ETV Bharat / sports

38 সংখ্যক ৰাষ্ট্ৰীয় চাব জুনিয়ৰ টাইকোৱাণ্ডো প্ৰতিযোগিতাত অসমৰ 6 টাকৈ পদক অৰ্জন - SUB JUNIOR TAEKWONDO COMPETITION

Taekwondo competition in Haryana: তিনিটা স্বৰ্ণ, দুটা ৰূপ আৰু এটা ব্ৰঞ্জৰ পদক লাভ অসমৰ খেলুৱৈৰ ৷ হাৰিয়ানাত অনুষ্ঠিত ৰাষ্ট্ৰীয় পৰ্যায়ৰ প্ৰতিযোগিতাত অসমৰ খেলুৱৈৰ সাফল্য ৷

SUB JUNIOR TAEKWONDO COMPETITION
হাৰিয়ানাত অনুষ্ঠিত হৈছিল এই প্ৰতিযোগিতা (ETV Bharat Assam)
author img

By ETV Bharat Sports Team

Published : Dec 5, 2024, 3:07 PM IST

স্প’ৰ্টছ ডেস্ক: ক্ৰীড়াক্ষেত্ৰত চমকপদ সফলতা অৰ্জন কৰি অসমৰ খেলুৱৈয়ে বিশ্বত দেশৰ নাম উজলাবলৈ সক্ষম হৈছে । বিগত কেইবাবছৰৰ পৰা এই ধাৰাবাহিকতা ৰক্ষা কৰিছে অসমৰ বিভিন্ন প্ৰান্তৰৰ প্ৰতিভাৱান খেলুৱৈসকলে ।

যাৰ বাবে অসমত গঢ়ি উঠিছে ক্ৰীড়াৰ এক সুন্দৰ পৰিবেশ । এই পৰিৱেশ গঢ়াত ডিব্ৰুগড় জিলাৰ খেলুৱৈসকলোৰে আছে বহুখিনি অৱদান । জিলাখনৰ খেলুৱৈসকলে ৰাষ্ট্ৰীয় পৰ্যায়ৰ ক্ৰীড়াক্ষেত্ৰত নিজৰ নাম উজলাবলৈ সক্ষম হোৱাত ডিব্ৰুগড়ত অনুষ্ঠিত হৈছে এখনৰ পাছত আন এখন ৰাষ্ট্ৰীয় পৰ্যায়ৰ প্ৰতিযোগিতা ৷

ৰাষ্ট্ৰীয় চাব জুনিয়ৰ টাইকোৱাণ্ডো প্ৰতিযোগিতাত অসমৰ সাফল্য (ETV Bharat Assam)

তেনে এক পৰিৱেশৰ মাজতে অসমলৈ সুখবৰ আহিছে 38 সংখ্যক ৰাষ্ট্ৰীয় চাব জুনিয়ৰ টাইকোৱাণ্ডো প্ৰতিযোগিতাৰ পৰা ৷ এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি অসম দলে সাফল্য লাভ কৰিবলৈ সক্ষম হৈছে ৷ 29 নৱেম্বৰৰ পৰা হাৰিয়ানাৰ পঞ্চকুলাত অনুষ্ঠিত 38 সংখ্যক ৰাষ্ট্ৰীয় চাব জুনিয়ৰ টাইকোৱাণ্ডো প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি অসম দলৰ হৈ তিনিটা স্বৰ্ণপদক, দুটা ৰূপৰ পদক আৰু এটা ব্ৰঞ্জৰ পদকৰে গৌৰৱ কঢ়িয়াই আনিছে মৰাণৰ ছয়গৰাকী খেলুৱৈয়ে ৷

SUB JUNIOR TAEKWONDO COMPETITION
অসমৰ দলটো (ETV Bharat Assam)

মৰাণ জিলা টাইকোৱাণ্ডো সন্থাৰ অধীনষ্ঠ ইনচেন টাইকোৱাণ্ডো একাডেমীৰ শিক্ষাৰ্থীসকল ক্ৰমে- ছায়ামণি গগৈ, চোৱেইব আশ্ৰাফ হুছেইন আৰু ইনচুমা তামাঙে প্ৰতিযোগিতাখনত সোণৰ পদক লাভ কৰে ৷ আনহাতে, সমীৰণ গগৈ আৰু ত্ৰিধন্যা বৰাই ৰূপৰ পদক লাভ কৰাৰ বিপৰীতে হিমাংগী তামাঙে ব্ৰঞ্জৰ পদক লাভ কৰে ৷

SUB JUNIOR TAEKWONDO COMPETITION
খেলুৱৈসকলে লাভ কৰা পদক (ETV Bharat Assam)

প্ৰতিযোগিতাখনত সামগ্ৰিকভাৱে অসম দলে শ্ৰেষ্ঠ দলৰো সন্মান লাভ কৰে ৷ বৃহস্পতিবাৰে প্ৰতিযোগীসকল মৰাণহাট ৰে’ল ষ্টেচনত উপস্থিত হোৱাৰ পাছতে স্থানীয় দল-সংগঠনৰ লগতে অভিভাৱক আৰু ক্ৰীড়ানুৰাগীসকলে উষ্ম আদৰণি জনায় ৷

SUB JUNIOR TAEKWONDO COMPETITION
প্ৰতিদ্বন্দ্বীৰ সৈতে যুঁজ (ETV Bharat Assam)

এই সফলতা সন্দৰ্ভত প্ৰশিক্ষকে কি কয় ?

ইনচেন টাইকোৱাণ্ডো একাডেমীৰ শিক্ষাৰ্থীসকলে পদক লাভ কৰি ৰাজ্যখনলৈ গৌৰৱ কঢ়িয়াই অনাৰ পাছতে প্ৰশিক্ষকগৰাকীয়ে সংবাদ মাধ্যমত প্ৰকাশ কৰে প্ৰতিক্ৰিয়া ৷

SUB JUNIOR TAEKWONDO COMPETITION
প্ৰতিযোগিতাৰ এটা মুহূৰ্ত (ETV Bharat Assam)

প্ৰশিক্ষকগৰাকীয়ে এনেদৰে কয়, "এই সফলতাৰ বাবে মই অতি সুখী । ইনচেন টাইকোৱাণ্ডো একাডেমী আৰম্ভ কৰা 7 বছৰ হৈছে যদিও প্ৰতিবছৰে অসম দলৰ হৈ খেলুৱৈসকলক ৰাষ্ট্ৰীয় পৰ্যায়ৰ প্ৰতিযোগিতালৈ পঠিয়াবলৈ সক্ষম হৈছো । খেলুৱৈসকলে পাৰদৰ্শিতা প্ৰদৰ্শন কৰি মেডেল লাভ কৰিবলৈ সক্ষম হৈছে । কিন্তু এইবাৰ ইনচেন টাইকোৱাণ্ডো একাডেমীৰ পৰা 6 জন খেলুৱৈয়ে অসম দলৰ হৈ খেলিবলৈ গৈছিল আৰু আটাইকেইজনেই পদক অৰ্জন কৰিবলৈ সক্ষম হৈছে" ৷

লগতে পঢ়ক: মহিলাই গ্ৰহণ কৰিব নোৱাৰে চিকিৎসা বিজ্ঞানৰ শিক্ষা; তালিবানৰ বিৰোধিতা আফগান ক্ৰিকেটাৰৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.