ETV Bharat / sports

ৰোহিত শৰ্মাৰ পিছত কোন হ’ব ভাৰতীয় ক্ৰিকেট দলৰ পৰৱৰ্তী ছুপাৰষ্টাৰ: কোনে পালে সৰ্বাধিক সমৰ্থন - NEXT SUPERSTAR IN TEAM INDIA

author img

By ETV Bharat Sports Team

Published : Sep 16, 2024, 7:09 PM IST

Rohit Sharma and Virat Kohli: ভাৰতীয় ক্ৰিকেট দলৰ প্ৰায়সংখ্যকে হৈছে নতুন প্ৰজন্মৰ খেলুৱৈ ৷ এনে পৰিস্থিতিত টীম ইণ্ডিয়াৰ পৰৱৰ্তী ছুপাৰষ্টাৰ কোন হ’ব, সেই সম্পৰ্কে তীব্ৰতৰ হৈ পৰিছে চৰ্চা । ৰোহিত আৰু বিৰাটৰ পিছত টীম ইণ্ডিয়াৰ পৰৱৰ্তী ছুপাৰষ্টাৰ হ'ব কোনজন খেলুৱৈ, জানিবলৈ পঢ়ক সম্পূৰ্ণ খবৰ...

NEXT SUPERSTAR IN TEAM INDIA
ৰোহিত শৰ্মা আৰু বিৰাট কোহলী (ANI PHOTO)

স্প’ৰ্টছ ডেস্ক, 16 ছেপ্টেম্বৰ: বৰ্তমান বিৰাট কোহলী আৰু ৰোহিত শৰ্মাৰ কান্ধত আছে ভাৰতীয় ক্ৰিকেট দলৰ ভাৰ । এই দুয়োজন ক্ৰিকেটাৰক বৰ্তমান শতিকাৰ ক্ৰিকেটৰ ছুপাৰষ্টাৰ বুলি গণ্য কৰা হয় । দুয়োগৰাকীয়ে শেহতীয়াকৈ টি-20 ক্ৰিকেটৰ পৰা অৱসৰ গ্ৰহণ কৰিছে, অনাগত কেইবছৰমানৰ ভিতৰতে দুয়োজনে অৱসৰ ল’ব এদিনীয়া আৰু টেষ্ট ক্ৰিকেটৰ পৰা ।

ভাৰতীয় ক্ৰিকেট দলত এই দুজন খেলুৱৈৰ স্থান কোনে ল’ব, তাক লৈও চলিছে জল্পনা-কল্পনা ৷ পৰৱৰ্তী সময়ত কোন হ’ব টীম ইণ্ডিয়াৰ ছুপাৰষ্টাৰ ৷

NEXT SUPERSTAR IN TEAM INDIA
ৰোহিত শৰ্মা আৰু বিৰাট কোহলী (ANI PHOTO)

কোন হ’ব টীম ইণ্ডিয়াৰ পৰৱৰ্তী ছুপাৰষ্টাৰ

শেহতীয়াকৈ অষ্ট্ৰেলিয়া ক্ৰিকেট দলৰ খেলুৱৈসকলক ভাৰতৰ নতুন প্ৰজন্মৰ ছুপাৰষ্টাৰ খেলুৱৈগৰাকীৰ বিষয়ে সোধা হৈছিল । এই সন্দৰ্ভত অষ্ট্ৰেলিয়াৰ সকলো ক্ৰিকেটাৰে বেলেগ বেলেগ উত্তৰ দিয়ে । আটাইকেইজনেই ভাৰতৰ নতুন প্ৰজন্মৰ ছুপাৰষ্টাৰ খেলুৱৈ হিচাপে যশস্বী জয়ছোৱাল আৰু শুভমন গিলক বাছি লৈছিল ।

NEXT SUPERSTAR IN TEAM INDIA
শুভমন গিল (IANS PHOTO)

অৱশ্যে অষ্ট্ৰেলিয়ান ক্ৰিকেটাৰসকলৰ অধিকাংশৰ প্ৰথম পছন্দ আছিল বাওঁহতীয়া বেটছমেন যশস্বী জয়ছোৱাল ৷ এই অষ্ট্ৰেলিয়ান খেলুৱৈসকলৰ ভিতৰত মিচেল ষ্টাৰ্ক, ষ্টিভ স্মিথ, জ’ছ হেজলউডৰ দৰে অভিজ্ঞ আৰু তাৰকা খেলুৱৈসকলো উপস্থিত আছিল ।

ৰোহিত-বিৰাটৰ ঠাইত যশস্বী আৰু গিল

ভাৰতীয় অনুৰাগীয়ে এসময়ত ভাবিছিল যে, যদি কপিলদেৱ আৰু সুনীল গাভাস্কাৰৰ দৰে খেলুৱৈয়ে টীম ইণ্ডিয়াৰ পৰা অৱসৰ গ্ৰহণ কৰে, তেন্তে কোনে ল’ব তেওঁলোকৰ স্থান । অৱশ্যে সেই সময়ত দলৰ উত্তৰসূৰী হিচাপে ভাৰতে শচীন তেণ্ডুলকাৰ, ৰাহুল দ্ৰাবিড় আৰু সৌৰভ গাংগুলীৰ দৰে খেলুৱৈ লাভ কৰে ।

শচীন আৰু ৰাহুলৰ দৰে খেলুৱৈৰ অৱসৰৰ পিছত অনুৰাগীয়ে ভাবিছিল, তেওঁলোকৰ ঠাই কোনে ল’ব ৷ এনে পৰিস্থিতিত দলত অন্তৰ্ভুক্ত হৈছিল ৰোহিত শৰ্মা আৰু বিৰাট কোহলীৰ দৰে তাৰকা ক্ৰিকেটাৰসকল, যিয়ে এই মহান খেলুৱৈসকলৰ শূন্যতা পূৰণ কৰিছিল ।

এতিয়া যশস্বী জয়ছোৱাল আৰু শুভমন গিলৰ দৰে খেলুৱৈসকলে দলত বিৰাট কোহলী আৰু ৰোহিত শৰ্মাৰ স্থান ল’ব । তেওঁলোকে টীম ইণ্ডিয়াৰ ভৱিষ্যত গঢ় দিব আৰু আগন্তুক প্ৰজন্মৰ তাৰকা খেলুৱৈ হিচাপে আত্মপ্ৰকাশ কৰিব । অষ্ট্ৰেলিয়াৰ ক্ৰিকেটাৰসকলেও এই খেলুৱৈ দুজনক টীম ইণ্ডিয়াৰ সুকীয়া ছুপাৰষ্টাৰ হিচাপে গণ্য কৰে ।

যশস্বী আৰু গিলৰ কেৰিয়াৰ

  • ভাৰতৰ হৈ যশস্বীয়ে বৰ্তমানলৈকে 3 টা শতক আৰু 4 টা অৰ্ধশতকৰ সৈতে 9 খন টেষ্টত সংগ্ৰহ কৰিছে 1,028 ৰাণ ৷ খেলুৱৈগৰাকীৰ নামত আছে এটা দ্বৈত শতক । জয়ছোৱালে ভাৰতৰ হৈ 23 খন টি-20 মেচত এটা শতক আৰু 5 টা অৰ্ধশতকৰ সহায়ত 723 ৰাণ সংগ্ৰহ কৰিছে । অৱশ্যে খেলুৱৈগৰাকীয়ে বৰ্তমানলৈকে অংশগ্ৰহণ কৰা নাই এদিনীয়া মেচত ৷
  • টীম ইণ্ডিয়াৰ হৈ 25 খন টেষ্ট মেচৰ 46 টা ইনিংছত 4 টা শতক আৰু 6 টা অৰ্ধশতকৰে 1,492 ৰাণ সংগ্ৰহ কৰিবলৈ সক্ষম হৈছে শুভমন গিলে । 47 খন এদিনীয়াত তেওঁ 6 টা শতক আৰু 13 টা অৰ্ধশতকৰে 2,328 ৰাণ সংগ্ৰহ কৰিছে । এদিনীয়া খেলতো তেওঁৰ নামত আছে দ্বৈত শতক । শুভমনে ভাৰতৰ হৈ 21 খন খেলত এটা শতক আৰু 23 টা অৰ্ধশতকৰ সৈতে সংগ্ৰহ কৰিছে 578 ৰাণ ।

লগতে পঢ়ক: দুলীপ ট্ৰফীত ভাৰতীয় বলাৰসকলৰ অনুপস্থিতিক লৈ দুখ প্ৰকাশ সুনীল গাভাস্কাৰৰ - DULEEP TROPHY 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.