ETV Bharat / politics

ৰাজ্যত উপ-নিৰ্বাচনক লৈ চৰ্চা, বাজপেয়ী ভৱনত তৎপৰতা - By Election in Assam - BY ELECTION IN ASSAM

Delimitation Impact in by election: লোকসভা নিৰ্বাচনত অৱতীৰ্ণ আঠগৰাকী বিধায়ক আৰু ৰাজ্যসভাৰ দুগৰাকী সাংসদ । বিধানসভাৰ পাঁচখন আৰু ৰাজ্যসভাৰ দুখন আসনৰ উপ-নিৰ্বাচনক লৈ চৰ্চা আৰম্ভ । উপ-নিৰ্বাচন হ’লে আহি পৰিব সমষ্টি পুনৰ নিৰ্ধাৰণৰ প্ৰসংগ । কিহৰ ভিত্তিত হ’ব সংশ্লিষ্ট বিধানসভা সমষ্টিৰ উপ-নিৰ্বাচন?

BY ELECTION IN ASSAM
ৰাজ্যত আৰম্ভ হৈছে উপ-নিৰ্বাচনৰ চৰ্চা (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : May 11, 2024, 9:50 PM IST

গুৱাহাটী, ১১ মে’ : অসমত তিনিটা পৰ্যায়ত লোকসভা নিৰ্বাচন অনুষ্ঠিত হৈ যোৱাৰ পিচত এতিয়া আসনক লৈ হিচাপ-নিকাচ আৰম্ভ হোৱাৰ সমান্তৰালকৈ আন এটা প্ৰসংগ বিশেষভাৱে চৰ্চালৈ আহিছে । দেশত নিৰ্বাচনী প্ৰক্ৰিয়া সমাপ্ত হোৱাৰ পিচত ৪ জুনত ফলাফল ঘোষণা হ’ব । লোকসভা নিৰ্বাচনৰ ফলাফল ঘোষণা হ'বলৈ যথেষ্ট সময় আছে যদিও বৰ্তমান উপ-নিৰ্বাচনক লৈ বিশেষভাৱে তৎপৰ হৈ পৰিছে শাসকীয় দল বিজেপি ।

লক্ষ্যণীয় বিষয় যে বিজেপিৰ গুৱাহাটীৰ বশিষ্ঠস্থিত ৰাজ্যিক মুখ্য কাৰ্যালয়ত প্ৰাৰ্থিত্বৰ বাবে ইতিমধ্যে লবীকেন্দ্ৰিক ৰাজনীতি আৰম্ভ হৈছে । উল্লেখ্য যে অহা ৪ জুনত লোকসভা নিৰ্বাচনৰ ভোটগণনা অনুষ্ঠিত হ'ব । ফলাফল ঘোষণাৰ পূৰ্বে চলি থকা চৰ্চা অনুসৰি ফলাফল হ'লে অসম বিধানসভাৰ পাঁচখন আৰু ৰাজ্যসভাৰ দুখন আসন খালী হ'ব ।

উল্লেখ্য যে এইবাৰ লোকসভা নিৰ্বাচনত গেৰুৱা দলটোৱে বিহালীৰ বিধায়ক ৰঞ্জিত দত্তক শোণিতপুৰ লোকসভা সমষ্টিত, ধলাইৰ বিধায়ক পৰিমল শুক্লবৈদ্যক শিলচৰ সমষ্টিত প্ৰাৰ্থিত্ব প্ৰদান কৰিছিল । সেইদৰে কংগ্ৰেছে চামগুৰিৰ বিধায়ক ৰকিবুল হুছেইনক ধুবুৰীত প্ৰাৰ্থিত্ব প্ৰদান কৰাৰ বিপৰীতে অগপই বঙাইগাঁৱৰ বিধায়ক ফণীভূষণ চৌধুৰীক বৰপেটা সমষ্টিত আৰু ইউ পি পি এল দলে চিদলীৰ বিধায়ক জয়ন্ত বসুমতাৰীক কোকৰাঝাৰত প্ৰাৰ্থী হিচাপে থিয় কৰাইছিল ।

ইফালে চি পি আই এমৰ বিধায়ক মনোৰঞ্জন তালুকদাৰে বৰপেটাৰ পৰা নিৰ্বাচন খেলিছে । সেইদৰে বি পি এফৰ কলাইগাঁৱৰ বিধায়ক দুৰ্গা দাস বড়োৱে দৰং-ওদালগুৰি সমষ্টিৰ পৰা নিৰ্বাচন খেলিছে । আনহাতে ধিং সমষ্টিৰ এ আই ইউ ডি এফৰ বিধায়ক আমিনুল ইছলামে নগাঁও লোকসভা সমষ্টিৰ পৰা নিৰ্বাচন খেলিছে ।

এইবাৰৰ নিৰ্বাচনত আঠগৰাকী বিধায়ক আৰু ৰাজ্যসভাৰ দুইগৰাকী সাংসদে সংসদীয় ৰাজনীতিত প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে । তেনেস্থলত চৰ্চা অনুসৰি পাঁচগৰাকী বিধায়ক আৰু ৰাজ্যসভাৰ দুয়োগৰাকী সাংসদ দিল্লীলৈ যোৱাৰ সম্ভাৱনা আছে । যদিহে এই বিধায়ককেইজন সাংসদ হিচাপে নিৰ্বাচিত হয় তেনেহ'লে বিহালী, চামগুৰি, ধলাই, চিদলী আৰু বঙাইগাঁও বিধানসভা সমষ্টিত উপ-নিৰ্বাচনৰ প্ৰয়োজন হ'ব ।

একেদৰে বিজেপিয়ে এইবাৰ ৰাজ্যসভাৰ সাংসদ সৰ্বানন্দ সোণোৱালক ডিব্ৰুগড় লোকসভা সমষ্টিত আৰু কামাখ্যা প্ৰসাদ তাছাক কাজিৰঙা সমষ্টিত প্ৰাৰ্থিত্ব দিছে । বিজেপিৰ এই দুয়োগৰাকী ৰাজ্যসভাৰ সাংসদ তাছা আৰু সোণোৱালো যদি জয়ী হয় তেন্তে ৰাজ্যসভাৰো দুখন আসন খালী হ’ব । এনে পৰিস্থিতিত শাসকীয় দলটোৰ বহুকেইজন নেতাই এতিয়া বিধায়ক আৰু সাংসদ হোৱাৰ বাবে মন মেলিছে ।

দলীয় এক বিশেষ সূত্ৰই প্ৰকাশ কৰা মতে সাংসদ তথা বিধায়ক হ'ব খোজা বিজেপিৰ নেতাসকলে এইবাৰৰ লোকসভা নিৰ্বাচনতো দেহে-কেহে খাটিছিল । লক্ষ্য আছিল যাতে তেওঁলোকে দলৰ শীৰ্ষ নেতাসকলৰ দৃষ্টি আকৰ্ষণ কৰিব পাৰে । সূত্ৰটোৰ মতে নিৰ্বাচনত দলৰ হৈ দিন-ৰাতি একাকাৰ কৰা নেতাসকলৰ ভিতৰত কেবাজনো নেতা মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ অতি ঘনিষ্ঠ । মুখ্যমন্ত্ৰীৰ নিৰ্দেশতে তেওঁলোকে ভৱিষ্যতৰ কথা ভাবি এইবাৰৰ লোকসভা নিৰ্বাচনত দিনে-নিশাই দলৰ হৈ প্ৰচাৰ চলাইছিল ।

এনে পৰিস্থিতিত এতিয়া বাজপেয়ী ভৱনত কোনে উপ-নিৰ্বাচনত প্ৰাৰ্থিত্ব লাভ কৰিব তাক লৈ সৰৱ আলোচনা আৰম্ভ হৈছে । ইফালে এই চৰ্চাৰ মাজতে আন এক চৰ্চাও হৈছে । এইবাৰৰ লোকসভা নিৰ্বাচনত বিধায়কসকল জয়ী হ'লে সেই বিধানসভা সমষ্টিসমূহত অনুষ্ঠিত হ’ব উপ-নিৰ্বাচন । সেয়া গতানুগতিক কথা । কিন্তু এইবাৰ পৰিস্থিতি পূৰ্বৰ দৰে নহয় ।

উপ-নিৰ্বাচন অনুষ্ঠিত হ'লে যথেষ্ট জটিলতাৰ সৃষ্টি হ'ব । বিধানসভাৰ আসন খালী হ’লে কিহৰ ভিত্তিত হ'ব উপ-নিৰ্বাচন ? ইয়‍াৰ কাৰণ হৈছে সমষ্টি পুনৰ নিৰ্ধাৰণ । উপ-নিৰ্বাচন হ’ব লাগিলে নতুন সমষ্টিৰ ভিত্তিত হ’ব নে পুৰণি সমষ্টিৰ ভিত্তিত হ’ব ? বৰ্তমানৰ ৮ গৰাকীকৈ বিধায়কে লোকসভাৰ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে ।

পুৰণি ঢলাই সমষ্টিৰ বিধায়ক তথা মন্ত্ৰী পৰিমল শুক্লবৈদ্যই শিলচৰ লোকসভা সমষ্টিৰ পৰা নিৰ্বাচন খেলিছে । বঙাইগাঁৱৰ অগপ বিধায়ক ফণীভূষণ চৌধুৰী আৰু সৰভোগৰ চি পি আই এমৰ বিধায়ক মনোৰঞ্জন তালুকদাৰে বৰপেটাৰ পৰা নিৰ্বাচন খেলিছে । আনহাতে বিহালীৰ শাসকীয় দলৰ বিধায়ক ৰঞ্জিত দত্তই শোণিতপুৰৰ পৰা, ধিঙৰ এ আই ইউ ডি এফৰ বিধায়ক আমিনুল ইছলামে নগাঁৱৰ পৰা, কলাইগাঁৱৰ বি পি এফৰ বিধায়ক দুর্গাদাস বড়োৱে দৰং-ওদালগুৰিৰ পৰা নিৰ্বাচন খেলিছে ।

সেইদৰে ইউ পি পি এলৰ চিদলীৰ বিধায়ক জয়ন্ত বসুমতাৰীয়ে কোকৰাঝাৰৰ পৰা নিৰ্বাচন খেলিছে । চামগুৰিৰ কংগ্ৰেছৰ বিধায়ক ৰকিবুল হুছেইনে ধুবুৰী সমষ্টিত নিৰ্বাচন খেলিছে । ইতিমধ্যে ই ভি এমত বন্দী হৈছে প্ৰাৰ্থীসকলৰ ভাগ্য । লোকসভাৰ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা আগবঢ়োৱা বিধায়কসকলৰ মাজৰ পৰা যিসকল নিৰ্বাচিত হ'ব, তেওঁলোকৰ বিধানসভা সমষ্টিত নিৰ্বাচন আয়োগে উপ-নিৰ্বাচন অনুষ্ঠিত কৰিব লাগিব । কাৰণ বিধানসভাৰ কাৰ্যকাল অন্ত পৰিবলৈ এতিয়াও দুবছৰ বাকী আছে । তেনেস্থলত বিধানসভাৰ উপ-নিৰ্বাচন হ'লে পুৰণি সমষ্টি অনুসৰি হ'ব নে নতুন সমষ্টি অনুসৰি হ’ব? এয়া এক ডাঙৰ প্ৰশ্ন ।

ৰাজ্যিক নিৰ্বাচন বিভাগৰ এক উচ্চস্তৰীয় সূত্ৰৰ পৰা জানিব পৰা মতে দেশৰ নিৰ্বাচন আয়োগৰ পৰা সম্ভাব্য উপ-নিৰ্বাচন সন্দৰ্ভত কোনো নিৰ্দেশনা লাভ কৰা নাই । উল্লেখ্য যে বৰ্তমানৰ বিধায়কসকলে পুৰণি সমষ্টিৰ পৰাহে প্ৰতিনিধিত্ব কৰিছে । লোকসভাৰ নিৰ্বাচন অনুষ্ঠিত হৈছে নতুন বিধানসভাৰ সমষ্টিক লৈ গঠিত হোৱা লোকসভাৰ সমষ্টিৰ ভিত্তিত । তেনেস্থলত সম্ভাব্য উপ-নিৰ্বাচনক লৈ প্ৰশ্নৰ অৱতাৰণা হৈছে ।

সমষ্টি পুনৰ নিৰ্ধাৰণৰ পিচত পুৰণি সকলো সমষ্টিৰ সীমাসমূহৰ ব্যাপক সালসলনি হৈছে । পুৰণি কোনো সমষ্টিত থকা বহু এলেকা পুনৰ গঠিত আন সমষ্টিত অন্তৰ্ভূক্ত হৈছে । অৱশ্যে উপ নিৰ্বাচন হ'লে কিদৰে কৰা হ'ব সেয়া সময়তহে জানিব পৰা যাব ।

লগতে পঢ়ক: মুখ্যমন্ত্ৰীয়ে প্ৰচাৰ চলোৱাৰ বাবেই বৃদ্ধি হ’ল কংগ্ৰেছৰ ভোট : ৰকিবুল হুছেইন

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.