ETV Bharat / politics

উপ-নিৰ্বাচনত বিজেপিয়ে কিমানখন আসনত জয়ী হোৱাৰ দাবী কৰিলে জয়ন্ত মল্লবৰুৱাই - Jayanta Mallabaruah

Jayanta Mallabaruah slams opposition: বিৰোধীক পুনৰ টাৰ্গেক মন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ । পৰাজিত হৈয়ো উল্লাস কৰা প্ৰথমটো দলেই কংগ্ৰেছ বুলি মন্তব্য় কৰিলে মন্ত্ৰীগৰাকীয়ে ।

author img

By ETV Bharat Assamese Team

Published : Jul 19, 2024, 9:11 PM IST

Minister Jayanta Mallabaruah
কেবিনেট মন্ত্ৰী জয়ন্ত মল্লবৰুৱা (ETV Bharat Assam)

নগাঁও, ১৯ জুলাই: বিধানসভা এৰি দিল্লী যাত্ৰা কৰা পাঁচগৰাকী বিধায়কৰ বিধানসভা সমষ্টিতেই অনুষ্ঠিত হ'ব উপ-নিৰ্বাচন । উপ-নিৰ্বাচনৰ দিন ঘোষণা হোৱা নাই যদিও ৰাজ্যৰ পাঁচখন বিধানসভা আসনৰ বাবে ইতিমধ্যেই শাসকীয় বিজেপিৰ লগতে বিৰোধী দলেও আৰম্ভ কৰিছে তৎপৰতা । বিৰোধী ঐক্যৰ মাজত ইতিমধ্যেই উপ-নিৰ্বাচনক লৈ সংঘাত আৰম্ভ হোৱাৰ সময়তেই পুনৰ বিৰোধীক সমালোচনাৰ লক্ষ্য কৰি ল'লে কেবিনেট মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই ।

শুক্ৰবাৰে নগাঁৱত উপস্থিত হোৱা মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই বিৰোধীক অপৈণত দল আখ্যা দি তীব্ৰ কটাক্ষ কৰে । কংগ্রেছক লক্ষ্য কৰি মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই কয়," লোকসভা নিৰ্বাচনত আটাইতকৈ বেয়া ফলাফল পোৱাৰ পিচতো আত্মসমালোচনা কৰাৰ বিপৰীতে পৰাজয়ৰ উল্লাস কৰিছে বিৰোধীয়ে ।" লোকসভা নিৰ্বাচনত বিজেপিয়ে আটাইতকৈ ভাল ফালফল লাভ কৰা বুলি দাবী কৰি কংগ্রেছক সমালোচনা কৰে মন্ত্ৰীগৰাকীয়ে । লগতে উপ-নিৰ্বাচনত বিজেপিয়ে পাঁচখন বিধানসভা আসনৰ আটাইকেইখনতেই জয়ী হোৱাৰ লক্ষ্য বান্ধি লোৱা বুলি উল্লেখ কৰিও চাৰিখন আসনত জয় লাভ কৰাটো নিশ্চিত বুলিও দাবী কৰিলে মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই ।

ইপিনে, চামগুৰি বিধানসভা সমষ্টিৰ উপ-নিৰ্বাচনত প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইনৰ পুত্ৰৰ নাম কংগ্ৰেছৰ প্ৰাৰ্থী হিচাপে হোৱা চর্চাক লৈয়ো মন্তব্য কৰে মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই । প্ৰাক্তন প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুৰ দিনৰ পৰাই কংগ্ৰেছ দলটোত নেতাৰ পুত্ৰ-কন্যাৰ ৰাজনীতি চলি অহা বুলিও তীব্ৰ কটাক্ষ কৰে মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই । অৱশ্যে মন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ মন্তব্যত যেন স্পষ্ট হৈছে চামগুৰি বিধানসভা সমষ্টিত বিজেপিৰ বাবে মসৃণ নহ'ব বিজয়ৰ পথ ।

লগতে পঢ়ক:বিশেষ সম্প্ৰদায়ৰ মানুহে ধাৰাবাহিকভাৱে খিলঞ্জীয়াৰ ওপৰত আক্ৰমণ চলাইছে : জয়ন্ত মল্লবৰুৱা - Jayanta Mallabaruah

মৃণাল শইকীয়াৰ 8PMৰ পোষ্টত গুৰুত্ব দিব নালাগে: জয়ন্ত মল্লবৰুৱা - MRINAL SAIKIA OUTBURST

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.