ETV Bharat / sports

ব’ৰ্ডাৰ-গাভাস্কাৰ ট্ৰফী; 24 নৱেম্বৰত অষ্ট্ৰেলিয়াত উপস্থিত হ’ব ৰোহিত শৰ্মা - BORDER GAVASKAR TROPHY 2024

ভাৰতৰ অধিনায়ক ৰোহিত শৰ্মাই 24 নৱেম্বৰত পাৰ্থত অনুষ্ঠিত ভাৰতীয় শিবিৰত যোগদান কৰাৰ সম্ভাৱনা আছে ।

BORDER GAVASKAR TROPHY 2024
ৰোহিত শৰ্মা (ANI Photo)
author img

By ETV Bharat Sports Team

Published : Nov 21, 2024, 7:52 PM IST

স্প’ৰ্টছ ডেস্ক: অচিৰেই অষ্ট্ৰেলিয়ালৈ উৰা মাৰিবলৈ সাজু হৈছে ভাৰতীয় অধিনায়ক ৰোহিত শৰ্মা । ক্ৰিকবাজে প্ৰকাশ কৰা এক প্ৰতিবেদন অনুসৰি, 24 নৱেম্বৰত পাৰ্থত ভাৰতীয় দলৰ সৈতে যোগদান কৰাৰ সম্ভাৱনা আছে অধিনায়কগৰাকীৰ ৷

দ্বিতীয়টো সন্তানৰ জন্মৰ বাবে ভাৰতীয় অধিনায়কগৰাকীৰ অষ্ট্ৰেলিয়া ভ্ৰমণত কিছু পলম হয় ৷ যাৰ বাবে প্ৰথম টেষ্টত অংশগ্ৰহণৰ পৰা বিৰত থাকিবলগীয়া হৈছে টীম ইণ্ডিয়াৰ অধিনায়কগৰাকী ৷

প্ৰতিবেদনত উল্লেখ কৰা অনুসৰি, 6 ডিচেম্বৰৰ পৰা এডিলেইড অভেলত আৰম্ভ হ’বলগীয়া শৃংখলাৰ দ্বিতীয়খন টেষ্ট মেচৰ বাবে ৰোহিত উপলব্ধ হ’ব । লগতে ভাৰত এ আৰু প্ৰধানমন্ত্ৰী একাদশৰ মাজত অনুষ্ঠিত হ’বলগীয়া প্ৰস্তুতিমূলক খেলখনতো অংশ ল’ব ক্ৰিকেটাৰগৰাকীয়ে । 30 নৱেম্বৰৰ পৰা 1 ডিচেম্বৰৰ ভিতৰত মানুকা অ’ভেলত অনুষ্ঠিত হ’ব এই খেলখন ।

ভাৰতীয় দলটোৱে 9 নৱেম্বৰৰ পৰা 11 নৱেম্বৰৰ ভিতৰত তিনিটাকৈ দলত অষ্ট্ৰেলিয়ালৈ ৰাওনা হয় যদিও দ্বিতীয় সন্তান জন্মৰ বাবে ভাৰতীয় অধিনায়কগৰাকীৰ অষ্ট্ৰেলিয়া ভ্ৰমণত বিলম্ব হয় ৷ প্ৰথমখন টেষ্টত অংশগ্ৰহণ নকৰাৰ সম্ভাৱনাৰ খবৰ প্ৰকাশৰ পিছত এই বিষয়ে চৰ্চা লাভ কৰিছিল ৷

প্ৰতিবেদনত উল্লেখ কৰা হৈছে যে, সোঁহতীয়া বেটছমেনগৰাকীয়ে ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডৰ সংশ্লিষ্ট কৰ্তৃপক্ষক ৰাষ্ট্ৰীয় দলত যোগদান কৰাৰ বিষয়ে অৱগত কৰিছে । ষ্টেণ্ড-ইন অধিনায়ক যশপ্ৰীত বুমৰাহে বৃহস্পতিবাৰৰ দিনটোৰ আৰম্ভণিতে উদ্বোধনী টেষ্টৰ পূৰ্বে সম্বোধন কৰা সংবাদমেলত ৰোহিতৰ সৈতে যোগাযোগত থকাৰ কথাও প্ৰকাশ কৰিছিল ৷

ব’ৰ্ডাৰ-গাভাস্কাৰ ট্ৰফীৰ পাৰ্থ টেষ্ট আৰম্ভ হোৱাৰ প্ৰাকক্ষণত সম্বোধন কৰা সংবাদমেলত বুমৰাহে কয় যে, "মই পূৰ্বে ৰোহিতৰ সৈতে কথা পাতিছিলো । কিন্তু ইয়ালৈ অহাৰ পিছত দলটোক নেতৃত্ব দিয়াৰ ক্ষেত্ৰত স্পষ্টতা পাইছিলো" ৷

লগতে পঢ়ক: ব’ৰ্ডাৰ-গাভাস্কাৰ ট্ৰফীৰ পূৰ্বে বিৰাটৰ অৱসৰ...! সামাজিক মাধ্যমৰ পোষ্ট ভাইৰেল

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.