ETV Bharat / sports

৪২ সংখ্যক সৰ্বভাৰতীয় পৰ্যায়ৰ ক্ৰিকেট প্ৰতিযোগিতাৰ খিতাপ অৰ্জন আই অ’ চি এলৰ - sports promotion board

নুমলীগড় শোধনাগাৰৰ উদ্যোগত গোলাঘাট আৰু ফৰকাটিং ষ্টেডিয়ামত স্পৰ্টচ প্ৰমোচন বৰ্ডৰ অধীনত অনুষ্ঠিত ৪২ সংখ্যক সৰ্বভাৰতীয় পৰ্যায়ৰ ক্ৰিকেট প্ৰতিযোগিতাখনি শুকুৰবাৰে সফলতাৰে অন্ত পৰে ৷ এই প্ৰতিযোগিতাখনিত দেশৰ বিভিন্ন ৰাজ্যৰ আগশাৰীৰ খেলুৱৈৰ উপৰি ৰাষ্ট্ৰীয়, আন্তঃৰাষ্ট্ৰীয় দলত ভাগ লোৱা বহু সংখ্যক খেলুৱৈয়ে অংশ লয় ।

Golaghat Cricket match
স্পৰ্টচ প্ৰমোচন বৰ্ডৰ অধীনত অনুষ্ঠিত ৪২ তম সৰ্বভাৰতীয় পৰ্যায়ৰ ক্ৰিকেট প্ৰতিযোগিতাৰ খিতাপ অৰ্জন
author img

By ETV Bharat Assamese Team

Published : Mar 16, 2024, 7:17 PM IST

স্পৰ্টচ প্ৰমোচন বৰ্ডৰ অধীনত অনুষ্ঠিত ৪২ তম সৰ্বভাৰতীয় পৰ্যায়ৰ ক্ৰিকেট প্ৰতিযোগিতাৰ খিতাপ অৰ্জন

গোলাঘাট, ১৬ মাৰ্চ: নুমলিগড় শোধনাগাৰৰ উদ্যোগত স্পৰ্টচ প্ৰমোচন বৰ্ডৰ অধীনত অনুষ্ঠিত ৪২ সংখ্যক সৰ্বভাৰতীয় পৰ্যায়ৰ ক্ৰিকেট প্ৰতিযোগিতাখনৰ চূড়ান্ত খিতাপ অৰ্জন কৰে আই অ’ চি এলে । আনহাতে অ’ এন জি চিয়ে প্ৰথম ৰাণাৰ্চ আপ আৰু বি পি চি এলে দ্বিতীয় ৰাণাৰ্চ আপৰ সন্মান অৰ্জন কৰে । শৃংখলাবদ্ধ দলৰূপে বিবেচিত হয় এম আৰ পি এল । প্ৰতিযোগিতাৰ শ্ৰেষ্ঠ খেলুৱৈ আৰু শ্ৰেষ্ঠ বেটচমেনৰ বঁটা লাভ কৰে অ’ এন জি চিৰ অভিনেষ সুদ্ধাই । তেওঁ প্ৰতিযোগিতাখনত ব্যক্তিগত ২২০ ৰাণ সংগ্ৰহ কৰাৰ লগতে ৮ উইকেট লাভ কৰে । বি পি চি এলৰ অখিল শামুদ্ধিকাই লাভ কৰে শ্ৰেষ্ঠ ব’লাৰৰ বঁটা ।

এই উপলক্ষে গোলাঘাট ষ্টেডিয়ামত আয়োজিত সামৰণি অনুষ্ঠানত বি চি চি আইৰ যুটীয়া সম্পাদক তথা অসমৰ মহাধিবক্তা দেৱজিৎ শইকীয়া মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰি বিজয়ী আৰু বিজিত দলক বঁটা প্ৰদান কৰে । গোলাঘাট জিলা ক্ৰীড়া সন্থাৰ সাধাৰণ সম্পাদক সঞ্জীৱ সন্দিকৈয়ে আঁত ধৰা অনুষ্ঠানত ক্ৰীড়া সন্থাৰ তৰফৰ পৰা উপস্থিত অতিথিসকলক বিশেষ সম্বৰ্দ্ধনা জনোৱা হয় । উল্লেখ্য যে, ১১ মাৰ্চৰ পৰা গোলাঘাট আৰু ফৰকাটিং ষ্টেডিয়ামত অনুষ্ঠিত হোৱা প্ৰতিযোগিতাখনিত ONGC, NRL, MRPL, IOCL, Oil, EIL, CPCL, BPCL আদি মুঠ ৮ টা দলে অংশগ্ৰহণ কৰে ।‌

প্ৰতিযোগিতা উপভোগ কৰি ভাৰতীয় ক্ৰিকেট বৰ্ডৰ যুটীযা সম্পাদক তথা অসমৰ মহাধিবক্তা দেৱজিৎ শইকীয়াই নুমলীগড় শোধনাগাৰে যি প্ৰচেষ্টা লৈছে তাৰবাবে ধন্যবাদ জনোৱাৰ লগতে অনাগত দিনত এনেধৰণৰ প্ৰতিযোগিতা অনুষ্ঠিত কৰি খেলুৱৈসকলক আগুৱাই নিয়াৰ বাবে সুবিধা দিবলৈ আহ্বান জনায় । বঁটা বিতৰণি অনুষ্ঠানত নুমলীগড় শোধনাগাৰৰ মানৱ সম্পদ বিভাগৰ মুখ্য প্ৰৱন্ধক ড৹ কাজল শইকীয়া, শোধনাগাৰৰ মানৱ সম্পদ বিভাগৰ উপ-মহাপ্ৰৱন্ধক বিশ্বজিৎ বৰা, গোলাঘাট জিলা ক্ৰীড়া সন্থাৰ সভাপতি ডাঃ অজিত বৰুৱা, সাধাৰণ সম্পাদক সঞ্জীৱ সন্দিকৈ, অসম ক্ৰিকেট সন্থাৰ যুটীয়া সম্পাদক ৰাজেন্দ্ৰ সিং, ফৰকাটিং ক্ৰীড়া সন্থাৰ সাধাৰণ সম্পাদক মৃদুল গগৈ, গোলাঘাট জিলা ক্ৰীড়া সন্থাৰ উপ-সভাপতি ড৹ নৃপেন বৰুৱা, অসম ক্ৰিকেট সন্থাৰ এম্পিয়াৰ বৰ্ডৰ অধ্যক্ষ ভৱানী তাচা, অসম ক্ৰিকেট সন্থাৰ প্ৰাক্তন উপ-সভাপতি পৰীক্ষিত দত্তই বিশিষ্ট অতিথি হিচাপে অংশগ্ৰহণ কৰে ।

লগতে পঢ়ক: দেশৰ নামী দামী তাৰকা ক্ৰিকেটাৰৰ সমাৱেশেৰে নুমলীগড় শোধনাগাৰৰ উদ্যোগত ক্ৰিকেট টুৰ্ণামেণ্ট

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.