স্পৰ্টছ ডেস্ক, ১ জুন : ২০২৪ চনৰ পেৰিছ অলিম্পিকৰ বাবে যোগ্যতা অৰ্জন কৰা চতুৰ্থ ভাৰতীয় আৰু প্ৰথম পুৰুষ বক্সাৰ হিচাপে পৰিগণিত হৈছে নিশান্ত দেৱ । শুকুৰবাৰে থাইলেণ্ডৰ বেংককত অনুষ্ঠিত বক্সিং ৱৰ্ল্ড কোৱালিফায়াৰত তেওঁ মলডোভাৰ ৱাচিল চেবোটাৰীক ৫-০ ব্যৱধানত পৰাস্ত কৰি ৭১ কিলোগ্ৰাম শাখাৰ ছেমিফাইনেলত উপনীত হয় । এই জয়েৰে নিশান্ত দেৱে পেৰিছ অলিম্পিকত তেওঁৰ স্থান নিশ্চিত কৰে ।
আনহাতে, আন দুগৰাকী বক্সাৰ শচীন চিৱাচ আৰু অন্তিম পংঘালে অলিম্পিক কোটা সুৰক্ষিত কৰাৰ পৰা মাত্ৰ এটা জয় দূৰৈত আছে । ৫৭ কিলোগ্ৰামৰ কোৱাৰ্টাৰ ফাইনেলত চিৱাচে ফ্ৰান্সৰ চেমুৱেল কিষ্টোহুৰীক ৪-১ ব্যৱধানত পৰাস্ত কৰে । আনহাতে, ২০২২ চনৰ কমনৱেলথ গেমছৰ স্বৰ্ণ পদক বিজয়ী অন্তিম পংঘালে ৫১ কিলোগ্ৰাম ওজন শাখাত দক্ষিণ কোৰিয়াৰ ইনকু কিমক ৫-০ ব্যৱধানত পৰাস্ত কৰি ৰাউণ্ড অব ৮-ত প্ৰৱেশ কৰে আৰু তেওঁৰ যোগ্যতা অৰ্জনৰ আশা সজীৱ কৰি ৰাখে ।
উল্লেখ্য যে, ভাৰতে ইতিমধ্যে পেৰিছ গেমছৰ বাবে তিনিটা কোটা লাভ কৰিছে । ইয়াৰ ভিতৰত আছে নিখাত জাৰিন (মহিলাৰ ৫০ কিলোগ্ৰাম), প্ৰীতি (৫৪ কিলোগ্ৰাম) আৰু টকিঅ' অলিম্পিকৰ ব্ৰঞ্জ পদক বিজয়ী লাভলীনা বৰগোঁহাই (৭৫ কিলোগ্ৰাম) । তেওঁলোকে ২০২২ এছিয়ান গেমছত পদক জয় কৰি নিজৰ স্থান নিশ্চিত কৰে ।
আনহাতে, ২০২১ চনৰ বিশ্ব চেম্পিয়নশ্বিপৰ ৰূপৰ পদক বিজয়ী আমেৰিকাৰ অ'মাৰী জোনছৰ হাতত পৰাস্ত হোৱাৰ পিচত নিশান্ত দেৱে ইটালীত অনুষ্ঠিত প্ৰথম কোৱালিফায়াৰত পেৰিছ অলিম্পিকত স্থান লাভ কৰাৰ পৰা বঞ্চিত হৈছিল । কিন্তু বৰ্তমান এই জয়েৰে পেৰিছ অলিম্পিকৰ বাবে যোগ্যতা অৰ্জন কৰা প্ৰথমজন ভাৰতীয় পুৰুষ বক্সাৰ হিচাপে পৰিগণিত হয় ।
ইফালে সন্ধিয়াৰ প্ৰতিযোগিতাত পংঘালে তিনিওটা ৰাউণ্ডতে কিমক পৰাস্ত কৰিবলৈ নিজৰ সৰ্বশক্তি প্ৰয়োগ কৰে । আনহাতে, শচীনে ছেমি ফাইনেলত উপনীত হোৱাৰ দৃঢ়তা সংকল্প প্ৰদৰ্শন কৰে । অৱশ্যে 57 কিলোগ্ৰাম ওজন শাখাত মাত্ৰ তিনিটা কোটা স্থান উপলব্ধ থকাৰ বাবে তেওঁলোকে পেৰিছত তেওঁলোকৰ স্থান সুদৃঢ় কৰিবলৈ আন এটা ৰাউণ্ড জিকিব লাগিব ।
যাত্ৰা সমাপ্ত অসমৰ অংকুশিতা বড়োৰ
অৱশ্যে ৬০ কিলোগ্ৰামৰ কোৱাৰ্টাৰ ফাইনেলত প্ৰাক্তন বিশ্ব যুৱ চেম্পিয়ন তথা অসমৰ উদিত ক্ৰীড়া প্ৰতিভা অংকুশিতা বড়োৰ যাত্ৰাৰ অন্ত পৰে । তেওঁ ছুইডেনৰ এগ্নেছ এলেক্সিয়াছনৰ হাতত ৩-২ ব্যৱধানত পৰাস্ত হয় । আনহাতে, অৰুন্ধতী চৌধুৰীয়েও একেই পৰিস্থিতিৰ সন্মুখীন হয় । তেওঁ ৬৬ কিলোগ্ৰাম প্ৰাক-কোৱাৰ্টাৰ ফাইনেল যুঁজত শ্লোভাকিয়াৰ জেচিকা ট্ৰাইবলোভাৰ হাতত ১-৪ ব্যৱধানত পৰাস্ত হয় ।
অংকুশিতা বড়োৱে লেহেমীয়া গতিত খেল আৰম্ভ কৰে । যাৰ বাবে চুইডিছ প্ৰতিদ্বন্দ্বীয়ে তেওঁৰ ওপৰত নিয়ন্ত্ৰণ লাভ কৰাৰ সুযোগ লাভ কৰে । কিন্তু অসম জীয়াৰী অংকুশিতাই দ্বিতীয় ৰাউণ্ডত প্ৰত্যাৱৰ্তন কৰে আৰু এই ৰাউণ্ডত ৪-১ৰ অগ্ৰগতি লাভ কৰি ঘাটি হ্ৰাস কৰাৰ দিশত অগ্ৰসৰ হয় । তেওঁ অন্তিম ৰাউণ্ডতো চুইডিছ খেলুৱৈগৰাকীৰ ওপৰত আক্ৰমণ অব্যাহত ৰাখে । কিন্তু এলেক্সিয়াছনে সঠিক সময়ত কেইটামান পাঞ্চ মাৰি পাঁচগৰাকী বিচাৰকৰ ভিতৰত তিনিগৰাকীৰ তেওঁৰ পক্ষত সিদ্ধান্ত দিবলৈ সন্মত কৰায় ।
ইফালে ৯২ কিলোগ্ৰাম প্ৰাক-কোৱাৰ্টাৰ ফাইনেলত আজাৰবাইজানৰ লৰেইন বেৰ্টো আলফনছ'ক পৰাস্ত কৰিবলৈ চলোৱা প্ৰচেষ্টা পৰ্যাপ্ত নোহোৱাৰ বাবে সঞ্জিতেও কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰাত ব্যৰ্থ হয় ।