ETV Bharat / politics

কোনোবা নেতা যাব, হাজাৰজন নেতা ওলাব: ৰেকিবুদ্দিন আহমেদ - কংগ্ৰেছ দল

MLA Rekibuddin Ahmed: জাতীয় কংগ্ৰেছৰ কোনেও বেজীৰ সমানো ক্ষতি কৰিব নোৱাৰে ৷ নোম এডালো লৰাব নোৱাৰে বুলি দাবী ৰেকিবুদ্দিন আহমেদৰ ৷

mla Rekibuddin Ahmed reacts to leaders leaving congress
বিধায়ক ৰেকিবুদ্দিন আহমেদ
author img

By ETV Bharat Assamese Team

Published : Feb 15, 2024, 8:30 PM IST

বিধায়ক ৰেকিবুদ্দিন আহমেদৰ মন্তব্য

গুৱাহাটী, ১৫ ফেব্ৰুৱাৰী : ‘যিসকলে ভাৰতীয় জাতীয় কংগ্ৰেছক দুৰ্বল কৰিম বুলি ভাবিছে তেওঁলোকে ভাৰতীয় জাতীয় কংগ্ৰেছৰ এটা বেজীৰ সমানো ক্ষতি কৰিব নোৱাৰে’, এই মন্তব্য কংগ্ৰেছৰ বিধায়ক ৰেকিবুদ্দিন আহমেদৰ । উল্লেখ্য যে, এটাৰ পাচত আনটোকৈ মোক্ষম আঘাতৰ সন্মূখীন হোৱা কংগ্ৰেছ দলৰ দুজনকৈ বিধায়কে আনুষ্ঠানিকভাৱে দল ত্যাগ নকৰিলেও বিজেপি চৰকাৰৰ প্ৰতি সমৰ্থন আগবঢ়াই বিজেপি দলৰ প্ৰতি নিজৰ আনুগত্য স্বীকাৰ কৰিলে ।

  • " class="align-text-top noRightClick twitterSection" data="">

বুধবাৰে কংগ্ৰেছৰ বিধায়ক কমলাক্ষ দে’ পুৰকায়স্থ আৰু বসন্ত দাসে চৰকাৰখনৰ প্ৰতি সমৰ্থন আগবঢ়ায় । যাক লৈ এতিয়া ৰাজ্যৰ ৰাজনীতিত ব্যাপক খলকনিৰ সৃষ্টি হৈছে । এই সন্দৰ্ভত বৃহস্পতিবাৰে সংবাদ মাধ্যমৰ আগত প্ৰতিক্ৰিয়া ব্যক্ত কৰি বিধায়ক ৰেকিবুদ্দিন আহমেদে কয় যে ভাৰতীয় জাতীয় কংগ্ৰেছৰ কোনেও কোনো ধৰণৰ ক্ষতি কৰিব নোৱাৰে ।

অহাবাৰ ৰাহুল গান্ধী ভাৰতৰ প্ৰধানমন্ত্ৰী হ’ব বুলি বিধায়কজনে দাবী কৰে । অসমত দলৰ যিটো নিদৰ্শন দেখা পোৱা গৈছে সেইটো ভাল নিদৰ্শন নহয় বুলি তেওঁ সদৰী কৰে । সংবাদ মাধ্যমক বেছি ইফাল-সিফাল কৰি কোনো লাভ নাই বুলি সদৰী কৰি তেওঁ কয়, ‘আপোনালোকে কিছুমান কথা ইফালে আৰু সিফালে কৰে । এনেকুৱা নকৰিব ৷ আপোনালোকৰ লগত আমাৰ এটা জীৱনজোৰা সম্পৰ্ক আছে । আমাৰ মাজত সু-সম্পৰ্কৰ দেৱাল আছে ।’ মিডিয়াৰ পৰা আমি শিকো বুলি সদৰী কৰি তেওঁ কয় যে ৰাজনীতিকৰ বাবে মিডিয়া ৰাজনৈতিক জীৱনত এটা বহুত ডাঙৰ শিকনি হয় ।

তেওঁ লগতে কয় যে যিসকলে ভাৰতীয় জাতীয় কংগ্ৰেছক দুৰ্বল কৰিম বুলি ভাবিছে তেওঁলোকে নোম এডালো লৰাব নোৱাৰে । ‘কোনোবা নেতা যাব, হাজাৰজন নেতা ওলাব অনাগত সময়ত ভাৰতীয় জাতীয় কংগ্ৰেছে তাৰ প্ৰতিফলন ভালদৰে দেখুৱাই দিব । ইয়াৰ বাবে বৰ বেছি দিন নাই’ বুলি উল্লেখ কৰে তেওঁ ।

লগতে পঢ়ক : কংগ্ৰেছ দল হৈছে সাগৰ; কংগ্ৰেছৰ পৰাই সৃষ্টি হৈছে নেতাৰ : গৌৰৱ গগৈ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.