ETV Bharat / politics

মুখ্যমন্ত্ৰীক কাষত লৈ 26 মাৰ্চত মনোনয়ন দাখিল কৰিব কামাখ্যা প্ৰসাদ তাছাই - Lok sabha Elections

Lok sabha Elections 2024: 26 মাৰ্চত মুখ্যমন্ত্ৰীৰ উপস্থিতিত মনোনয়ন পত্ৰ দাখিল কৰিব কাজিৰঙা সমষ্টিৰ বিজেপি প্ৰাৰ্থী কামাখ্যা প্ৰসাদ তাছাই ৷ গোলাঘাটত এই কথা সদৰী কৰে তাছাই ।

MP Kamakhya Prasad Tasa will file his nomination in presence of the Assam CM
মুখ্যমন্ত্ৰীৰ উপস্থিতিত মনোনয়ন পত্ৰ দাখিল কৰিব বিজেপি প্ৰাৰ্থী কামাখ্যা প্ৰসাদ তাছাই
author img

By ETV Bharat Assamese Team

Published : Mar 19, 2024, 12:55 PM IST

Updated : Mar 19, 2024, 1:06 PM IST

মুখ্যমন্ত্ৰীৰ উপস্থিতিত মনোনয়ন পত্ৰ দাখিল কৰিব বিজেপি প্ৰাৰ্থী কামাখ্যা প্ৰসাদ তাছাই

গোলাঘাট, 19 মাৰ্চ: "মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা এগৰাকী দূৰদৰ্শী ব্যক্তি ৷ তেখেতৰ অংক ভূল নহয় ৷ তেখেতে নিশ্চয় সকলো পৰিস্থিতি পৰ্যবেক্ষণ কৰি তেনেকৈ কৈছে ৷ তেখেতৰ কথা ফলিয়ালে ভাল হয় ৷" সোমবাৰে মুখ্যমন্ত্ৰীৰ বক্তব্যৰ সমৰ্থনত এই মন্তব্য আগবঢ়ায় কাজিৰঙা লোকসভা সমষ্টিৰ বিজেপি প্ৰাৰ্থী কামাখ্যা প্ৰসাদ তাছাই ৷

সমাগত লোকসভা নিৰ্বাচনক কেন্দ্ৰ কৰি সমগ্ৰ দেশৰ লগতে কাজিৰঙা লোকসভা সমষ্টিতো বিভিন্ন ৰাজনৈতিক দলসমূহে ব্যাপক নিৰ্বাচনী তৎপৰতা অৱলম্বন কৰা পৰিলক্ষিত হৈছে । পিচ পৰি থকা নাই শাসনৰ গাদীত থকা বিজেপি দলো । কাজিৰঙা লোকসভা সমষ্টিত কামাখ্যা প্ৰসাদ তাছাক বিজেপি দলে প্ৰাৰ্থিত্ব ঘোষণা কৰাৰ পাচৰে পৰা বিভিন্ন সভা-সমিতিত দেখিবলৈ পোৱা গৈছে প্ৰাৰ্থীগৰাকীক ।

সোমবাৰে গোলাঘাটৰ অসম চাহ মজদুৰ সংঘৰ গোলাঘাট শাখাৰ কাৰ্যালয়ত বিজেপি প্ৰাৰ্থীগৰাকীয়ে সদস্যসকলৰ লগত এক আলোচনাত মিলিত হয় ৷ পূৰ্বতে চাহ মজদুৰ সংঘই কংগ্ৰেছ দলক সমৰ্থন কৰাৰ কথা উল্লেখ কৰি বিজেপি প্ৰাৰ্থীগৰাকীয়ে পূৰ্বতে বিৰোধী শক্তিশালী নোহোৱাৰ বাবেই চাহ মজদুৰ সংঘই সমৰ্থন কৰিছিল বুলি তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে ৷

লক্ষণীয়ভাৱে, বিজেপি প্ৰাৰ্থীগৰাকীয়ে গোলাঘাট জিলাৰ বিভিন্ন স্থানত মাৰাথন প্ৰচাৰ চলোৱা পৰিলক্ষিত হৈছে ৷ সমান্তৰালভাৱে, বিজেপি দলৰ সকলো নেতা-কৰ্মীৰ লগতে মিত্ৰ দল অগপ দলৰ নেতা-কৰ্মীসকলেও ব্যাপক প্ৰচাৰ চলোৱা দেখিবলৈ পোৱা গৈছে । মুখ্যমন্ত্ৰীৰ উপস্থিতিত 26 মাৰ্চত মনোনয়ন পত্ৰ দাখিল কৰিব কাজিৰঙা সমষ্টিৰ বিজেপি প্ৰাৰ্থী কামাখ্যা প্ৰসাদ তাছাই ৷

উল্লেখ্য যে, অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কাজিৰঙা সমষ্টিত বিজেপি দলৰ পৰা প্ৰক্ষেপিত প্ৰাৰ্থী কামাখ্যা প্ৰসাদ তাছাই বিপুল ভোটত জয়লাভ কৰিব বুলি কিছুদিন পূৰ্বে দাবী কৰিছিল ৷ মুখ্যমন্ত্ৰীৰ মন্তব্যৰ প্ৰতি সমৰ্থন জনায় সোমবাৰে কামাখ্যা প্ৰসাদ তাছাই বক্তব্য আগবঢ়ায় ৷

লগতে পঢ়ক: যজ্ঞ কৰিলেও শাপমুক্ত নহয় কংগ্ৰেছ: কামাখ্যা প্ৰসাদ তাছা

Last Updated : Mar 19, 2024, 1:06 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.