ETV Bharat / politics

পুৰণি মন্ত্ৰীসভাৰ কেবাজনো সতীৰ্থৰ উপৰিও বহুকেইখন নতুন মুখ লগত লৈ শপত গ্ৰহণৰ বাবে সাজু মোদী - Narendra Modi new cabinet

author img

By ETV Bharat Assamese Team

Published : Jun 9, 2024, 7:16 PM IST

Narendra Modi oath taking: তৃতীয়বাৰলৈ প্ৰধানমন্ত্ৰী আসনত বহিবলৈ আগবঢ়িছে নৰেন্দ্ৰ মোদী ৷ এতিয়া চৰ্চা চলিছে নতুন মন্ত্ৰীসভাক লৈ ৷ কোন কোন থাকিব নতুন মন্ত্ৰীসভাত ? নতুনকৈ কেইখন মুখ হ’ব অন্তৰ্ভুক্ত ? পঢ়ক সবিশেষ...

NARENDRA MODI NEW CABINET
Narendra Modi oath taking (IANS)

নিউজ ডেস্ক, ৯ জুন: দেওবাৰে সন্ধিয়া শপত গ্ৰহণ কৰিবলগীয়া মন্ত্ৰী পৰিষদত তেওঁৰ বিদায়ী চৰকাৰৰ অধিকাংশ গুৰুত্বপূৰ্ণ মুখক অন্তৰ্ভুক্ত কৰি নতুন কাৰ্যকালত ধাৰাবাহিকতাৰ বাৰ্তা দিবলৈ সাজু হৈছে নৰেন্দ্ৰ মোদীয়ে । বিদায়ী চৰকাৰখনত ক্ৰমে গৃহ, প্ৰতিৰক্ষা, বিত্ত আৰু বৈদেশিক পৰিক্ৰমা মন্ত্ৰণালয়ৰ দায়িত্ব পালন কৰা অমিত শ্বাহ, ৰাজনাথ সিং, নিৰ্মলা সীতাৰমণ, এছ জয়শংকৰৰ উপৰিও ইয়াৰ আন জ্যেষ্ঠ সদস্য যেনে পিয়ুষ গোৱেল, ধৰ্মেন্দ্ৰ প্ৰধান, অশ্বিনী বৈষ্ণৱ আৰু হৰদীপ সিং পুৰী হ’ব নতুন চৰকাৰৰ অংশ ।

মোদীয়ে তেওঁৰ সম্ভাব্য মন্ত্ৰী পৰিষদৰ সৈতে হোৱা বৈঠকৰ ভিজুৱেলৰ ভিত্তিত ৬৫ জনতকৈ অধিক মন্ত্ৰীয়ে শপত গ্ৰহণ কৰাৰ সম্ভাৱনা আছে । কিন্তু আচৰিত ধৰণে বাদ পৰিব যেন লাগিছে হিমাচল প্ৰদেশৰ হামিৰপুৰ সমষ্টিৰ পৰা পুনৰ জয়ী হোৱা বিদায়ী তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী অনুৰাগ ঠাকুৰ । মোদীক সাক্ষাৎ কৰিবলৈ নিমন্ত্ৰিত নেতাসকলৰ ভিতৰত তেওঁ নাছিল । প্ৰধানমন্ত্ৰী হিচাপে শপত গ্ৰহণৰ পূৰ্বে এই পদৰ বাবে নিৰ্বাচিত নেতাগৰাকীয়ে প্ৰথাগতভাৱে নতুন মন্ত্ৰীসকলক তেওঁলোকৰ শপতগ্ৰহণৰ পূৰ্বে সাক্ষাৎ কৰে ।

আমেঠীত বৃহৎ পৰাজয়ৰ সন্মুখীন হোৱা বিদায়ী মন্ত্ৰী স্মৃতি ইৰাণী আৰু জয়ী হ’লেও নিৰ্বাচনৰ সময়ত ৰাজপুত সম্প্ৰদায়ৰ ওপৰত মন্তব্য কৰি ব্যাপক বিবাদৰ সূচনা কৰা পুৰুষোত্তম ৰূপালায়ো নতুন চৰকাৰত স্থান পোৱাৰ সম্ভাৱনা নাই । তীব্ৰ প্ৰতিদ্বন্দ্বিতাৰ পিচতো শশী থাৰুৰৰ হাতত পৰাস্ত হোৱা ৰাজীৱ চন্দ্ৰশেখৰো নতুন চৰকাৰৰ পৰা বাদ পৰাৰ সম্ভাৱনা আছে ।

লগতে পঢ়ক: তৃতীয়বাৰৰ বাবে প্ৰধানমন্ত্ৰী হিচাপে শপত ল’ব নৰেন্দ্ৰ মোদীয়ে - PM oath taking ceremony

অৱশ্যে চৰকাৰী সূত্ৰই প্ৰকাশ কৰা বৈঠকৰ ভিজুৱেল অনুসৰি বিদায়ী মন্ত্ৰীসকলৰ সৰহ সংখ্যকেই এইবাৰৰ মন্ত্ৰীসভাতো থাকিব । কেন্দ্ৰীয় মন্ত্ৰী পৰিষদত নতুন মুখৰ ভিতৰত থাকিব বিজেপি নেতা মনোহৰ লাল খট্টৰ, চি আৰ পাটিল, শিৱৰাজ সিং চৌহান, বন্দী সঞ্জয় কুমাৰ আৰু ৰৱনীত সিং বিট্টু । এই মুখবোৰৰ বেছিভাগেই বিজেপি মিত্ৰজোঁটৰ ।

তেলুগু দেশম পাৰ্টীৰ ৰাম মোহন নাইডু আৰু চন্দ্ৰ শেখৰ পেম্মাছানি, জেডিইউৰ লালন সিং আৰু ৰামনাথ ঠাকুৰ, শিৱসেনাৰ প্ৰতাপ ৰাও যাদৱৰ লগতে ৰাষ্ট্ৰীয় গণতান্ত্ৰিক মিত্ৰজোঁটৰ অন্যান্য সদস্য যেনে চিৰাগ পাছোৱান, জিতেন ৰাম মাঝি, এইচ ডি কুমাৰস্বামী, জয়ন্ত চৌধুৰী, ৰামদাস আঠৱালে আৰু অনুপ্ৰিয়া পেটেলে শপত গ্ৰহণ কৰিব ।

বিজেপিৰ জ্যোতিৰাদিত্য সিন্ধিয়া, ভূপেন্দৰ যাদৱ, প্ৰহ্লাদ যোশী, গিৰিৰাজ সিং, অৰ্জুন ৰাম মেঘৱাল, জিতেন্দ্ৰ সিং, এছ পি এছ বাঘেল, অন্নপূৰ্ণা দেৱী, বীৰেন্দ্ৰ কুমাৰ, পংকজ চৌধুৰী, শোভা কাৰণ্ডলাজে, কৃষ্ণ পাল গুৰজাৰ আৰু এল মুৰুগান, আটাইকেইজন বিদায়ী মন্ত্ৰীয়েও ল’ব শপত বুলি সূত্ৰই জনায় ।

লগতে পঢ়ক: মোদী মন্ত্রীসভা : অসমৰ পৰা সৰ্বানন্দ সোণোৱাল আৰু পবিত্র মাৰ্ঘেৰিটা - Modi Cabinet

বিজেপিৰ জি কিষাণ ৰেড্ডী, সুকান্ত মজুমদাৰ, ৰাও ইন্দৰজিৎ সিং, নিত্যানন্দ ৰায় আৰু ভগীৰথ চৌধাৰীকো নতুন চৰকাৰৰ অংশ হিচাপে টিপ দিয়া হৈছে । উত্তৰ প্ৰদেশৰ পৰা বিজেপি সাংসদ জিতীন প্ৰসাদ আৰু মহাৰাষ্ট্ৰৰ পৰা ৰক্ষা খাদছেও নতুন চৰকাৰৰ অংশ হোৱাৰ সম্ভাৱনা আছে । খাদছেই সংবাদ মাধ্যমৰ আগত নিশ্চিত কৰে যে তেওঁক চৰকাৰৰ অংশ হ’বলৈ ফোন আহিছে ।

এই মাহৰ ভিতৰত বৰ্ধিত কাৰ্যকাল শেষ হ’বলগীয়া আৰু মোদীক সাক্ষাৎ কৰা নেতাসকলৰ ভিতৰত থকা ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাকো চৰকাৰলৈ ঘূৰাই অনা হ’ব পাৰে বুলিও বিজেপিৰ ভিতৰ চ’ৰাত জল্পনা-কল্পনা চলিছে ।

অৱশ্যে শাসকীয় দলৰ মুৰব্বী হিচাপেও তেওঁ সভাত উপস্থিত থাকিব পাৰে । ২০১৯ চনত সকাহ পাই দলৰ সংগঠনৰ দায়িত্ব লোৱাৰ পূৰ্বে প্ৰথমখন মোদী চৰকাৰৰ মন্ত্ৰীসভাৰ সদস্য আছিল নাড্ডা । পঞ্জাৱৰ প্ৰাক্তন মুখ্যমন্ত্ৰী বেয়ান্ট সিঙৰ নাতি বিট্টু লোকসভা নিৰ্বাচনত পৰাস্ত হৈছিল যদিও পঞ্জাৱত বিজেপিয়ে নিজৰ পদাংক গভীৰ কৰাৰ বাবে চেষ্টা অব্যাহত ৰাখিবলৈ তেওঁৰ প্ৰফাইলৰ বাবে তেওঁক নিযুক্তি দিয়াৰ সম্ভাৱনা আছে । ৰাঁচীৰ পৰা বিজেপিৰ সাংসদ সঞ্জয় ছেঠ আৰু ওড়িশাৰ সাংসদ জুৱাল ওৰামেও শপত গ্ৰহণ কৰাৰ সম্ভাৱনা আছে ।

লগতে পঢ়ক: ভাৰতৰ বাবে আজি এটা ডাঙৰ দিন : পাকিস্তানৰ পৰা নৰেন্দ্ৰ মোদীলৈ অভিনন্দন - PM oath taking ceremony

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.