ETV Bharat / politics

ৰাজ্যসভালৈ মনোনীত সুলেখিকা-ইনফ'চিছ ফাউণ্ডেশ্যনৰ অধ্যক্ষ সুধা মূৰ্তি - Sudha Murthi to Rajya Sabha

Sudha Murthi: ৰাজ্যসভালৈ মনোনীত হ’ল সমাজহিতৈষী আৰু লেখিকা সুধা মূৰ্তিক ৷ মূৰ্তি ট্ৰাষ্ট আৰু ইনফ'চিছ ফাউণ্ডেশ্যনৰ অধ্যক্ষগৰাকী উচ্চ সদনলৈ মনোনীত হোৱাৰ পিচতে প্ৰধানমন্ত্ৰীয়ে তেওঁক শুভেচ্ছা জ্ঞাপন কৰে ৷

Sudha Murthi to Rajya Sabha
ৰাজ্যসভালৈ মনোনীত সুধা মূৰ্তি
author img

By ETV Bharat Assamese Team

Published : Mar 8, 2024, 7:45 PM IST

নতুন দিল্লী, 8 মাৰ্চ: সমাজহিতৈষী আৰু লেখিকা সুধা মূৰ্তিক শুকুৰবাৰে ৰাজ্যসভালৈ মনোনীত কৰে ৰাষ্ট্ৰপতি দ্ৰোপদী মুৰ্মূৱে ৷ বিভিন্ন ক্ষেত্ৰলৈ আগবঢ়োৱা প্ৰশংসাৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সুধা মূৰ্তিক প্ৰশংসা কৰে ৷

প্ৰধানমন্ত্ৰী মোদীয়ে এক্সত (পূৰ্বৰ টুইটাৰ) এটা পোষ্টৰ জৰিয়তে কয় যে উচ্চ সদনত সুধা মূৰ্তিৰ উপস্থিতিয়ে নাৰী শক্তিৰ বাবে এক শক্তিশালী স্বাক্ষৰ বহন কৰিব ৷ যি দেশৰ ভৱিষ্যৎ গঢ়াত মহিলাসকলৰ শক্তি আৰু সম্ভাৱনাৰ উদাহৰণ দিয়ে ৷

প্ৰধানমন্ত্ৰীগৰাকীয়ে লগতে কয়, ‘‘মই আনন্দিত যে ভাৰতৰ ৰাষ্ট্ৰপতিয়ে সুধা মূৰ্তিজীক ৰাজ্যসভালৈ মনোনীত কৰিছে । সামাজিক কাম, পৰোপকাৰ আৰু শিক্ষাকে ধৰি বিভিন্ন ক্ষেত্ৰত সুধাজীৰ অৱদান অপৰিসীম আৰু অনুপ্ৰেৰণাদায়ক ।’’

সুলেখিকাগৰাকীক ফলপ্ৰসূ কাৰ্যকালৰ শুভেচ্ছা জনাই প্ৰধানমন্ত্ৰী মোদীয়ে কয়, ‘‘ মই আনন্দিত যে ভাৰতৰ ৰাষ্ট্ৰপতিয়ে সুধা মূৰ্তিজীক ৰাজ্যসভালৈ মনোনীত কৰিছে । সামাজিক কাম, পৰোপকাৰ আৰু শিক্ষাকে ধৰি বিভিন্ন ক্ষেত্ৰত সুধাজীৰ অৱদান অপৰিসীম আৰু অনুপ্ৰেৰণাদায়ক ।’’

উল্লেখ্য যে সুধা মূৰ্তি হৈছে ভাৰতীয় মূলৰ বহুজাতিক তথ্য প্ৰযুক্তি কোম্পানী কোম্পানী ইনফ'চিছৰ সহ-প্ৰতিষ্ঠাপক এন আৰ নাৰায়ণ মূৰ্তিৰ পত্নী ৷ সুধা মূৰ্তিয়ে মূৰ্তি ট্ৰাষ্ট আৰু ইনফ'চিছ ফাউণ্ডেশ্যনৰ অধ্যক্ষৰ দায়িত্ব বহন কৰি আছে ৷ সমান্তৰালকৈ তেওঁ ইতিমধ্যে কেবাখনো গ্ৰন্থ ৰচনা কৰিছে । আন্তৰ্জাতিক নাৰী দিৱসৰ দিনটোতে ৰাজ্যসভালৈ মনোনীত হোৱা ৭৩ বছৰীয়া সুধা মূৰ্তিক ২০০৬ চনত পদ্মশ্ৰী আৰু ২০২৩ চনত পদ্মভূষণ বঁটাৰে সন্মানিত কৰা হৈছিল ।

উচ্চ সদনলৈ মনোনীত হোৱাৰ পিচত সুধা মূৰ্তিয়ে কয়, ‘‘মই সুখী ৷ একে সময়তে মই অনুভৱ কৰো যে মোৰ ওপৰত এতিয়া দায়িত্ব বাঢ়িল ৷ মোৰ বাবে যিমান সম্ভৱ সিমানখিনি কাম কৰি যাবলৈ চেষ্টা কৰিম ৷ ব্যক্তিগতভাৱে মই বিশেষকৈ সুখী এইবাবেই যে মই দৰিদ্ৰলোকৰ বাবে কাম কৰিবলৈ এখন ডাঙৰ মঞ্চ পাইছো ৷’’

লগতে পঢ়ক: নিৰাপত্তা পৰিষদৰ সংস্কাৰ, জি-৪ ৰাষ্ট্ৰৰ হৈ ভাৰতৰ বিতং আৰ্হি উত্থাপন

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.