ETV Bharat / sports

চেম্পিয়নছ ট্ৰফী 2025 ; ভাৰতৰ সকলো মেচ লাহোৰত অনুষ্ঠিত হোৱাৰ সম্ভাৱনা - Champion Trophy 2025 Pakistan - CHAMPION TROPHY 2025 PAKISTAN

Champion Trophy 2025 : অহা বছৰ পাকিস্তানত অনুষ্ঠিত হ'ব চেম্পিয়নছ ট্ৰফী । তাৰ বাবে ভাৰতৰ সকলো মেচ লাহোৰত অনুষ্ঠিত হোৱাৰ সম্ভাৱনা আছে । যদি ভাৰতে পাকিস্তান ভ্ৰমণলৈ যায়, তেন্তে 17 বছৰৰ পিছত এইটো প্ৰথম ভ্ৰমণ হ'ব ।

চেম্পিয়নছ ট্ৰফী 2025
চেম্পিয়নছ ট্ৰফী 2025
author img

By ETV Bharat Assamese Team

Published : May 2, 2024, 4:03 PM IST

স্প’ৰ্টছ ডেস্ক, ২ মে' : ২০২৫ চনত চেম্পিয়নছ ট্ৰফী পাকিস্তানে আয়োজন কৰিব । তাৰ বাবে পাকিস্তান ক্ৰিকেট বোৰ্ডে (পিচিবি) সময়সূচী প্ৰস্তুত কৰি আছে । চেম্পিয়নছ ট্ৰফীৰ বাবে প্ৰস্তুত কৰি থকা সময়সূচী অনুসৰি, সমগ্ৰ প্ৰতিযোগিতাখনৰ বাবে ভাৰতক এখন চহৰতে ৰখাৰ পৰিকল্পনা কৰিব পাৰে । পিচিবিয়ে ইয়াৰ বাবে সম্ভৱপৰ সকলো কৰি আছে ।

পিচিবিৰ লক্ষ্য হৈছে ১৭ বছৰৰ মূৰত প্ৰথমবাৰৰ বাবে ভাৰতীয় ক্ৰিকেট দলটোৰ পাকিস্তান ভ্ৰমণ সম্ভৱ কৰি তোলা । দুসপ্তাহজুৰি অনুষ্ঠিত হ'বলগীয়া প্ৰতিযোগিতাখন আয়োজন কৰাৰ বাবে পিচিবিয়ে কৰাচী, লাহোৰ আৰু ৰাৱালপিণ্ডিক ইয়াৰ স্থান হিচাপে বিবেচনা কৰি আছে । ইএছপি এনক্ৰিকইনফোৰ সূত্ৰ অনুসৰি, ভাৰতৰ সকলো মেচ লাহোৰত অনুষ্ঠিত হ'ব পাৰে । উল্লেখ্য যে, ফাইনেল মেচখনো ইয়াতেই অনুষ্ঠিত হ'ব ।

ভাৰতক এখন চহৰতে ৰখাৰ ব্যৱস্থা কৰিলে নিৰাপত্তাৰ চিন্তা হ্ৰাস কৰিব পাৰে । লাহোৰত থকাৰ ফলত ৱাঘা সীমান্তও ওচৰতে পৰিব, যাৰ ফলত ভাৰতীয় অনুৰাগীসকলৰ বাবে তালৈ যোৱাটো সহজ হ'ব । আনহাতে, পিচিবিৰ অধ্যক্ষ মহচিন নাকভিয়ে চলিত সপ্তাহৰ আৰম্ভণিতে কৈছিল যে তেওঁলোকে এখন খচৰা প্ৰস্তুত কৰিছে আৰু ইয়াক আইচিচিলৈ প্ৰেৰণ কৰিছে । খচৰাখনৰ ওপৰত এতিয়াও আলোচনা হোৱা নাই আৰু আটাইতকৈ গুৰুত্বপূৰ্ণ বিষয়টো হ'ব ভাৰতীয় দলটোৱে পাকিস্তান ভ্ৰমণ কৰিব নে নকৰে ।

উল্লেখ্য যে ভাৰতীয় ক্ৰিকেট দলে ২০০৮ চনৰ এছিয়া কাপৰ পিচত পাকিস্তানত খেলা নাই । সেই বছৰ মুম্বাই আক্ৰমণৰ পিচৰে পৰা দুয়োখন দেশৰ মাজৰ সম্পৰ্কৰ নিৰন্তৰ অৱনতি ঘটি আহিছে । আনহাতে, পাকিস্তানে যোৱা বছৰ এছিয়া কাপ আয়োজন কৰাৰ সময়ত তেওঁলোকে হাইব্ৰিড মডেল গ্ৰহণ কৰিবলৈ বাধ্য হৈছিল । ভাৰতে নিজৰ সকলো মেচ শ্ৰীলংকাত খেলিছিল । ইয়াৰ ভিতৰত পাকিস্তানৰ বিৰুদ্ধে খেলা মোচখনো আছিল ।

আনহাতে, পাকিস্তানেও যোৱা বছৰ ভাৰতত খেলা এদিনীয়া বিশ্বকাপত নিজৰ বাবে এক হাইব্ৰিড মডেল দাবী কৰিছিল । কিন্তু এই বিষয়টোক কেতিয়াও গুৰুত্বসহকাৰে আলোচনা কৰা হোৱা নাছিল । ইয়াৰ বিপৰীতে পাকিস্তানে তেওঁলোকৰ মেচবোৰ পাঁচখন বেলেগ বেলেগ খেলপথাৰত খেলিছিল আৰু গ্ৰুপ পৰ্যায়ৰ পৰা বাহিৰ হৈছিল । ইফালে ভাৰতীয় দলটো চেম্পিয়নছ ট্ৰফীৰ বাবে পাকিস্তানলৈ যাবনে নাযায় সেই সিদ্ধান্ত বিচিচিআইৰ সলনি ভাৰত চৰকাৰৰ হাততহে আছে ।

মঙলবাৰে সন্ধিয়া কৰাচীত সাংবাদিকৰ সৈতে হোৱা বাৰ্তালাপত নাকভিয়ে আশা ব্যক্ত কৰে যে, আঠটা দলৰ আটাইকেইটাই প্ৰতিযোগিতাখনৰ বাবে পাকিস্তান ভ্ৰমণ কৰিব । ১৯৯৬ চনৰ বিশ্বকাপত ভাৰত আৰু শ্ৰীলংকাৰ সৈতে সহ-আয়োজক হোৱাৰ পিচত পাকিস্তানে আয়োজন কৰিবলগা এইটো প্ৰথম আইচিচি অনুষ্ঠান হ'ব । 2008 চনত পাকিস্তানে ইয়াক আয়োজন কৰাৰ কথা আছিল । কিন্তু প্ৰতিযোগিতাখন পিছুৱাই দিয়া হয় । তাৰ পিচত নিৰাপত্তাজনিত কাৰণত ইয়াক দক্ষিণ আফ্ৰিকালৈ স্থানান্তৰ কৰা হয় ।

লগতে পঢ়ক : আই পি এল ২০২৪: ইতিহাসত নাম লিপিবদ্ধ ৰুতুৰাজ গাইকোৱাড়ৰ ; এম এছ ধোনীক অতিক্ৰম - IPL 2024

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.