ETV Bharat / politics

ভূপেন বৰা ৰাৱনৰ ভক্ত বাবেহে ৰামভক্তই আক্ৰমণ কৰিছিল: জয়ন্ত মল্লবৰুৱা

author img

By ETV Bharat Assamese Team

Published : Jan 23, 2024, 7:59 PM IST

Jayanta MallaBaruah: ভূপেন বৰা ৰাৱনৰ মানুহ বাবেহে ৰামভক্তই আক্ৰমণ কৰিছিল ৷ এই মন্তব্য মন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ ৷ ৰাহুল গান্ধীৰ ভাৰত জোড়ো ন্যায় যাত্ৰাতকৈ স্বচ্ছ ভাৰতৰ ছাফাই অভিযানত ৰাইজৰ উপস্থিতি বেছি হয় বুলিও মন্তব্য মন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ ।

jayanta mallabaruah
লক্ষীপুৰত মন্ত্ৰী জয়ন্ত মল্লবৰুৱা

লক্ষীপুৰত মন্ত্ৰী জয়ন্ত মল্লবৰুৱা

শিলচৰ, 23 জানুৱাৰী: কাছাৰৰ লক্ষীপুৰত ৰেচনকাৰ্ড বিতৰণী জনসভা । খাদ্য সুৰক্ষা আইনৰ অধীনত কাছাৰৰ লক্ষীপুৰ সমষ্টিৰ ১১ হাজাৰ ১৫৩ জন নতুন হিতাধিকাৰীক ৰেচন কাৰ্ড বিতৰণ ৷ কাছাৰৰ অভিভাৱক মন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ উপস্থিতিত লক্ষীপুৰ লাবক চাহ বাগিচাৰ খেলপথাৰত এক বিশাল সভাৰ জৰিয়তে নতুন হিতাধিকাৰীসকলৰ হাতত তুলি দিয়া হয় খাদ্য সুৰক্ষাৰ ৰেচন কাৰ্ড ৷

১১ হাজাৰ ১৫৩ গৰাকীৰ মাজত বিতৰণ কৰা নতুন ৰেচন কাৰ্ডসমূহৰ জৰিয়তে মুঠ ৪৫ হাজাৰ ৮০০ লোক উপকৃত হ’ব । উক্ত অনুষ্ঠানত উপস্থিত থাকি মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই কয়, ‘‘ৰাহুল গান্ধীৰ ভাৰত জোড়ো ন্যায় যাত্ৰাতকৈ স্বচ্ছ ভাৰতৰ ছাফাই অভিযানত ৰাইজৰ উপস্থিতি বেছি হয় ।’’

লগতে তেওঁ কয়, ‘‘গণতন্ত্ৰত বিৰোধীৰ ভূমিকা আছে, কিন্তু পৰিয়ালতন্ত্ৰৰ ভূমিকা নাই । যিসকলে গান্ধী, নেহৰু পৰিয়ালক ৰাখিব বিচাৰে তেওঁলোকেহে এই ন্যায় যাত্ৰাত অংশগ্ৰহণ কৰি আছে ৷’’

আনহাতে মন্ত্ৰী মল্লবৰুৱাই কয় যে ভূপেন বৰাক কংগ্ৰেছৰ ৰাজ্যিক সভাপতি বুলি নহয়, ৰাৱণ ভক্ত বুলিহে আক্ৰমণ কৰিছে ৰাম ভক্তই । প্ৰদেশ কংগ্ৰেছ সভাপতি ভূপেন বৰাৰ ওপৰত হোৱা আক্ৰমণৰ সন্দৰ্ভত শিলচৰত এনেদৰে মন্তব্য কৰে মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই ।

অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাক ৰাৱণ ভক্তৰ আখ্যা দি মন্ত্ৰীগৰাকীয়ে কয় যে, জয় শ্ৰীৰাম কৈ ৰামৰ ভক্তিত বিলিন হৈ থকা ৰামভক্তৰ মাজত সোমালে ৰাৱণ ভক্তই মাৰ খাবই ৷ ৰাম ভক্তসকলক ৰাম ভক্তৰ লগত থাকিব লাগে আৰু ৰাৱণ ভক্তসকলক ৰাৱন ভক্তৰ লগত বুলি মন্তব্য কৰে মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই ।

লগতে পঢ়ক: ভাৰত জোড়ো ন্যায় যাত্রা : ৰণক্ষেত্রলৈ পৰিণত খানাপাৰা, আহত বহুজন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.