ETV Bharat / sports

সাগৰৰ বুকুত বিজয় নিচান সৰুপথাৰৰ নিশামণি বৰাৰ: জিনিলে স্বৰ্ণ - KITE BOARDING CHAMPIONSHIP 2024

author img

By ETV Bharat Sports Team

Published : Aug 29, 2024, 12:47 PM IST

Nikhamoni Bora: বহিৰাজ্যত অনুষ্ঠিত দুঃসাহসিক ক্ৰীড়াত অসম কন্যাৰ সাফল্য ৷ সৰুপথাৰৰ নিশামণি বৰাই কঢ়িয়াই আনিছে এই সাফল্য ৷ লাভলীনা বৰগোহাঁই, নয়নমণি শইকীয়াৰ পিছত সৰুপথাৰৰ এইগৰাকী যুৱ খেলুৱৈয়ে অসমক প্ৰতিনিধিত্ব কৰি সাফল্য কঢ়িয়াই অনাত উৎফুল্লিত হৈ পৰিছে সৰুপথাৰবাসী ৷

KITE BOARDING CHAMPIONSHIP 2024
দুঃসাহসিক ক্ৰীড়াত অসম কন্যাৰ সাফল্য (ETV Bharat Assam)

সৰুপথাৰ, 29 আগষ্ট: তামিলনাডু কাইট ব’ৰ্ডিং চেম্পিয়নশ্বিপ 2024 ত অসম কন্যাৰ সাফল্য ৷ এই সাফল্য কঢ়িয়াই আনিছে গোলাঘাট জিলাৰ সৰুপথাৰৰ নিশামণি বৰাই ৷ লাভলীনা বৰগোহাঁই, নয়নমণি শইকীয়াৰ পিছত নিশামণি বৰাৰ এই কৃতিত্বত স্বাভাৱিকতে উৎফুল্লিত হৈ পৰিছে সৰুপথাৰবাসী ৷

নিশামণি বৰাই জয় কৰিলে সোণৰ পদক (ETV Bharat Assam)

তামিলনাডুত 25 আগষ্টৰ পৰা চাৰিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হৈছিল কাইট ব’ৰ্ডিং চেম্পিয়নশ্বিপ 2024 ৷ এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছিল সৰুপথাৰৰ নিশামণি বৰাই ৷ সাগৰৰ বুকুত দুঃসাহসিক ক্ৰীড়াত অংশগ্ৰহণ কৰা যুৱ খেলুৱৈগৰাকীয়ে অৱশেষত বিজয় নিচান উৰুৱাবলৈ সক্ষম হৈ জয় কৰে স্বৰ্ণপদক ৷ ইয়াৰ লগে লগে কাইট ব’ৰ্ডি শাখাত অসমৰ পৰা প্ৰতিনিধিত্ব কৰা প্ৰথমগৰাকী চেইলৰত পৰিণত হয় নিশামণি ৷

উল্লেখ্য যে, বিগত সময়চোৱাত ছেইলিঙৰ দৰে দুঃসাহসিক ক্ৰীড়াত অংশগ্ৰহণ কৰা অসমৰ প্ৰথমগৰাকী মহিলা খেলুৱৈ নিশামণিয়ে INWTC ৰ উদ্যোগত গোৱাত অনুষ্ঠিত ইণ্ডিয়ান নেভী অ’পেন উইণ্ড চাৰ্ফিং চেম্পিয়নশ্বীপতো অংশগ্ৰহণ কৰিছিল ৷ খেলুৱৈগৰাকীয়ে উক্ত প্ৰতিযোগিতাতো লাভ কৰিছিল সোণৰ পদক ৷

ইয়াৰ উপৰিও নিশামণিয়ে বেপুৰ ইণ্টাৰনেশ্যনেল ৱাটাৰ ফেষ্টিভেলত অংশগ্ৰহণ কৰি প্ৰশংসা বুটলিবলৈ সক্ষম হৈছিল । 2023 বৰ্ষৰ পৰা ক্ৰীড়াৰ পাতনি মেলা নিশামণিয়ে বৰ্তমান সময়ত তামিলনাডুত Kite surfing ৰ কঠোৰ প্ৰশিক্ষণ গ্ৰহণ কৰি আছে ।

আগন্তুক সময়ত এছিয়ান গেমছ আৰু অলিম্পিকত ভাৰতবৰ্ষক প্ৰতিনিধিত্ব কৰি সকলোকে অনুপ্ৰাণিত কৰাৰ মন এইগৰাকী খেলুৱৈৰ ৷ সমান্তৰালকৈ ৱাটাৰ স্প’ৰ্টছকো সকলোৰে আগত পৰিচয় কৰি দিয়াৰ এক উদ্দেশ্যে পুহি ৰাখিছে নিশামণিয়ে ৷ নিশামণি বৰাৰ মহাসাগৰৰ বুকুত প্ৰশিক্ষণ গ্ৰহণ কৰি থকাৰ বাতৰি ইতিমধ্যে ইটিভি ভাৰতত সম্প্ৰচাৰিত হৈছিল ।

লগতে পঢ়ক: সাগৰৰ বুকুত বিজয় নিচান উৰুৱাবলৈ সাজু সৰুপথাৰৰ নিশামণি - Nikhamoni Bora

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.