়নছ ট্ৰফী আৰম্ভ কৰাৰ প্ৰস্তাৱ দিছে । কিন্তু এছিয়া কাপ ২০২৩ৰ দৰে ভাৰতীয় দলৰ খেলসমূহৰ বাবে 'হাইব্ৰিড মডেল' গ্ৰহণ কৰিবলৈ অস্বীকাৰ কৰিছে পাকিস্তানে ।

পাকিস্তান ক্ৰিকেট ব'ৰ্ডে দিয়া প্ৰস্তাৱ অনুসৰি আইচিচি চেম্পিয়নছ ট্ৰফী ১৯ ফেব্ৰুৱাৰীৰ পৰা ৯ মাৰ্চলৈ অনুষ্ঠিত হ'ব । আটাইবোৰ খেল কৰাচী, ৰাৱালপিণ্ডি আৰু লাহোৰৰ দৰে তিনিখন মুখ্য চহৰত অনুষ্ঠিত হ'ব । পিচিবিৰ সূত্ৰৰ মতে প্ৰতিযোগিতাৰ প্ৰস্তুতি পৰিদৰ্শন কৰিবলৈ পাকিস্তানলৈ ভ্ৰমণ কৰা আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট পৰিষদৰ (আইচিচি) বিষয়াসকলে এই ব্যৱস্থাত সন্তুষ্টি প্ৰকাশ কৰিছে ।

কিন্তু গুৰুত্বপূৰ্ণ কথাটো হ'ল যে পিচিবিয়ে ভাৰতৰ খেলসমূহৰ বাবে 'হাইব্ৰিড মডেল' গ্ৰহণ কৰিবলৈ অস্বীকাৰ কৰিছে । পিচিবিয়ে কৈছে যে সকলো খেল পাকিস্তানতে খেলিব লাগিব । এই বিষয়ত ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব'ৰ্ডৰ (বিচিচিআই) সিদ্ধান্ত কি হ'ব সেয়া অৱশ্যে লক্ষণীয় হ'ব ।

যোৱা এছিয়া কাপ ২০২৩ৰ সময়ত ভাৰতৰ খেলসমূহ শ্ৰীলংকালৈ স্থানান্তৰিত কৰা হৈছিল । অৱশ্যে, এইবাৰ পাকিস্তানে হাইব্ৰিড মডেল বাছনি কৰিবলৈ সাজু নহয় । ভাৰতকে ধৰি সকলো দলে খেলবোৰ দেশখনতে খেলাটো বিচাৰে পাকিস্তানে ।

পিচিবিয়ে কৈছে যে তেওঁলোকে হাইব্ৰিড মডেল গ্ৰহণ কৰা নাই । কিন্তু ভাৰতীয় দলৰ বাবে বিশেষ সুবিধা আছে । ভাৰতে খেলবোৰ লাহোৰতে খেলিব পাৰিব । অৰ্থাৎ ভাৰতীয় দলটোৱে পাকিস্তানৰ চহৰসমূহত ঘূৰি ফুৰিব নালাগে আৰু লাহোৰত দলটোৰ বাবে কটকটীয়া নিৰাপত্তাৰো ব্যৱস্থা কৰা হ'ব বুলি পিচিবিয়ে উল্লেখ কৰিছে ।

পিচিবিয়ে আশা কৰিছে যে ভাৰতীয় ক্ৰিকেট দলটোৱে প্ৰতিযোগিতাটোৰ সমগ্ৰ সময়ছোৱাত লাহোৰতে থাকিব । এইটোৱে নিৰাপত্তাৰ সমস্যা হ্ৰাস কৰিব আৰু দলটোৱে এখন চহৰৰ পৰা আন এখন চহৰলৈ যাত্ৰা কৰিব নালাগে । দলটোৰ বাবে এই ব্যৱস্থা সুবিধাজনক হ'ব বুলি পিচিবিয়ে উল্লেখ কৰিছে ।

লাহোৰ ৱাঘা সীমান্তৰ সমীপত হোৱাৰ বাবে ভাৰতীয় ক্ৰিকেট অনুৰাগীসকলৰ বাবেও অধিক সুবিধাজনক হ'ব বুলি পিচিবিয়ে আশা প্ৰকাশ কৰিছে । অৱশ্যে, প্ৰশ্নটো হ'ল ভাৰতে এই প্ৰস্তাৱ গ্ৰহণ কৰিব নে নাই ? হাইব্ৰিড মডেল নাথাকিলে ভাৰতে প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব নে নাই ?

চেম্পিয়নছ ট্ৰফীৰ বাবে পিচিবিৰ প্ৰস্তাৱিত অনুসূচী অনুসৰি, কৰাচীত প্ৰায় তিনিখন মেচ খেলা হ'ব । য'ত অন্তৰ্ভুক্ত আছে উদ্বোধনী আৰু ছেমি ফাইনেল মেচ । লাহোৰত ফাইনেলকে ধৰি কমেও ৭ খন খেল খেলা হ'ব । ৰাৱালপিণ্ডিত কমেও ৫ খন মেচ খেলা হ'ব ।

লগতে পঢ়ক :চেম্পিয়নছ ট্ৰফী : পাকিস্তানত খেলিবলৈ যাবনে ভাৰতীয় দল ? - Champions Trophy 2025

লগতে পঢ়ক:চেম্পিয়নছ ট্ৰফীৰ বাবে পাকিস্তানলৈ যাবনে টিম ইণ্ডিয়া: বিচিচিআইৰ উপ-সভাপতি ৰাজীৱ শুক্লাই কৰিলে স্পষ্ট - Champions Trophy 2025

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.