ETV Bharat / sports

39 বছৰৰ পিছত অনিল কুম্বলেৰ অভিলেখ অতিক্ৰমৰে ৰঞ্জীত ইতিহাস অঞ্চুল কম্বোজৰ - RANJI TROPHY 2024

Anshul Kamboj: ফাষ্ট বলাৰ অঞ্চুল কম্বোজে কেৰালাৰ বিৰুদ্ধে এটা ইনিংছত দখল কৰিছে 10 টা উইকেট ৷ ৰঞ্জী ট্ৰফীৰ ইতিহাসত ক্ৰিকেটাৰগৰাকীৰ বিশেষ কৃতিত্ব অৰ্জন ৷

RANJI TROPHY 2024
ৰঞ্জীত ইতিহাস অঞ্চুল কম্বোজৰ (IANS photo)
author img

By ETV Bharat Sports Team

Published : Nov 15, 2024, 3:44 PM IST

স্প’ৰ্টছ ডেস্ক: হাৰিয়ানাৰ তাৰকা পেচাৰ অংশুল কম্বোজৰ অভিলেখ ৷ চলিত ৰঞ্জী ট্ৰফীৰ ছিজনত কেৰালাৰ বিৰুদ্ধে এটা ইনিংছত 10 টাকৈ উইকেট দখল কৰি এক অনন্য কৃতিত্ব অৰ্জন কৰে খেলুৱৈগৰাকীয়ে ।

শুকুৰবাৰে লাহলীৰ চৌধুৰী বংশীলাল ক্ৰিকেট ষ্টেডিয়ামত কেৰালা আৰু হাৰিয়ানাৰ মাজৰ খেলখনত বলাৰজনে অৰ্জন কৰে এই কৃতিত্ব ।

10 উইকেট দখলৰে অংশুল কম্বোজৰ অভিলেখ

হাৰিয়ানাৰ অংশুল কম্বোজ ৰঞ্জী ট্ৰফীৰ ইতিহাসৰ তৃতীয়গৰাকী বলাৰ, যিয়ে এটা ইনিংছত 10 টাকৈ উইকেট দখল কৰে । 23 বছৰীয়া বলাৰগৰাকীয়ে 10/49 ৰাণৰ আকৰ্ষণীয় স্পেলৰ সহায়ত কেৰালাৰ বেটিং মেৰুদণ্ড ভাঙি পেলাই আৰু কেৰালাক প্ৰথম ইনিংছত 291 ৰাণত সীমাবদ্ধ কৰি ৰাখে ৷

উল্লেখ্য যে, প্ৰেমঞ্চু চেটাৰ্জী আছিল ৰঞ্জী ট্ৰফীৰ ইতিহাসত এই কৃতিত্ব অৰ্জন কৰা প্ৰথমগৰাকী বলাৰ ৷ তেওঁ 1956-57 বৰ্ষত বংগৰ হৈ এই অভিলেখ গঢ়িছিল । 1985-86 ছিজনত বিদৰ্ভৰ বিৰুদ্ধে অনুষ্ঠিত খেলখনত ৰাজস্থানৰ হৈ প্ৰদীপ সুন্দৰমে এটা ইনিংছত 10 টা উইকেট দখল কৰিছিল ।

RANJI TROPHY 2024
অঞ্চুল কম্বোজ (IANS Photo)

সামগ্ৰিকভাৱে কম্বোজ হৈছে প্ৰথম শ্ৰেণীৰ ক্ৰিকেটত 10 টা উইকেট দখল কৰা ষষ্ঠগৰাকী ভাৰতীয় বলাৰ । এই তালিকাত অভিজ্ঞ লেগস্পিনাৰ অনিল কুম্বলে, সুভাষ গুপটে আৰু দেৱাশীষ মহান্তি অন্তৰ্ভুক্ত আছে ।

অংশুল কম্বোজ কোন ?

অংশুল কম্বোজে ওমানত সদ্যসমাপ্ত এ চি চি উদীয়মান এছিয়া কাপ টুৰ্ণামেণ্টত ইণ্ডিয়া এ দলক প্ৰতিনিধিত্ব কৰিছিল । ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ (আই পি এল) 2024 ত মুম্বাই ইণ্ডিয়ানছে কম্বোজক বাছনি কৰিছিল ।

তেওঁ 2023/24 চনত বিজয় হাজাৰে ট্ৰফীতো অংশ লৈ হাৰিয়ানাৰ জয়ত পালন কৰিছিল গুৰুত্বপূৰ্ণ ভূমিকা ৷ লগতে 10 খন মেচত দখল কৰিছিল 17 টা উইকেট । কম্বোজৰ নামত 47 টা প্ৰথম শ্ৰেণীৰ উইকেট, 23 টা লিষ্ট-এ উইকেট আৰু 17 টা টি-20 উইকেট আছে ।

এটা ইনিংছত 10 টা উইকেট দখল কৰা ভাৰতীয় বলাৰসকল

  • 10/20 - প্ৰেমঞ্চু চেটাৰ্জী - বংগ বনাম অসম (1956-57)
  • 10/46 - দেৱাশীষ মহান্তি - পূৱ অঞ্চল বনাম দক্ষিণ অঞ্চল (2000-01)
  • 10/49 - অংশুল কম্বোজ - হাৰিয়ানা বনাম কেৰালা (2024-25)
  • 10/74 - অনিল কুম্বলে - ভাৰত বনাম পাকিস্তান (1999)
  • 10/78 - প্ৰদীপ সুন্দৰম - ৰাজস্থান বনাম বিদৰ্ভ (1985-86)
  • 10/78 - সুভাষ গুপ্তে - মুম্বাই বনাম পাকিস্তান সংযুক্ত সেৱা আৰু বাহাৱালপুৰ একাদশ (1954-55)

লগতে পঢ়ক:

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.