ETV Bharat / sports

ভাৰতীয় দলৰ বাবে কিয় 'শনিবাৰ' শুভ ? - India ICC Trophy

author img

By ETV Bharat Assamese Team

Published : Jun 30, 2024, 5:35 PM IST

India ICC Trophy: ভাৰতৰ হাতত এতিয়া ৫ টা আচিচি ট্ৰফী আছে । কিন্তু তাৰ ভিতৰত ৩ টা ট্ৰফীয়ে লাভ কৰিছে শনিবাৰৰ দিনটোত । যাৰ বাবে ভাৰতীয় দলটোৰ বাবে শনিবাৰ শুভ বুলি বহুতে দাবী কৰিছে ।

India ICC Trophy
ভাৰতীয় দলৰ বাবে কিয় 'শনিবাৰ' শুভ ? (ANI PHOTO)

স্পৰ্টছ ডেস্ক,৩০ জুন : ভাৰতে টি-২০ বিশ্বকাপ ২০২৪ৰ খিতাপ দখল কৰাৰ লগে লগে সামাজিক মাধ্যমত এটা বিষয় যথেষ্ট চৰ্চিত হৈছে । সেয়া হৈছে 'শুভ শনিবাৰ'। শনিবাৰে বিশ্বকাপৰ ফাইনেলত দক্ষিণ আফ্ৰিকাক পৰাস্ত কৰি ভাৰতে ট্ৰফী তুলি লোৱাৰ লগে লগে ভাৰতৰ বাবে এই 'শনিবাৰ' শুভ বা মংগলময় বুলি বহুতে ধাৰণা কৰিছে । কাৰণ আইচিচিৰ প্ৰতিযোগিতাত ভাৰতে লাভ কৰা ৫ টাৰ ভিতৰত তিনিটা খিতাপে শনিবাৰৰ দিনটোত লাভ কৰিছে ।

ভাৰতে ২০০৭ চনত উদ্বোধনী সংস্কৰণত বিজয়ী হোৱাৰ পিচত দ্বিতীয়বাৰৰ বাবে দক্ষিণ আফ্ৰিকাক ৭ ৰাণত পৰাস্ত কৰি টি-২০ বিশ্বকাপৰ খিতাপ লাভ কৰে ভাৰতীয় দলে । জয়ৰ পিচতে তাৰকা বেটছমেন বিৰাট কোহলী আৰু অধিনায়ক ৰোহিত শৰ্মাই টি-২০ ফৰ্মেটৰ পৰা অৱসৰ গ্ৰহণৰ কথা ঘোষণা কৰে ।

ভাৰতীয় ক্ৰিকেট দলৰ 'শনিবাৰ'ৰ সৈতে এক বিশেষ সম্পৰ্ক আছে । ১৯৮৩ চনৰ এদিনীয়া বিশ্বকাপ, ২০১১ চনৰ এদিনীয়া বিশ্বকাপ আৰু শেহতীয়া টি-২০ বিশ্বকাপ ২০২৪ৰ খিতাপ শনিবাৰৰ দিনটোতে ভাৰতলৈ আহিছে ।

ভাৰতে ১৯৮৩ চনৰ ২৫ জুনত প্ৰথম বিশ্বকাপৰ ট্ৰফী লাভ কৰিছিল । সেইদিনাও শনিবাৰে আছিল । ভাৰতে খেলখনত আকৰ্ষণীয় ইনিংছ খেলিছিল । ভিভিয়ান ৰিচাৰ্ডছৰ আউট আইকনিক লৰ্ডছত খেলা নিম্ন-স্ক'ৰিং মেচখনৰ টাৰ্ণিং পইণ্ট আছিল । সেইদিনাৰ পৰাই কপিল দেৱ, সুনীল গাভাস্কাৰ, মহিন্দৰ অমৰনাথ, ৰজাৰ বিনি, দিলীপ ভেংচৰকাৰ, ৰবি শাস্ত্ৰী, স্বৰ্গীয় যশপাল শৰ্মা, কীৰ্তি আজাদ, সন্দীপ পাটিল, চৈয়দ কিৰামি, ক্ৰিছ শ্ৰীকান্ত, বলবিন্দৰ সিং সান্ধুকে ধৰি উদীয়মান ক্ৰিকেটাৰসকল নায়ক হৈ পৰিছিল আৰু তাৰ পৰা ভাৰতে কেতিয়াও উভতি চাবলগীয়া হোৱা নাই ।

মুম্বাইৰ আইকনিক ৱানখেডে ষ্টেডিয়ামত পুনৰ ২০১১ চনৰ ২ এপ্ৰিল শনিবাৰে মহেন্দ্ৰ সিং ধোনীৰ নেতৃত্বত দলটোৱে ট্ৰফী তুলি লয় । ধোনীয়ে নুৱান কুলাচেকাৰাৰ বলটোত ছিক্সাৰ কোবোৱাৰ লগে লগে মেন ইন ব্লুয়ে দ্বিতীয়বাৰৰ বাবে এদিনীয়া বিশ্বকাপৰ খিতাপ দখল কৰে ।

একেদৰে ভাৰতে ২৯ জুনত দক্ষিণ আফ্ৰিকাক ৭ ৰাণত পৰাস্ত কৰি টি-২০ বিশ্বকাপৰ খিতাপ দখলেৰে ইতিহাস ৰচনা কৰে । শনিবাৰৰ দিনটোতে ভাৰতে এইটো বিজয়ো সাব্যস্ত কৰে । ১৫ অভাৰলৈ খেলখন দক্ষিণ আফ্ৰিকাৰ হাততে আছিল কিন্তু ভাৰতৰ ফিল্ডিং আৰু বলিঙৰ উৎকৃষ্ট প্ৰদৰ্শনে আফ্ৰিকাৰ সকলো পৰিকল্পনাত চেঁচা পানী পেলাইছিল ।

২০০৭ চনৰ ২৪ ছেপ্টেম্বৰত ভাৰতে উদ্বোধনী টি-২০ বিশ্বকাপৰ খিতাপ লাভ কৰিছিল । অৱশ্যে সেইদিনা সোমবাৰ আছিল । আনহাতে ২০১৩ চনৰ ২৩ জুনৰ চেম্পিয়নছ ট্ৰফী লাভ কৰাৰ দিনটো আছিল বৃহস্পতিবাৰ ।

লগতে পঢ়ক :১৭ বছৰৰ পাচত ICC T20 বিশ্বকাপৰ খিতাপ দখল ভাৰতৰ - T20 WORLD CUP 2024

লগতে পঢ়ক :ভাৰতীয় দলৰ খেলুৱৈ, প্ৰশিক্ষকৰ প্ৰশংসাত পঞ্চমুখ শচীন তেণ্ডুলকাৰ - ICC T20 Word Cup 2024 final

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.