ETV Bharat / politics

বিজেপিয়ে য’ত স্মাৰ্ট শব্দটো লগাই তাতেই গণ্ডগোল হয়: তেজপুৰত সাংসদ গৌৰৱ গগৈ - MP Gaurav Gogoi slams bjp in Tezpur

author img

By ETV Bharat Assamese Team

Published : Aug 21, 2024, 10:54 PM IST

MP Gaurav Gogoi in Tezpur: তেজপুৰত সাংসদ গৌৰৱ গগৈ ৷ বিভিন্ন প্ৰসংগ উত্থাপন কৰি মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাক কঠোৰ সমালোচনা কৰে সাংসগৰাকীয়ে ৷ বিজেপিয়ে য’ত স্মাৰ্ট শব্দটো লগাই তাতেই গণ্ডগোল হয় বুলিও কটাক্ষ কৰে দলটোক ৷

MP Gaurav Gogoi critized assam cm and bjp on various issue in Tezpur
তেজপুৰত সাংসদ গৌৰৱ গগৈ (ETV Bharat)

তেজপুৰ, 21 আগষ্ট: “ৰাইজৰ মাজলৈ গৈ অসমক হিংসা আৰু বিভাজনৰ ৰাজনীতিৰ পৰা মুক্ত কৰিব বিচাৰো ৷ আমি সকলোৱে মিলি অসমখন অহংকাৰ, দমনকাৰী আৰু দুখীয়া মানুহক শোষণ কৰা ৰাজনীতিৰ পৰা বচাব লাগিব ৷ কংগ্ৰেছৰ বৰ্তমান উত্থানৰ পৰা ৰাইজৰ মনৰ পৰা শংকাৰ ভাব আঁতৰিবলৈ লৈছে ”- মঙলবাৰে তেজপুৰত এই মন্তব্য আগবঢ়ায় যোৰহাটৰ সাংসদ তথা সংসদৰ উপ-দলপতি গৌৰৱ গগৈয়ে ৷

তেজপুৰত সাংসদ গৌৰৱ গগৈ (ETV Bharat)

মঙলবাৰৰ সন্ধিয়া তেজপুৰত শোণিতপুৰ জিলা কংগ্ৰেছৰ দ্বাৰা আয়োজিত এক সম্বৰ্দ্ধনা সভাত অংশ লৈ গগৈয়ে কয়, "লোকসভা নিৰ্বাচন আমাৰ বাবে ছেমি ফাইনেল আছিল, এতিয়া আমি বহিব নালাগে ৷ ছেমি ফাইনেলত আমি জিকাৰ পিছত এতিয়া আমি ফাইনেলত জয়ী হোৱাৰ লক্ষ্য ল’ব লাগে ৷ শোণিতপুৰৰ পাঁচটা বিধানসভা সমষ্টি 5-0 ত জিকাটোৱেই এতিয়া আমাৰ লক্ষ্য ৷”

অনুষ্ঠানত অংশগ্ৰহণ কৰি উত্তৰ-পূৱ ৰে’ল সংমণ্ডলত থলুৱাৰ নিযুক্তিৰ পোষকতা কৰি সাংসদ গগৈয়ে কয়, "ৰাজ্যৰ বিভিন্ন স্থানৰ লগতে উত্তৰ-পূৰ্বাঞ্চলত ৰে’ল আৰু উৰাজাহাজৰ সংযোগ ব্যৱস্থাৰ প্ৰয়োজন আছে ৷ নৰ্থ-ইষ্ট ফ্ৰন্টিয়াৰ ৰে’লৱেত থলুৱা আৰু স্থানীয় লোকক অগ্ৰাধিকাৰ প্ৰদান কৰা হওক ৷ কাটিহাড়, জলপাইগুড়িক নৰ্থ ইষ্ট ফ্ৰন্টিয়াৰ ৰে’লৱেৰ পৰা বেলেগে ৰখা হওঁক ৷ বিহাৰ, কাটিহাড় বা শিলিগুড়িৰ লোকক নিযুক্তি দিয়াৰ সলনি উত্তৰ-পূৰ্বাঞ্চলৰ যুৱক-যুৱতীক নিযুক্তি দিব লাগে ৷"

গগৈয়ে পুনৰ কয় “প্ৰধানমন্ত্ৰীয়ে মন কি বাত কয় ৷ কিন্তু ৰাইজৰ কথা কোনে ক’ব বা কোনে শুনিব ৷ সেয়ে মই ৰাইজৰ লগত আছো, ৰাইজৰ কণ্ঠ হ’বলৈ বিচাৰিছোঁ ৷”

আনহাতে স্মাৰ্ট মিটাৰৰ প্ৰসংগত গগৈয়ে কয়, “বিজেপিয়ে য’ত স্মাৰ্ট শব্দটো লগাই তাতেই গণ্ডগোল হয় ৷ ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে এনে এটা স্মাৰ্ট মিটাৰ ৰাইজক দিলে যে ইয়াৰ নামত পূৰ্বৰ চাৰিশ টকাৰ বিল আঠশ, হেজাৰ টকালৈ বৃদ্ধি হৈছে ৷ প্ৰধানমন্ত্ৰী মোদীয়ে গুৱাহাটীক এনে স্মাৰ্ট চিটি হিচাপে বনালে যে ইয়াত 15 মিনিট বৰষুণ দিলে মানুহ পাঁচঘন্টা আৱদ্ধ হ’বলগীয়া হয় ৷ বিজেপি চৰকাৰে অতি ধনী মানুহৰ ওপৰত কৰ লগোৱা নাই, সাধাৰণ মানুহৰ ওপৰত কৰ লগাইছে ৷ চৰকাৰৰ আৰ্থিক বিফলতাৰ প্ৰতিফল সাধাৰণ মানুহে ভুগিছে ৷ চৰকাৰে ধাৰ মাৰিবলৈ এইদৰে মাচুল বৃদ্ধি কৰিছে ৷ ”

গগৈয়ে আৰু কয়, “2024 ত দেশ আৰু ৰাজ্যত বৃহৎ ৰাজনৈতিক পৰিৱৰ্তন হৈছে ৷ ইয়াৰ আগলৈকে মানুহ বিজেপিলৈ গৈছিল ৷ কিন্তু এতিয়া মানুহে কংগ্ৰেছলৈ আহিবলৈ বিচাৰিছে ৷ বিজেপিয়ে এক দেশ এক নিৰ্বাচন বুলি মুখেৰে কৈ পৃথকে নিৰ্বাচন অনুষ্ঠিত কৰিছে ৷ একেলগেনিৰ্বাচন অনুষ্ঠিত কৰাৰ সাহস বিজেপিৰ নাই ৷ ইমান দীঘলীয়া সূচীৰে নিৰ্বাচন অনুষ্ঠিত কৰা এয়ে প্ৰথম ৷ এতিয়া মহাৰাষ্ট্ৰকে ধৰি চাৰিখন ৰাজ্যত অনুষ্ঠিত হ’বলগীয়া নিৰ্বাচনতো বিজেপি পৰাভূত হ’ব ৷”

লগতে গগৈয়ে আলফা (স্বা) বোমা সংস্থাপন কৰা সন্দৰ্ভতো প্ৰতিক্ৰিয়া প্ৰকাশক কৰি কয়, "আৰক্ষীক এতিয়া কয়লা, গৰু আদি ছিণ্ডিকেটত ব্যস্ত কৰা হৈছে ৷ ছিণ্ডিকেট নিয়ন্ত্ৰণত আৰক্ষীক ব্যৱহাৰ কৰাৰ বাবেই 15 আগষ্টত আলফা (স্বা) এ ৰাজ্যৰ 25 টা স্হানত সন্দেহজনক সামগ্ৰী ৰাখিব পাৰিলে ৷ এই ব্যৰ্থতাৰ দাযিত্ব গৃহ বিভাগৰ দায়িত্বত থকাসকলে তথা আৰক্ষীৰ বৰমূৰীয়াসকলে স্বীকাৰ কৰিব লাগে ৷ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাক অহেতুক আৰু যুক্তিহীন কথা কৈ থাকিবলৈ ৰাইজে মুখ্যমন্ত্ৰী পতা নাই ৷ তেওঁক গুৱাহাটীৰ বানৰ কথা ক’লে তৰুণ গগৈৰ প্ৰসংগ উনুকিয়ায় ৷ সকলো কথাতে তেওঁ মাত্ৰ জিহাদ জিহাদ কৰিয়েই থাকে ৷ যেতিয়ালৈকে তেওঁক বিদায় দিয়া নহয় সেই পৰ্যন্ত তেওঁ কেৱল জিহাদ জিহাদেই কৰি থাকিব ৷

উল্লেখযোগ্য যে, মঙলবাৰে তেজপুৰস্থিত জিলা কংগ্ৰেছৰ কাৰ্যালয়ত আয়োজিত এই অনুষ্ঠানত জিলা সভাপতি দাদুল বৰকাকতিৰ লগতে ৰাজ্যিক কংগ্ৰেছৰ উপ-সভাপতি মাধুৰ্য গোস্বামী, জিলা সাধাৰণ সম্পাদক নয়ন গোস্বামী, বেনু নাথৰ উপৰি ঢেকিয়াজুলি, তেজপুৰ, বৰছলা, ৰঙাপৰা, নদুৱাৰ সমষ্টিৰ বিভিন্ন কংগ্ৰেছ কৰ্মকৰ্তা উপস্থিত থাকে ৷

লগতে পঢ়ক: বসুন্ধৰা আঁচনিৰ জৰিয়তে মুখ্যমন্ত্ৰীৰহে মাটিৰ পৰিমাণ বাঢ়িছে : গৌৰৱ গগৈ - Gaurav Gogoi Slams Assam CM

বিদ্যুৎ মাচুল বৃদ্ধিত হিমন্ত বিশ্ব শৰ্মা বিফলতা লুকাই আছে: গৌৰৱ গগৈ - GAURAV GOGOI VISITS MAJULI

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.