ETV Bharat / politics

লাজত পৰাৰ ভয়ে খেদিছে ৰূপজ্যোতি কুৰ্মীক - BJP Membership Drive

author img

By ETV Bharat Assamese Team

Published : 3 hours ago

BJP membership drive in Mariani : বিজেপিৰ সদস্যভৰ্তি অভিযান যেন একপ্ৰকাৰে অগ্নিপৰীক্ষাহে বিধায়ক ৰূপজ্যোতি কুৰ্মীৰ বাবে ! ভবামতে ফলাফল ভাল নহ’লে মুখ্যমন্ত্ৰীক মুখ দেখুৱাব নোৱৰাৰ চিন্তাত পৰিছে বিধায়কগৰাকী ৷ ভাইৰেল হৈছে হোৱাটছএপ গ্ৰুপৰ মেছেজ ৷

BJP membership drive in Mariani
লাজত পৰাৰ ভয়ে খেদিছে ৰূপজ্যোতি কুৰ্মীক (ETV Bharat)

যোৰহাট, ২৭ ছেপ্টেম্বৰ : সততে ভিন্নধৰ্মী মন্তব্য প্ৰদানেৰে চৰ্চাত থকা ৰূপজ্যোতি কুৰ্মীৰ মনত এতিয়া এটাই শংকা- কিদৰে মুখ দেখুৱাব মুখ্যমন্ত্ৰীক ! মৰিয়নী সমষ্টিৰ বিধায়কগৰাকীৰ এতিয়া ভয় লাগিছে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মালৈ । ইয়াৰ একমাত্ৰ কাৰণটো হৈছে বিজেপিৰ সদস্যভৰ্তি অভিযান ৷

শেহতীয়াকৈ বিজেপিয়ে আৰম্ভ কৰা সদস্যভৰ্তি অভিযানত বিশেষ সফলতা দেখুৱাব পৰা নাই মৰিয়নী সমষ্টিয়ে । যোৰহাট লোকসভা সমষ্টি অন্তৰ্গত ১০টা বিধানসভা সমষ্টিত বিজেপিৰ সদস্যভৰ্তি অভিযান শক্তিশালী কৰিবলৈ ৰাজ্যিক বিজেপি, কেন্দ্ৰীয় মন্ত্ৰী আৰু সমষ্টিৰ বিধায়কে বিভিন্ন কাৰ্যপন্থা গ্ৰহণ কৰি ৰাইজৰ মাজত সোমাবলৈ চেষ্টা কৰিছিল ৷ কিন্তু এনে প্ৰচেষ্টাৰ পিছতো মৰিয়নী, তিতাবৰ আৰু যোৰহাটত বিজেপিৰ সদস্যভৰ্তি অভিযানে বিশেষ আশাপ্ৰদ ফল লাভ কৰা নাই ৷ সেয়েহে ৰূপজ্যোতি কুৰ্মীৰ এতিয়া ভীষণ চিন্তা হৈছে ৷ নিজৰ সমষ্টিটোত সদস্যভৰ্তি অভিযানৰ ফলাফল বিজেপিৰ শীৰ্ষ নেতৃত্বই আশা কৰাৰ দৰে দেখুৱাবলৈ সক্ষম নহৈ দলীয় হোৱাটছএপ গ্ৰুপত দিলে এটা হতাশজনক মেছেজ ৷

BJP membership drive in Mariani
লাজত পৰাৰ ভয়ে খেদিছে ৰূপজ্যোতি কুৰ্মীক (ETV Bharat Assam)

হোৱাটছএপ গ্ৰুপত মৰিয়নী সমষ্টিৰ বিধায়কগৰাকীয়ে কয়, ‘‘আজি বিজেপিৰ সদস্যভৰ্তি অভিযান শেষ ৷ কিন্তু ৪০ হাজাৰ সদস্যভৰ্তি কৰিব নোৱৰা সমষ্টিৰ বাবে ২৮ তাৰিখ শেষ সময়সীমা ধাৰ্য কৰি দিয়া হৈছে ৷ এয়া কৰিব নোৱাৰিলে সকলো মান-সন্মান শেষ হৈ যাব ৷ মুখ্যমন্ত্ৰীৰ ওচৰত মুখ দেখুৱাব নোৱাৰিম ৷ অনুগ্ৰহ কৰি সখী বাইদেউসকলক লগত লৈ এই তিনিদিন কষ্ট কৰক ।’’

ৰূপজ্যোতি কুমীয়ে মেছেজৰ জৰিয়তে কোৱা কথাবোৰৰ পৰা এটা কথাই স্পষ্ট হৈছে যে মৰিয়নী সমষ্টিত বিধায়কগৰাকীৰ পূৰ্বৰ জনপ্ৰিয়তা হ্ৰাস পাইছে ৷ ফলত মৰিয়নীত বিজেপিৰ সদস্যভৰ্তি অভিযানে ৰাইজক আকৰ্ষণ কৰিব পৰা নাই ৷ তদুপৰি মুখ্যমন্ত্ৰীক সন্তুষ্ট কৰিবৰ বাবে ৰূপজ্যোতি কুৰ্মীয়ে যি অংগীকাৰ কৰিছিল, কাৰ্যতঃ সম্ভৱ হৈ নুঠিল ৷ মুখ্যমন্ত্ৰীক দিয়া প্ৰতিশ্ৰুতি সম্পূৰ্ণ কৰিব নোৱাৰিলে কি হ'ব সেয়া তেওঁ এতিয়া অনুধাৱন কৰিছে ।

উল্লেখ্য যে দিন-ৰাতি একাকাৰ কৰি ৰূপজ্যোতি কুৰ্মীয়ে সদস্যভৰ্তি অভিযানত নামি পৰিছিল ৷

লগতে পঢ়ক : ২০ দিনৰ ভিতৰত কংগ্ৰেছেও আৰম্ভ কৰিব সদস্যভৰ্তি অভিযান

বিজেপিৰ সদস্য ভৰ্তি অভিযানত পিছ পৰি আছে উজনি অসম, ময়দানত নামিছে খোদ কেন্দ্ৰীয় মন্ত্ৰী সোণোৱাল-মাৰ্ঘেৰিটা

প্ৰতিটো বিধানসভা সমষ্টিত কমেও ৪০০০০ সদস্য ভৰ্তিৰে ৫০ লাখৰ লক্ষ্য অসম বিজেপিৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.