ETV Bharat / sports

94 বছৰীয়া আইতাৰ কান্ধত এজাক তৰুণৰ গধুৰ দায়িত্ব... কি কয় অভিজিত ভট্টাচাৰ্যই ? - BRAHMAPUTRA VOLLEYBALL LEAGUE

ওপজা মাটিৰ পৰশত উজ্জীৱিত হোৱা ব্ৰহ্মপুত্ৰ ভলীবল লীগ হৈছে এক বহল পৰিসৰত আৰম্ভ হোৱা ভলীবল দল ৷ দলটোৰ সৈতে জড়িত এগৰাকী 94 বছৰীয়া আইতা ৷

BRAHMAPUTRA VOLLEYBALL LEAGUE
ব্ৰহ্মপুত্ৰ ভলীবল লীগ (ETV Bharat Assam)
author img

By ETV Bharat Sports Team

Published : Nov 26, 2024, 5:42 PM IST

স্প’ৰ্টছ ডেস্ক: অসমৰ গ্ৰামাঞ্চলৰ ভলীবল খেলুৱৈসকলক উপযুক্ত মঞ্চ প্ৰদান কৰি আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত উপস্থাপন কৰাৰ প্ৰয়াসেৰে আৰম্ভ কৰা ব্ৰহ্মপুত্ৰ ভলীবল লীগ (বি ভি এল)ৰ 16 জনীয়া মহিলা খেলুৱৈ দলৰ দায়িত্ব লৈছে এগৰাকী 94 বছৰীয়া বৃদ্ধ মহিলাই ।

ক’ভিড মহামাৰীৰ সময়তে অৰ্থাৎ 2020 চনত ভলীবলৰ ৰাষ্ট্ৰীয় খেলুৱৈ তেজপুৰৰ অভিজিত ভট্টাচাৰ্যৰ নেতৃত্বত ৰাজ্যজুৰি আৰম্ভ হৈছে ব্ৰহ্মপুত্ৰ ভলীবল লীগ ৷

BRAHMAPUTRA VOLLEYBALL LEAGUE
ব্ৰহ্মপুত্ৰ ভলীবল লীগৰ খেলুৱৈসকল (ETV Bharat Assam)

তেজপুৰত ব্ৰহ্মপুত্ৰ ভলীবলৰ চুপাৰ লীগ

ক্ৰিকেটৰ ক্ষেত্ৰত আই পি এল, ফুটবলৰ ক্ষেত্ৰত আই এছ এলৰ পিছত এইবাৰ ওপজা মাটিৰ পৰশত উজ্জীৱিত হোৱা ব্ৰহ্মপুত্ৰ ভলীবল লীগ আৰম্ভ হৈছে এক বহল পৰিসৰত । ৰ’ব ভুল নকৰিব, এয়া কোনো বৃহৎ ধনৰ বিনিময়ত গঢ় লৈ উঠা খেলৰ মঞ্চ নহয় ৷ বৰং স্থানীয় লোকৰ মৰম আৰু খেলৰ বিষয়ে থকা উৎসাহৰ দ্বাৰা গঠিত হোৱা যুৱ প্ৰজন্মৰ বাবে এক বিশেষ মঞ্চ ৷

তেজপুৰত অনুষ্ঠিত হ’বলগীয়া এই বি ভি এলৰ চুপাৰ লীগত উপস্থিত থাকিব আন্তঃৰাষ্ট্ৰীয় ভলীবলৰ সভাপতি ফেবিঅ’ অজেভেদ (Fabio Azevedo) । অসমত প্ৰথমবাৰৰ বাবে আন্তঃৰাষ্ট্ৰীয় ভলীবলৰ সভাপতি নিজে উপস্থিত থাকি গাঁৱৰ খেলুৱৈৱে প্ৰদৰ্শন কৰা খেলৰ নিৰীক্ষণ কৰিব ৷ ব্ৰহ্মপুত্ৰ ভলীবল লীগৰ প্ৰতিস্থাপক তথা ভাৰতীয় ভলীবলক নেতৃত্ব প্ৰদান কৰা অভিজিত ভট্টাচার্যই ইটিভি ভাৰতৰ সৈতে হোৱা বাৰ্তালাপত এই বিষয়ে সদৰী কৰে ৷

উল্লেখ্য যে, এই লীগৰ সৈতে জড়িত হৈ পৰিছে মঙলদৈৰ হাজৰিকাপাৰাৰ 94 বছৰীয়া আইতা চম্পাৱতী দেৱী ৷ আইতাগৰাকীয়ে ডিব্ৰুগড়ৰ নক্টে নগা গাঁৱৰ 16 জনীয়া মহিলা ভলীবল দলটোৰ প্ৰাৰম্ভিক খৰচ বহন কৰিছে ।

BRAHMAPUTRA VOLLEYBALL LEAGUE
চম্পাৱতী দেৱী (ETV Bharat Assam)

এই সন্দৰ্ভত অভিজিত ভট্টাচাৰ্যই জনায় যে, "এগৰাকী প্ৰাক্তন স্বাধীনতা সংগ্ৰামীৰ পত্নী আৰু পুত্ৰ তথা নাতি ভলীবলৰ খেলুৱৈ হোৱা হেতুকে ব্ৰহ্মপুত্ৰ ভলীবলৰ লীগৰ এটা দলক আৰ্থিকভাৱে সহায় কৰাৰ দৰে গধুৰ দায়িত্ব বহন কৰিছে চম্পাৱতী দেৱীয়ে । বি ভি এলৰ জৰিয়তে ডিব্ৰুগড়ৰ দলটোৰ বাবে তিনিটা কিস্তিত 9000 টকা পৰিশোধ কৰিছে আইতাগৰাকীয়ে" ৷

ব্ৰহ্মপুত্ৰ ভলীবল লীগ

ব্ৰহ্মপুত্ৰ ভলীবল লীগৰ উদ্দেশ্য হৈছে গাঁও অঞ্চলত পূৰ্বতে সঘনাই অনুষ্ঠিত হোৱা এই খেল খেলিবলৈ প্ৰতিভা সম্পন্ন খেলুৱৈসকলক এখন উপযুক্ত মঞ্চ প্ৰদান কৰা । যুৱ প্ৰজন্মৰ মাজত অতি কম খৰচত খেলা ভলীবলৰ জৰিয়তে ভৱিষ্যত নিশ্চিত কৰা । বৰ্তমান সময়ত অসমৰ 32 খন জিলাৰ সৈতে এই ব্ৰহ্মপুত্ৰ ভলীবল লীগ সংযুক্ত হৈ আছে । এই জিলাসমূহক 8 টা জ'ন (zone) ত বিভক্ত কৰা হৈছে আৰু সমান্তৰালভাৱে প্ৰশিক্ষণ প্ৰদান কৰি থকা হৈছে ৷

BRAHMAPUTRA VOLLEYBALL LEAGUE
ভলীবল দল (ETV Bharat Assam)

ভাৰতীয় ভলীবলক প্ৰতিনিধিত্ব কৰা তেজপুৰ চহৰৰ অভিজিত ভট্টাচাৰ্যই পৰ্তুগালত অনুষ্ঠিত আন্তঃৰাষ্ট্ৰীয় ভলীবল সন্মিলনত ব্ৰহ্মপুত্ৰ ভলীবল লীগৰ বিষয়ে বিশদভাৱে উপস্থাপন কৰাৰ পিছত সম্প্ৰতি চর্চা লৈ আহিছে এই ব্ৰহ্মপুত্ৰ ভলীবলৰ লীগ ৷

আনহাতে, ব্ৰহ্মপুত্ৰ ভলীবল লীগৰ সম্পাদক জয়ন্ত শৰ্মাই কয় যে, "বৰ্তমান তেজপুৰ চহৰৰ গাঁও অঞ্চলত প্ৰায় 50 টা দলক প্ৰশিক্ষণ প্ৰদান কৰি থকা হৈছে ৷ এখন ভলীবলৰ একাডেমী আৰম্ভ হৈছে গাঁও অঞ্চলত উপযুক্ত মানদণ্ডৰ খেলৰ সুবিধা প্ৰদান কৰিবলৈ । সাধাৰণতে ভলীবলৰ বাবে বিশেষ ধনৰ প্ৰয়োজন নহয়, যদিও এটা ভাল ভলীবল আৰু এখন নেটৰ অৱশ্যেই প্ৰয়োজন ৷ এটা ভাল ভলীবল 1200 টকাৰ ভিতৰত পোৱা যায় আৰু এখন নেট সাধাৰণতে দুই বছৰ পর্যন্ত নষ্ট নহয়" ৷

শৰ্মা এগৰাকী ৰাষ্ট্ৰীয় ভলীবল খেলুৱৈ ৷ তেওঁ 2010 বৰ্ষত শেষবাৰৰ বাবে ৰাষ্ট্ৰীয় ভলীবল খেলত অংশগ্ৰহণ কৰিছিল ৷ বৰ্তমান ব্ৰহ্মপুত্ৰ ভলীবল লীগৰ দ্বাৰা স্থানীয় গাঁও অঞ্চলৰ খেলুৱৈসকলক প্ৰশিক্ষণ প্ৰদান কৰি আছে জয়ন্ত শৰ্মাই ।

BRAHMAPUTRA VOLLEYBALL LEAGUE
ব্ৰহ্মপুত্ৰ ভলীবল লীগৰ অন্য এটা দল (ETV Bharat Assam)

বি ভি এলৰ নিয়ম অনুসৰি, এটা দলে আন এটা দলৰ লগত খেলিবলৈ যাব লাগিব ৷ এটা দলে অতি কমেও দুখন খেলত অংশগ্ৰহণ কৰা প্ৰয়োজন । তাৰপিছত জিলা পৰ্যায়ত অংশগ্ৰহণ কৰি নিৰ্বাচিত হৈ চেম্পিয়ন লীগত অংশগ্ৰহণ কৰিব পাৰিব বুলিও শৰ্মাই কয় ।

তদুপৰি নিৰামণি ডেকা নামৰ গৃহিণী তথা প্ৰাক্তন ৰাষ্ট্ৰীয় পৰ্যায়ৰ ভলীবল খেলুৱৈগৰাকীয়ে কয় যে "নতুন প্ৰজন্মৰ ছোৱালীৰ লগতে গাঁও অঞ্চলত এতিয়া এই লীগৰ বাবে প্ৰশিক্ষণ প্ৰদান কৰি খেলসমূহ অনুষ্ঠিত কৰি থকা হৈছে । নতুন প্ৰজন্মৰ মাজত ভলীবলে যথেষ্ট জনপ্ৰিয়তা লাভ কৰিছে ৷

BRAHMAPUTRA VOLLEYBALL LEAGUE
ব্ৰহ্মপুত্ৰ ভলীবল লীগ (ETV Bharat Assam)

দুলাল বৰা নামৰ মাজুলীৰ মুদৈবিল গাঁৱৰ এগৰাকী প্ৰাক্তন ৰাজ্যিক পৰ্যায়ৰ ভলীবলৰ খেলুৱৈয়ে কয় যে, "বহুদিনৰ পৰা মনত পুহি ৰখা এটা সপোন পূৰণ হৈছে ৷ কাৰণ গাঁওৰ যুৱ প্ৰজন্মৰ মাজত অতি কম খৰচতে ভলীবল আৰম্ভ হৈছে, যিয়ে যুৱ প্ৰজন্মৰ শাৰীৰিক বিকাশ সাধন কৰিব । মাজুলীৰ পৰা এই ব্ৰহ্মপুত্ৰ ভলীবল লীগত অংশগ্ৰহণ কৰিবলৈ 5 টাকৈ দল সাজু কৰি তোলা হৈছে । এই দলসমূহক লীগ খেলাৰ বাবে পোছাকো প্ৰদান কৰা হয় ৷

লগতে পঢ়ক: ৰ’নাল্ডোৰ দেশত উচ্চ প্ৰশংসিত অসমৰ ব্রহ্মপুত্র ভলীবল লীগ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.