ETV Bharat / politics

লখিমপুৰত আজিও ঘোষণা নহ'ল কংগ্রেছ প্ৰাৰ্থী: হতাশাত দলীয় কৰ্মী - lakhimpur lok sabha constituency

Lakhimpur LS seat: অসমৰ ১৪ টা লোকসভা সমষ্টিৰ অন্যতম গুৰুত্বপূৰ্ণ সমষ্টি লখিমপুৰ সমষ্টি । বিজেপি, তৃণমূল কংগ্রেছে এই সমষ্টিৰ বাবে প্ৰাৰ্থীৰ নাম ঘোষণা কৰিছে যদিও কংগ্রেছে এতিয়াও ঘোষণা কৰিব পৰা নাই প্ৰাৰ্থীৰ নাম । দুগৰাকী সম্ভাব্য প্ৰাৰ্থীৰ বাচনিক লৈ বিবুদ্ধিত পৰিছে কংগ্রেছে ।

Lakhimpur LS seat
লখিমপুৰ লোকসভা সমষ্টি
author img

By ETV Bharat Assamese Team

Published : Mar 20, 2024, 6:55 PM IST

লখিমপুৰ লোকসভা সমষ্টি

লখিমপুৰ, ২০ মাৰ্চ: লখিমপুৰ লোকসভা সমষ্টিত আজিও প্ৰাৰ্থী ঘোষণা কৰিব পৰা নাই বিৰোধী দল কংগ্রেছে । সেয়েহে উৎকন্ঠা-হতাশাত ভুগিছে দলীয় কৰ্মীসকল। সমগ্ৰ ৰাজ্যত লোকসভা নির্বাচনৰ ধামখুমীয়াৰ মাজতেই বিভিন্ন ৰাজনৈতিক দলে সমষ্টিয়ে সমষ্টিয়ে প্ৰাৰ্থী প্ৰক্ষেপ কৰি নিৰ্বাচনী প্ৰচাৰত ব্ৰতী হৈছে । শাসকীয় বিজেপিয়ে মিত্র দল অগপসহ প্ৰাৰ্থী প্ৰক্ষেপ কৰি নিৰ্বাচনী প্ৰচাৰত জঁপিয়াই পৰিছে । পিছে এই ক্ষেত্ৰত প্ৰধান বিৰোধী দল কংগ্রেছে এটা সমষ্টিত আজিও থমকি ৰ'ব লগীয়া হৈছে । কংগ্রেছে ১২ টা সমষ্টিত নিজা প্ৰাৰ্থী দিয়াৰ লগতে ডিব্ৰুগড় সমষ্টিত ঐক্যমঞ্চৰ প্ৰাৰ্থীক এৰি দিছে । কিন্তু ১২ নং লখিমপুৰ লোকসভা সমষ্টিত আজিও প্ৰাৰ্থীৰ নাম ঘোষণা কৰা নাই ।

লখিমপুৰ লোকসভা সমষ্টিত বিজেপিয়ে প্ৰদান বৰুৱা, তৃণমূল কংগ্রেছে ঘনকান্ত চুতীয়া আৰু এছইউচিআইয়ে পল্লৱ পেগুক প্ৰাৰ্থী ৰূপে প্ৰক্ষেপ কৰিছে । ইয়াৰ বিপৰীতে বিৰোধী দল কংগ্রেছে এই পৰ্যন্ত প্ৰাৰ্থীৰ নাম ঘোষণা কৰিব পৰা নাই । দিল্লীত ইতিমধ্যে দলৰ শীর্ষ নিৰ্বাচনী সমিতিৰ কেইবাখনো সভা অনুষ্ঠিত হৈছে যদিও অসমৰ লখিমপুৰ লোকসভা সমষ্টিৰ প্ৰাৰ্থীৰ নাম ঘোষণা কৰিব পৰা নাই ।

উল্লেখ্য যে এই সমষ্টিটোত কংগ্রেছৰ পৰা ৰাণী নৰহ আৰু উদয় শংকৰ হাজৰিকা প্ৰাৰ্থিত্বৰ দৌৰত আছে । দুয়োগৰাকীৰ ভিতৰত এই পৰ্যন্ত এগৰাকীকো কংগ্রেছে দলীয় টিকট দিব পৰা নাই । এই লৈ তৃণমূল পর্যায়ৰ পৰা জিলাৰ কংগ্রেছ কৰ্মীসকল উৎকন্ঠিত হৈ আছে । নিৰ্বাচনী যুঁজত জপিয়াই পৰিবলৈ উৎকন্ঠাৰে সাজু হৈ থকা কৰ্মীসকল এতিয়া প্ৰাৰ্থী নোহোৱাৰ বাবে হতাশাত ভুগিছে । প্ৰাৰ্থী ঘোষণা পলম হোৱাৰ বাবে দলৰ ক্ষতি হ'ব বুলি দলীয় কৰ্মী সকলে অনুভৱ ব্যক্ত কৰিছে । প্ৰাৰ্থীৰ নাম ঘোষণা পলম হোৱাৰ বাবে দলীয় কৰ্মীৰ মনোবল ভাগিছে ।

উল্লেখ্য যে ইতিমধ্যে মনোনয়ন দাখিল কৰাৰ সময় আৰম্ভ হৈছে । এই সময়লৈকে কিয় কংগ্রেছ দলে লখিমপুৰ লোকসভা সমষ্টিত প্ৰাৰ্থীৰ নাম ঘোষণা কৰিব পৰা নাই সেয়া এই মুহূর্তত দলীয় কৰ্মীৰ বাবে উত্তৰবিহীন প্ৰশ্ন হৈ পৰিছে ।

লগতে পঢ়ক:ৰাণী নে উদয়, লখিমপুৰ সমষ্টিৰ প্ৰাৰ্থিত্বক লৈ দোমোজাত কংগ্ৰেছ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.