ETV Bharat / sports

অলিম্পিকত পদক অৰ্জনৰ সপোন তিনিচুকীয়াৰ টুৰীয়াৰ; অসমক প্ৰতিনিধিত্ব কৰাৰ সুযোগ লাভ - SHOOTING COMPETITION IN NAGALAND

author img

By ETV Bharat Sports Team

Published : 2 hours ago

10 Meter Air Pistol Shooting: 28 ছেপ্তেম্বৰত চুবুৰীয়া ৰাজ্য নাগালেণ্ডত অনুষ্ঠিত হ’ব 10 মিটাৰ এয়াৰ পিষ্টল শ্বুটিং প্ৰতিযোগিতা ৷ এই প্ৰতিযোগিতাত অসমক প্ৰতিনিধিত্ব কৰিব তিনিচুকীয়াৰ এগৰাকী কিশোৰীয়ে ৷ পঢ়ক বিতং খবৰ...

SHOOTING COMPETITION IN NAGALAND
তিনিচুকীয়াৰ টুৰীয়া কাশ্যপ (ETV Bharat Assam)

স্প’ৰ্টছ ডেস্ক, 23 ছেপ্তেম্বৰ: তিনিচুকীয়াৰ এগৰাকী কিশোৰীয়ে 10 মিটাৰ এয়াৰ পিষ্টল শ্বুটিং(10m air pistol) প্ৰতিযোগিতাত প্ৰতিনিধিত্ব কৰিব অসমক ৷ 28 ছেপ্তেম্বৰত চুবুৰীয়া ৰাজ্য নাগালেণ্ডৰ ডিমাপুৰত অনুষ্ঠিত হ’ব এই শ্বুটিং প্ৰতিযোগিতা ৷ য’ত উত্তৰ-পূৰ্বাঞ্চলৰ 6 খন ৰাজ্যই অংশগ্ৰহণ কৰাৰ লগতে অসম ৰাইফলছ আৰু সেনা বাহিনীৰ প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰিব ৷ উক্ত প্ৰতিযোগিতাতে অসমক প্ৰতিনিধিত্ব কৰিব তিনিচুকীয়াৰ 11 বছৰীয়া কিশোৰী টুৰীয়া কাশ্যপে ।

তিনিচুকীয়াৰ বৰদলৈ নগৰৰ বাসিন্দা পল্লৱ বৰুৱা আৰু অৰ্পণা বৰুৱাৰ কন্যা টুৰীয়া কাশ্যপে অসমৰ হৈ এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিবলৈ সুযোগ পোৱাৰ পিছত দৈনন্দিন অব্যাহত ৰাখিছে শ্বুটিঙৰ অনুশীলন । টুৰীয়া বৰ্তমান পঞ্চম শ্ৰেণীত অধ্যয়নৰত ।

অসমক প্ৰতিনিধিত্ব কৰাৰ সুযোগ লাভ (ETV Bharat Assam)

তিনিচুকীয়াস্থিত বেংমৰা স্প’ৰ্টছ শ্বুটিং একাডেমীত প্ৰশিক্ষক ভৱেন বৰুৱাৰ তত্বাৱধানত বিগত চাৰি মাহ ধৰি প্ৰশিক্ষণ গ্ৰহণ কৰি আহিছে কিশোৰীগৰাকীয়ে ৷ অতি কম সময়তেই শ্বুটিঙত পাৰদৰ্শিতা প্ৰদৰ্শন কৰি অসমৰ হৈ প্ৰতিনিধিত্ব কৰিবলৈ সুবিধা লাভ কৰিছে টুৰীয়াই ।

এই সন্দৰ্ভত কিশোৰীগৰাকীয়ে কয় যে, "মোৰ দেউতা শ্বুটিঙৰ প্ৰতি যথেষ্ঠ আকৰ্ষিত আছিল যদিও কিছু অসুবিধাৰ কাৰণে অংশগ্ৰহণ কৰিব নোৱাৰিলে । সেই হেতুকে দেউতাই মোক সৰুৰে পৰা শ্বুটিং প্ৰতিযোগিতাৰ কথা হৈ আহিছিল ৷ প্ৰথমে মই গুৰুত্ব দিয়া নাছিলো, যদিও পাছলৈ মোৰ ভাললগা হ’ল আৰু দেউতাৰ সপোন মই পূৰ কৰিবলৈ সুবিধা পাইছো । মা-দেউতাৰ মৰম আৰু উৎসাহৰ বাবেই মই আজি শ্বুটিং প্ৰতিযোগিতাত আগবাঢ়ি গৈছো । মোৰ আশা আছে যে, ভৱিষ্যতে অলিম্পিকত শ্বুটিঙত অংশগ্ৰহণ কৰি পদক অৰ্জনৰ জৰিয়তে তিনিচুকীয়া জিলাৰ লগতে অসমলৈ গৌৰৱ কঢ়িয়াই আনিব পাৰিম" ।

আনহাতে, বেংমৰা শ্বুটিং স্প’ৰ্টছ একাডেমীৰ স্বত্বাধিকাৰী তথা প্ৰশিক্ষক ভৱেন বৰুৱাই কয় যে, "টুৰীয়া কাশ্যপ শ্বুটিঙৰ ক্ষেত্ৰত যথেষ্ঠ সম্ভাৱনা থকা এগৰাকী ছাত্ৰী । এইক্ষেত্ৰত টুৰীয়াও যথেষ্ঠ আকৰ্ষিত । অতি কম সময় প্ৰশিক্ষণ লৈয়েই টুৰীয়াই নিজৰ পাৰদৰ্শিতা প্ৰদৰ্শণ কৰিবলৈ সক্ষম হৈছে । উজনি অসমত এনে শ্বুটিং একাডেমী নথকাৰ বাবে বহু সম্ভাৱনাপূৰ্ণ ছাত্ৰ-ছাত্ৰীয়ে এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰাৰ পৰা বিৰত থাকিবলগা হৈছে । এই একাডেমীখন প্ৰথমে মোৰ ব্যক্তিগত আছিল আৰু এতিয়া লাহেকৈ ৰাইজৰ বাবে মুকলি কৰি দিয়াৰ চিন্তা-চৰ্চা কৰিছো । উজনি অসমত এইখনেই একমাত্ৰ শ্বুটিং একাডেমী" ৷

লগতে পঢ়ক: অসম অলিম্পিক সন্থাৰ নিৰ্বাচন সম্পন্ন; সভাপতিৰ পদত সৰ্বানন্দ সোণোৱাল আৰু সম্পাদকৰ পদত নিৰ্বাচিত লক্ষ্য কোঁৱৰ - ASSAM OLYMPIC ASSOCIATION ELECTION

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.