তিৰুৱন্তপুৰম : অৱশেষত জনপ্ৰতিনিধি হিচাপে সংসদীয় যাত্ৰা আৰম্ভ কৰিবলৈ ওলাইছে কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধীয়ে ।কেৰালাৰ ৱায়নাড় লোকসভা সমষ্টিৰ উপ-নিৰ্বাচনত কংগ্ৰেছ প্ৰাৰ্থী প্ৰিয়ংকা গান্ধীয়ে বৃহৎ জয়লাভৰ দিশত অগ্ৰসৰ কৰে ।
প্ৰিয়ংকা গান্ধীয়ে 5,57,451 লাখ ভোট লাভ কৰি তেওঁৰ প্ৰতিদ্বন্দ্বী বিজেপিৰ নব্যা হৰিদাসতকৈ 3,68,319 টা ভোটত আগবাঢ়ি আছে । এই সংখ্যাৰ জৰিয়তে প্ৰিয়ংকা গান্ধীয়ে ভাতৃ ৰাহুল গান্ধীৰ বিজয়ৰ ব্যৱধান অতিক্ৰম কৰিছে । যাৰ ফলত প্ৰিয়ংকা গান্ধীয়ে অভিলেখ সংখ্যাগৰিষ্ঠতা লাভ কৰাৰ পথ প্ৰশস্ত হৈ পৰিছে ।
ৱায়নাড় লোকসভা সমষ্টিৰ ভোটগণনা তিনিটা কেন্দ্ৰত অনুষ্ঠিত হৈছে । কালপেট্টা, মনন্তৱাদী আৰু বাথেৰী বিধানসভা সমষ্টিৰ ভোটগণনা কালপেট্টা এছ কে এম জে বিদ্যালয়ত অনুষ্ঠিত হৈছে । নীলাম্বুৰ, এৰানাড় আৰু ভান্দুৰ বিধানসভা সমষ্টিৰ ভোটগণনা অমল কলেজ, মাইলাদি দক্ষতা বিকাশ ভৱনত অনুষ্ঠিত হৈছে । আনহাতে, থিৰুভানবাদি সমষ্টিৰ ভোটগণনা কুডাথাইৰ ছেইণ্ট মেৰী এলপি স্কুলত অনুষ্ঠিত হৈছে ।
উল্লেখ্য যে ১৩ নৱেম্বৰৰ নিৰ্বাচনত ভোটদানৰ সংখ্যা কম হোৱাৰ ফলত কংগ্ৰেছ মিত্ৰজোঁটক চাপত পেলাইছিল । এইবাৰ ভোটদানৰ হাৰ আছিল ৬৪.৭১ শতাংশ । যিটো এপ্ৰিলত অনুষ্ঠিত লোকসভা নিৰ্বাচনত ৭৩.৫৭ শতাংশ আছিল । আনহাতে, কংগ্ৰেছ মৰ্চাই এইটো প্ৰচাৰ কৰি আহিছে যে ভোটদানৰ হাৰ কম হোৱাটোৱে তেওঁলোকৰ ৰাজনৈতিক ভোটক প্ৰভাৱিত কৰা নাই । ইয়াৰ দ্বাৰা বিৰোধীৰহে লোকচান হ'ব ।
ৱায়নাড়ত এইবাৰ মুঠ ১৬ গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা কৰিছিল । তাৰ ভিতৰত প্ৰধান প্ৰতিদ্বন্দ্বী আছিল কংগ্ৰেছ নেতৃত্বাধীন ইউডিএফৰ প্ৰাৰ্থী প্ৰিয়ংকা গান্ধী ভাদ্ৰা । তেওঁ নিৰ্বাচনী ৰাজনীতিত এইবাৰ আত্মপ্ৰকাশ কৰিছে । ইয়াৰ উপৰি চিপিআই নেতৃত্বাধীন এলডিএফৰ প্ৰাৰ্থী প্ৰবীণ ৰাজনীতিক সত্যন মোকেৰী আৰু বিজেপি নেতৃত্বাধীন এন ডি এৰ নব্যা হৰিদাসো প্ৰতিদ্বন্দ্বিতাত আছিল ।
প্ৰিয়ংকাই এতিয়া তেওঁৰ ভাতৃ ৰাহুল গান্ধীৰ স্থানত সমষ্টিটোক প্ৰতিনিধিত্ব কৰিব । ৰাহুল গান্ধীয়ে এই বছৰৰ নিৰ্বাচনত দুখন আসনত জয়লাভ কৰাৰ পিছত ৰায়বৰেলী সমষ্টি ৰখাৰ সিদ্ধান্ত গ্ৰহণ কৰাৰ পিছত এই আসনখন খালী হৈছিল । তেওঁ ২০১৯ চনত ৱায়নাড় আসনখনৰ পৰা জয়লাভ কৰিছিল । কিন্তু এইবাৰ তেওঁ সমষ্টিটোৰ পৰা পদত্যাগ কৰাৰ বাবে উপ-নিৰ্বাচনৰ প্ৰয়োজন হয় ।