ETV Bharat / sports

সাগৰৰ বুকুত বিজয় নিচান উৰুৱাবলৈ সাজু সৰুপথাৰৰ নিশামণি - Nikhamoni Bora

author img

By ETV Bharat Assamese Team

Published : Aug 24, 2024, 7:41 PM IST

Adventure sports : তামিলনাডু কাইট ব'ৰ্ডিং চেম্পিয়নশ্বিপ ২০২৪ ত অংশগ্ৰহণ কৰিব সৰুপথাৰৰ আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ চেইলাৰ নিশামণি বৰাই । গোলাঘাট জিলাৰ সৰুপথাৰ সমষ্টিৰ পৰাই লাভলীনা বৰগোঁহাই, নয়নমণি শইকীয়াৰ দৰে বিশ্ব জয় কৰা খেলুৱৈৰ পিচতেই নিশামণি বৰাৰ সাফল্যই গৌৰৱান্বিত কৰিছে অসমবাসীক ।Assam girl nikhamoni bora busy training in kite surfing sports at tamil nadu

Nikhamoni Bora all set to take part in Kite Boarding Championship 2024
কাইট ব'ৰ্ডিং চেম্পিয়নশ্বিপ ২০২৪ ত অংশগ্ৰহণ কৰিবলৈ সাজু নিশামণি (ETV Bharat Assam)

সৰুপথাৰ, ২৪ আগষ্ট : তামিলনাডুত ২৫ তাৰিখৰ পৰা ২৮ তাৰিখলৈকে অনুষ্ঠিত হ'ব কাইট ব'ৰ্ডিং চেম্পিয়নশ্বিপ ২০২৪ । উক্ত প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব সৰুপথাৰৰ আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ চেইলাৰ নিশামণি বৰাই । খেলৰ পূৰ্বেই বিচাৰিলে অসমবাসীৰ আশীৰ্বাদ । ৩০ জুলাই তাৰিখে নিশামণি বৰাৰ মহাসাগৰৰ বুকুত প্ৰশিক্ষণ গ্ৰহণৰ বাতৰি ইটিভি ভাৰত অসমত সম্প্ৰচাৰ হৈছিল - কিদৰে কাইট ব'ৰ্ডিং খেলৰ কঠোৰ প্ৰশিক্ষণত ব্যস্ত হৈছিল সৰুপথাৰৰ নিশামণি ?

অসমৰ প্ৰথমগৰাকী কাইট ব'ৰ্ডিং মহিলা খেলুৱৈ হোৱাৰ লক্ষ্যৰে কঠোৰ প্ৰশিক্ষণত নামি পৰিছিল সৰুপথাৰ নগাজুৰি দ'চুক গাঁৱৰ নিশামনি বৰা । বিগত সময়ছোৱাত চেইলিঙৰ দৰে দুঃসাহসিক ৰাষ্ট্ৰীয় ক্ৰীড়াত অংশগ্ৰহণ কৰি অসমৰ প্ৰথমগৰাকী মহিলা খেলুৱৈ নিশামনিয়ে INWTC ৰ উদ্যোগত গোৱাত অনুষ্ঠিত ইণ্ডিয়ান নেভি অপেন উইণ্ড চাৰ্ফিং চেম্পিয়নশ্বিপত অংশগ্ৰহণ কৰি সোণৰ পদকেৰে বৃহৎ সফলতা লাভ কৰিছিল । ইয়াৰ উপৰি নিশামনিয়ে বেপুৰ ইণ্টাৰনেচনেল ৱাটাৰ ফেষ্টিভেলত অংশগ্ৰহণ কৰি গৌৰৱ বুটলিবলৈ সক্ষম হৈছিল ।

২০২৩ বৰ্ষৰ পৰা ক্ৰীড়াৰ পাতনি মেলা নিশামনিয়ে বৰ্তমান সময়ত তামিলনাডুত Kite surfingৰ কঠোৰ প্ৰশিক্ষণ চলাই আছে । কালিলৈ অৰ্থাৎ ২৫ আগষ্টৰ পৰা তামিলনাডুত অনুষ্ঠিত হ'বলগীয়া নিৰ্বাচনী পক্ৰিয়াত ভাগ ল'বৰ বাবে সাগৰৰ মাজত দৈনিক Kite Boarding ৰ কঠোৰ প্ৰশিক্ষণ গ্ৰহণ কৰিছিল নিশামণিয়ে ।

শনিবাৰে এক ভিডিঅ'যোগে অসমবাসীৰ আশীৰ্বাদ বিচাৰিল নিশামণিয়ে । নিশামনিৰ সপোন অনাগত সময়ত এচিয়ান গেমচ আৰু অলিম্পিকত ভাৰতবৰ্ষক প্ৰতিনিধিত্ব কৰি সকলোকে অনুপ্ৰাণিত কৰাৰ লগতে অসমৰ ৱাটাৰ স্পৰ্টছক আগবঢ়াই নিয়াৰ । অসমত এই ক্ৰীড়াৰ কোনোধৰণৰ সা-সুবিধা নথকাকৈয়ে সৰুপথাৰৰ নগাজুৰি দ'চুক গাঁৱৰ পৰা গৈ সাগৰৰ বুকুত দপদপাই অসমৰ স্বাভিমান গামোচা উৰুৱাই থকাতো সমগ্ৰ অসমবাসীৰ বাবে এক গৌৰৱৰ বিষয় ।

লগতে পঢ়ক: কাইট ছাৰ্ফিং খেলৰ কঠোৰ প্ৰশিক্ষণত ব্যস্ত সৰুপথাৰৰ নিশামণি - Nikhamoni Bora

ৰাষ্ট্ৰীয় পৰ্যায়ত পুনৰ উজলিল স্বৰ্ণ পদক বিজয়ী নিশামণি বৰা - All india windsurfing Championship

জলকুঁৱৰী নিশামণিক সম্বৰ্ধনা জনালে দল-সংগঠনসহ, আত্ম-সহায়ক গোটে - Windsurfing Championship In Goa

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.