ETV Bharat / politics

বিজেপি ত্যাগ কৰাৰ পূৰ্বে কামাখ্যা-উগ্ৰতাৰা মন্দিৰত সেৱা জনালে জ্যেষ্ঠ বিজেপি নেতা অশোক শৰ্মাই - Ashok Sharma to quit BJP

author img

By ETV Bharat Assamese Team

Published : Aug 1, 2024, 4:14 PM IST

Ashok Sharma on BJP : শুকুৰবাৰে বিজেপি ত্যাগ কৰিব প্ৰাক্তন বিধায়ক অশোক শৰ্মাই ৷ আগষ্ট মাহতে যোগদান কৰিব কংগ্ৰেছ দলত ৷ ভাল কামৰ পূৰ্বে বিচাৰিলে ভগৱানৰ আশীৰ্বাদ । বিজেপিৰ যন্ত্ৰণাময় পৰিস্থিতিৰ পৰা পৰিত্ৰাণ বিচাৰি আহিছে মাৰ আশীৰ্বাদ ল’বলৈ ৷ কেইজনমান ব্যক্তিৰ হাতোৰাৰ চেপাত বিজেপি দলটো প্ৰায় নিঃশেষ হ’বলৈ গৈছে বুলি মন্তব্য শৰ্মাৰ ।

ASHOK SHARMA TO QUIT BJP
দলত্যাগৰ প্ৰাকমুহূৰ্তত জ্যেষ্ঠ বিজেপি নেতা অশোক শৰ্মা (ETV Bharat Assam)

গুৱাহাটী, ১ আগষ্ট : ‘‘ যিকোনো ভাল কাম এটা কৰাৰ আগতে ভগৱানৰ ওচৰত সেৱা জনাও আৰু সেই উদ্দেশ্যৰেই ইয়ালৈ আহিছো ৷’’- এই মন্তব্য নলবাৰীৰ প্ৰাক্তন বিধায়ক তথা জ্যেষ্ঠ বিজেপি নেতা অশোক শৰ্মাৰ ।

অশোক শৰ্মাই শুকুৰবাৰে বিজেপি দল ত্যাগ কৰিব আৰু আগষ্ট মাহতে কংগ্ৰেছ দলত যোগদান কৰিব ৷ যাৰ বাবে আজি জ্যেষ্ঠ বিজেপি নেতাজনে মা কামাখ্যা মন্দিৰৰ লগতে উগ্ৰতাৰা দেৱালয়ত প্ৰাৰ্থনা কৰে ৷ নেতাজনে কোৱা মতেই বিজপি ত্যাগ কৰি কংগ্ৰেছত যোগদান কৰাৰ বাবে আজি তেওঁ ভগৱানৰ ওচৰত সেৱা জনাইছে ।

বিজেপি ত্যাগ কৰি কংগ্ৰেছত যোগদান কৰাৰ কথা সদৰী কৰি বিজেপিৰ অসন্তুষ্ট জ্যেষ্ঠ নেতাজনে সংবাদ মাধ্যমৰ আগত প্ৰতিক্ৰিয়া ব্যক্ত কৰে ৷ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি অশোক শৰ্মাই কয়, ‘‘ এটা সংকল্প লৈ আজি মা কামাখ্যা মন্দিৰৰ লগতে উগ্ৰতাৰা মন্দিৰলৈ আহিছো । মোৰ যিটো মানস সেইটো প্ৰকট কৰিছো । আগন্তুক দিনত মই এটা নতুন ৰাস্তাৰে যাবলৈ ওলাইছো । সেই নতুন যাত্ৰাত যাতে মাৰ আশীৰ্বাদ লাভ কৰিব পাৰো তাৰ বাবে ইয়ালৈ আহিছো । মই ইমান দিনে সেৱা আগবঢ়াই অহা বিজেপি দলটোৰ পৰা অচিৰেই অব্যাহতি ল’ম আৰু আন এটা ৰাজনৈতিক দললৈ গতি কৰিম । মই জানো, মোৰ এই যাত্ৰাপথত বিভিন্নজনে অসুবিধাৰ সৃষ্টি কৰিব । কিন্তু মাৰ আশীৰ্বাদ পালে এই সকলোবিলাক অতিক্ৰম কৰি ৰাইজৰ মাজত থকাৰ শক্তি পাম ।’’

অৱশ্যে মন্দিৰ চৌহদত সকলো কথা নকও বুলি মন্তব্য কৰে অশোক শৰ্মাই ৷ তথাপিও জনাই যে তেওঁ কাইলৈ বিজেপি দল ত্যাগ কৰিব আৰু আগষ্ট মাহতে কংগ্ৰেছ দলত যোগদান কৰিব । বিজেপিত বিৰাট যন্ত্ৰণা আৰু অশান্তিত থকা বুলি মন্তব্য কৰি অশোক শৰ্মাই কয়, ‘‘ এই যন্ত্ৰণাময় পৰিস্থিতিৰ পৰা পৰিত্ৰাণ বিচাৰি মাৰ আশীৰ্বাদ ল’বলৈ আহিছো ৷’’

আনহাতে তিনিচুকীয়াত বিজেপিৰ অসন্তুষ্ট নেতাৰ গোপন বৈঠক অনুষ্ঠিত হোৱা সন্দৰ্ভত অশোক শৰ্মাই কয়, ‘‘ চলিব, সকলোধৰণৰ চেষ্টা চলিব । কাৰণ ধান এডৰাত গৰু এজনীয়ে ধান খাই থাকিলে সকলো লোকেই গৰুজনী তাৰ পৰা আঁতৰাই দিব । সেই শস্যখিনিয়ে আমাৰ পেটৰ ভোক নিৰাময় কৰে । যদি সেই শস্যডৰা নষ্ট হয়, তেনেহ'লে সকলোৰে ক্ষতি হ'ব । আজি আমাৰ তেনেকুৱা এক অৱস্থা হৈছে । আমি যিটো সংগঠন কৰি আজি এই পৰ্যায়লৈ আনিছো, সেইটো আজি কেইজনমান ব্যক্তিৰ হাতোৰাৰ চেপাত প্ৰায় নিঃশেষ হ’বলৈ গৈছে । গতিকে ইয়াক উদ্ধাৰৰ বাবে সকলোৱে চেষ্টা কৰিব ৷’’

লগতে পঢ়ক : কাৰোবাৰ উচটনিত কথা কৈছে নেকি অশোক শৰ্মাই ?

লগতে পঢ়ক : অৱশেষত বিজেপি এৰিবলৈ সাজু অশোক শৰ্মা ! ৰাজীৱ ভৱন হ’ব পাৰে নতুন ঠিকনা

লগতে পঢ়ক : নাৰাজ অশোক শৰ্মাৰ সন্দৰ্ভত ভৱেশ কলিতাৰ মন্তব্য

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.