ETV Bharat / politics

সৰ্বানন্দক লৈ সোণোৱাল কছাৰীসকল সুখী নহয়: সোণোৱাল কছাৰী গণ মঞ্চ - Lok Sabha elections - LOK SABHA ELECTIONS

Lok Sabha election 2024 : সৰ্বানন্দ সোণোৱালৰ ব্যৰ্থতাক লৈ সৰৱ সোণোৱাল কছাৰী গণ মঞ্চ ৷ ৰাজনৈতিকভাৱে অবহেলিত সোণোৱাল জনগোষ্ঠী ৰাইজক বিবেক ভোট দিবলৈ আহ্বান সোণোৱাল কছাৰী গণ মঞ্চৰ সম্পাদক গোপাল সোণোৱালৰ ৷

Lok Sabha election 2024
Lok Sabha election 2024
author img

By ETV Bharat Assamese Team

Published : Mar 21, 2024, 12:27 PM IST

সৰ্বানন্দ সোণোৱালৰ ব্যৰ্থতাক লৈ সৰৱ সোণোৱাল কছাৰী গণ মঞ্চ

ডিব্ৰুগড়, ২১ মাৰ্চ : লোকসভা নিৰ্বাচনৰ দিন চমু চপাৰ লগে লগে প্ৰচাৰ তুংগত কৰি তুলিছে প্ৰতিটো ৰাজনৈতিক দলে । ৰাজ্যৰ ১৪ টা লোকসভা সমষ্টিৰ ভিতৰত অতি আকৰ্ষণীয় হৈ উঠিছে ডিব্ৰুগড় লোকসভা সমষ্টিৰ নিৰ্বাচনী যুঁজ । ডিব্ৰুগড় লোকসভা সমষ্টিত বৰ্তমানৰ সাংসদ তথা কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী ৰামেশ্বৰ তেলীৰ টিকট কৰ্তন কৰি শাসক দল বিজেপিয়ে প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক প্ৰাৰ্থিত্ব প্ৰদান কৰিছে ।

ইয়াৰ সমান্তৰালভাৱে ডিব্ৰুগড় লোকসভা সমষ্টিত বিৰোধী ঐক্য মঞ্চই অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈক প্ৰাৰ্থিত্ব প্ৰদান কৰিছে । লগতে আপে ডিব্ৰুগড়ত মনোজ ধানোৱাৰক প্ৰাৰ্থিত্ব দি প্ৰচাৰ অব্যাহত ৰাখিছে । প্ৰাক্তন মুখ্যমন্ত্ৰী তথা কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালক লৈ ডিব্ৰুগড়ৰ বিজেপি কৰ্মীসকল অতি উৎসাহী যদিও সৰ্বানন্দ সোণোৱালৰ বিৰুদ্ধে নিজৰ জনগোষ্ঠীয় সংগঠনে আৰম্ভ কৰিছে বিদ্ৰোহ ।

নিৰ্বাচনৰ প্ৰাকক্ষণত সৰ্বানন্দ সোণোৱালৰ ব্যৰ্থতাক লৈ সৰৱ সোণোৱাল কছাৰী গণ মঞ্চ । ৰাজ্যৰ মুখ্যমন্ত্ৰী হৈ থকা সময়তে সৰ্বানন্দ সোণোৱালে সোণোৱাল কছাৰী ৰাইজৰ বাবে কোনো ধৰণৰ কাম নকৰাৰ অভিযোগ । জনগোষ্ঠীটোৰ বাবে যি উন্নয়নৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল তাক কাৰ্যকৰী নকৰাৰ অভিযোগ ।

লগতে পঢ়ক : ডিব্ৰুগড়ত আমাৰ জয় অৱশ্যম্ভাৱী: সৰ্বানন্দ সোণোৱালৰ দাবী

সোণোৱাল কছাৰী স্বায়ত্তশাসিত পৰিষদৰ পুঁজি বৃদ্ধি কৰি জনগোষ্ঠীৰ সামগ্ৰীক উন্নয়ন কৰাত ব্যৰ্থ হ'ল সৰ্বানন্দ সোণোৱাল ৷ লগতে খোৱাং নাহৰণিত থকা সোণোৱাল জনগোষ্ঠীৰ একমাত্ৰ বহুৱা নৃত্যলৈ এক কোটি টকা প্ৰদানৰ প্ৰতিশ্ৰুতি দিয়ো আজি পৰ্যন্ত কাৰ্যকৰী নকৰিলে । এনেবোৰ অনেক অভিযোগেৰে টিংখাঙৰ চহৰীকটাত সৰ্বানন্দ সোণোৱালৰ বিৰুদ্ধে সৰৱ হ'ল সোণোৱাল কছাৰী গণ মঞ্চৰ সম্পাদক গোপাল সোণোৱাল ।

লগতে সোণোৱাল কছাৰী ৰাইজক বিবেক ভোট দিবৰ বাবেও আহ্বান জনালে গোপাল সোণোৱালে । লগতে জানিবলৈ দিয়ে সোণোৱাল কছাৰীসকলৰ ৰাজনৈতিক অধিকাৰৰ বাবে অহা পঞ্চায়ত আৰু বিধানসভা নিৰ্বাচনত সোণোৱাল কছাৰী অধ্যুষিত অঞ্চলত নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব সোণোৱাল কছাৰী গণ মঞ্চই ।

লগতে পঢ়ক : ডিব্ৰুগড়ত একেখন আসনত শাসক-বিৰোধী !

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.