ETV Bharat / sports

ফিজিত অনুষ্ঠিত কমনৱেলথ ভাৰোত্তোলন চেম্পিয়নশ্বিপত অসম সন্তানৰ স্বৰ্ণপদক - BEDABRAT BHARALI

author img

By ETV Bharat Sports Team

Published : 9 hours ago

Commonwealth Weightlifting Championships: ফিজিত চলি থকা কমনৱেলথ ভাৰোত্তোলন প্ৰতিযোগিতাত অসমৰ খেলুৱৈৰ সাফল্য ৷ ডিব্ৰুগড়ৰ বাসিন্দা তথা অসমৰ খেলুৱৈগৰাকীৰ সাফল্যত শুভেচ্ছা জনাইছে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে ৷ পঢ়ক বিতং খবৰ...

WEIGHTLIFTING CHAMPIONSHIP 2024
বেদব্ৰত ভৰালী (Bedabrat Bharali)

স্প’ৰ্টছ ডেস্ক, 19 ছেপ্টেম্বৰ: ক্ৰীড়াক্ষেত্ৰত চমকপদ সফলতা অৰ্জন অসমৰ খেলুৱৈৰ ৷ সম্প্ৰতি ফিজিত চলি থকা কমনৱেলথ ভাৰোত্তোলন প্ৰতিযোগিতাত সোণৰ পদক অৰ্জন কৰি উজ্বলিল ডিব্ৰুগড়ৰ এগৰাকী খেলুৱৈ ।

অসম সন্তানৰ সাফল্য (Bedabrat Bharali)

প্ৰাপ্ত তথ্য অনুসৰি, এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি 18 ছেপ্টেম্বৰত ডিব্ৰুগড়ৰ মধুপুৰ দেউৰী গাঁৱৰ বেদব্ৰত ভৰালীয়ে অৰ্জন কৰে সোণৰ পদক । দ্বাদশ শ্ৰেণীত অধ্যয়নৰত প্ৰতিভাৱান খেলুৱৈগৰাকীৰ এই সফলতাত উৎফুল্লিত ক্ৰীড়া অনুৰাগীসকল । খেলুৱৈগৰাকীক এই সফলতাৰ বাবে বিভিন্নজনে জনাইছে অভিনন্দন আৰু শুভেচ্ছা ৷ 22 ছেপ্টেম্বৰত ডিব্ৰুগড়ৰ নিজ গৃহত উপস্থিত হ'ব বেদব্ৰত ভৰালী ।

বেদব্ৰত ভৰালীৰ পৰিচয়:

ডিব্ৰুগড় জিলাৰ খোৱাং বিধানসভা সমষ্টিৰ অন্তৰ্গত মধুপুৰ দেউৰী গাঁৱৰ অৰুণ ভৰালীৰ দ্বিতীয় পুত্ৰ বেদব্ৰত ভৰালী । 2007 চনত জন্মগ্ৰহণ কৰা প্ৰতিভাৱান খেলুৱৈগৰাকী সম্প্ৰতি দ্বাদশ শ্ৰেণীত অধ্যয়নৰত । অধ্যয়নৰ মাজতে এগৰাকী প্ৰতিভাৱান ভাৰোত্তোলক হিচাপে নিজকে প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হৈছে বেদব্ৰত ভৰালী নামৰ কিশোৰজন ।

WEIGHTLIFTING CHAMPIONSHIP 2024
বেদব্ৰত ভৰালী (Bedabrat Bharali)

ক্ৰীড়াৰ ক্ষেত্ৰত সফলতা:

অধ্যয়নৰ সমান্তৰালভাৱে খেলৰ প্ৰতি সৰুৰে পৰা আগ্ৰহী আছিল বেদব্ৰত ভৰালী ৷ 2017 চনৰ পৰা ভাৰোত্তোলন খেলা আৰম্ভ কৰা কিশোৰজনে পৰৱৰ্তী সময়ত গ্ৰহণ কৰিছিল প্ৰশিক্ষণ । বৰ্তমানলৈকে 3 টা পদক লাভ কৰি দেশলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে বেদব্ৰতে ৷ পদকসমূহ হৈছে ক্ৰমে-

  • আলবেনিয়াত অনুষ্ঠিত 2023 য়ুথ ৱৰ্ল্ড চেম্পিয়নশ্বিপত ব্ৰঞ্জৰ পদক
  • নয়দাত অনুষ্ঠিত 2023 য়ুথ এছিয়ান এণ্ড কমনৱেলথত সোণৰ পদক
  • পেৰুত অনুষ্ঠিত 2024 য়ুথ ৱৰ্ল্ড চেম্পিয়নশ্বিপত সোণৰ পদক

পঞ্জাৱৰ এন এছ এন আই এছ পাটিয়ালাত ভাৰোত্তোলনৰ প্ৰশিক্ষণ গ্ৰহণ কৰি থকা বেদব্ৰত ভৰালীক এই সফলতাৰ বাবে ৰাজ্যৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে জনাই শুভেচ্ছা ৷

লগতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কাৰ্যালয়েও সামাজিক মাধ্যমৰ জৰিয়তে জ্ঞাপন কৰিছে শুভেচ্ছা ।

লগতে পঢ়ক: মেচৰ মাজতে ঋষভ পন্ত আৰু লিটন দাসৰ বাকযুদ্ধ, ভিডিঅ’ ভাইৰেল - IND VS BAN 1ST TEST

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.