ETV Bharat / politics

নিৰ্বাচিত পুঁজিপতিসকলক গতোৱা হৈছে ৰাষ্ট্ৰীয় সম্পত্তি: ৰাহুল গান্ধী - RAHUL GANDHI CRITICISES CENTRE

মোদী চৰকাৰে লাভজনক পি এছ ইউবোৰো ব্যক্তিগতকৰণ কৰিবলৈ আগ্ৰহী বুলি ৰাহুল গান্ধীৰ কেন্দ্ৰক সমালোচনা ।

Rahul Gandhi criticises Centre
ৰাহুল গান্ধীৰ বৈঠক (ANI)
author img

By ANI

Published : Dec 13, 2024, 12:34 PM IST

নতুন দিল্লী : লোকসভাৰ বিৰোধী দলৰ নেতা তথা কংগ্ৰেছ সাংসদ ৰাহুল গান্ধীয়ে শুকুৰবাৰে দিল্লীৰ সংসদ চৌহদত ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠানসমূহৰ (Public Sector Undertakings, PSU) সৈতে জড়িত ব্যক্তিসকলৰ সৈতে হোৱা বৈঠকৰ অন্তত ব্যক্তিগতকৰণ নীতিক লৈ কেন্দ্ৰক সমালোচনা কৰে ।

ৰাহুল গান্ধীয়ে আনকি লাভজনক পি এছ ইউসমূহৰ ব্যক্তিগতকৰণৰ বাবে চৰকাৰৰ অভিপ্ৰায়ৰ অভিযোগ উত্থাপন কৰি অভিযোগ কৰে যে ৰাষ্ট্ৰীয় সম্পত্তি 'পুঁজিপতিৰ নিৰ্বাচিত গোট'ক হস্তান্তৰ কৰা হৈছে ।

কংগ্ৰেছ দলৰ অফিচিয়েল X হেণ্ডেলত এই সন্দৰ্ভত এটা পোষ্ট কৰা হৈছে, "বিৰোধী দলৰ নেতা ৰাহুল গান্ধীয়ে ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠানসমূহৰ (পি এছ ইউ) সৈতে জড়িত লোকসকলক সাক্ষাৎ কৰে । মোদী চৰকাৰে আনকি লাভজনক পি এছ ইউবোৰো ব্যক্তিগতকৰণ কৰিবলৈ আগ্ৰহী ।"

"দেশৰ সম্পত্তি নিৰ্বাচিত পুঁজিপতিসকলক হস্তান্তৰ কৰা হৈছে । আমি এই বিষয়টোৰ বিৰুদ্ধে ৰাজপথৰ পৰা আৰম্ভ কৰি সংসদৰ মজিয়ালৈ মাত মাতি আহিছোঁ আৰু অব্যাহত ৰাখিম ।" পোষ্টটোত কোৱা হৈছে । বৈঠকত কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধীও উপস্থিত থাকে ।

ইফালে, লোকসভাত সংবিধান সন্দৰ্ভত হোৱা বিতৰ্কৰ পূৰ্বে শুকুৰবাৰে কংগ্ৰেছ সভাপতি মল্লিকাৰ্জুন খাৰ্গেয়ে বহু স্বায়ত্তশাসিত সংস্থাৰ অপব্যৱহাৰ কৰা হৈছে বুলি অভিযোগ কৰি কয় যে দেশৰ শাসন ব্যৱস্থা ভাল নহয় ।

সংবিধান গ্ৰহণৰ ৭৫ সংখ্যক বাৰ্ষিকীত শুকুৰবাৰৰ পৰা সংসদত এক বিশেষ আলোচনা আৰম্ভ হ'বলৈ আগবাঢ়িছে আৰু নৱনিৰ্বাচিত ৱায়নাড়ৰ সাংসদ প্ৰিয়ংকা গান্ধী ভাদ্ৰাই বিতৰ্কৰ সময়ত লোকসভাত তেওঁৰ প্ৰথম ভাষণ প্ৰদান কৰাৰ সম্ভাৱনা আছে ।

আনহাতে, প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে বিতৰ্ক আৰম্ভ কৰাৰ সম্ভাৱনা আছে । দুদিনীয়া বিতৰ্ক শুকুৰবাৰে দুপৰীয়া ১২ বজাত আৰম্ভ হ'ব বুলি আশা কৰা হৈছে । বিজেপিৰ ১২ জনতকৈও অধিক নেতাই এই বিতৰ্কত অংশগ্ৰহণ কৰাৰ সম্ভাৱনা আছে । প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ১৪ ডিচেম্বৰৰ সন্ধিয়া বিতৰ্কৰ উত্তৰ দিব ।

এইচ ডি কুমাৰস্বামী, শ্ৰীকান্ত সিন্দে, সম্ভাৱী চৌধুৰী, ৰাজকুমাৰ চাংৱান, জীতিন ৰাম মাঝি, অনুপ্ৰিয়া পেটেল আৰু ৰাজীৱ ৰঞ্জন সিঙকে ধৰি শাসকীয় ৰাষ্ট্ৰীয় গণতান্ত্ৰিক মিত্ৰজোঁটৰ নেতা আৰু সদস্যসকলেও বিতৰ্কৰ সময়ত বক্তব্য ৰখাৰ সম্ভাৱনা আছে ।

আনহাতে, সূত্ৰসমূহে প্ৰকাশ কৰিছে যে বিজেপি আৰু ইয়াৰ সহযোগী দলৰ নেতাসকলে জৰুৰীকালীন অৱস্থাৰ কথা উল্লেখ কৰাৰ সম্ভাৱনা আছে আৰু বিৰোধীৰ দ্বাৰা 'ভুৱা আখ্যান উপস্থাপন' সম্পৰ্কে বক্তব্য ৰখাৰ সম্ভাৱনা আছে ।

ডি এম কে নেতা টি আৰ বালু আৰু এ ৰাজা আৰু তৃণমূল কংগ্ৰেছৰ সাংসদ কল্যাণ বেনাৰ্জী আৰু মহুৱা মৈত্ৰই বিতৰ্কত অংশগ্ৰহণ কৰাৰ সম্ভাৱনা আছে । ইফালে বিজেপি আৰু কংগ্ৰেছ দলে নিজৰ সদস্যসকলৰ উপস্থিতি নিশ্চিত কৰিবলৈ হুইপ জাৰি কৰিছে ।

উল্লেখ্য যে লোকসভাৰ বিৰোধী দলপতি ৰাহুল গান্ধীয়ে বুধবাৰে কৈছিল যে বিৰোধীয়ে বিচাৰে যে ১৩-১৪ ডিচেম্বৰত সংবিধান গ্ৰহণৰ ৭৫ বছৰৰ ওপৰত সদনৰ কাম-কাজ চলিব লাগে আৰু বিতৰ্ক হ'ব লাগে । সংসদৰ প্ৰথম শীতকালীন অধিবেশন ২৫ নৱেম্বৰত আৰম্ভ হৈছে আৰু এই অধিবেশন ২০ ডিচেম্বৰলৈকে চলিব ।

লগতে পঢ়ক :ফেব্ৰুৱাৰীত সম্পূৰ্ণ হ’ব যোৰহাট-শিৱসাগৰৰ ফ’ৰলেন: গৌৰৱক আশ্বাস গাডকাৰীৰ : MP Gaurav Gogoi - MP GAURAV GOGOI
লগতে পঢ়ক :পুৰীৰ জগন্নাথ মন্দিৰত মূৰ দোৱালে ড৹ শৰ্মাই: Assam CM in Puri Srimandir - ASSAM CM IN PURI SRIMANDIR

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.