ETV Bharat / politics

বিহালীত চি পি আই এম এলৰ প্ৰাৰ্থী দিবলৈ কংগ্ৰেছক আহ্বান জনাইছো: লুৰীণজ্যোতি

Behali Assembly constituency : বিহালী বিধানসভা সমষ্টিত এতিয়াও অনিশ্চিত বিৰোধী ঐক্য় । অসম সন্মিলিত মৰ্চাত মেলিব নেকি ফাঁট ?

author img

By ETV Bharat Assamese Team

Published : 3 hours ago

Behali Assembly constituency
অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈ (ETV Bharat Assam)

মাজুলী: উপ-নিৰ্বাচনকলৈ ৰাজ্যৰ ৰাজনীতিত এতিয়া গৰম বতাহ বলিছে । প্ৰাৰ্থিত্বকেন্দ্ৰিক সংঘাতে শাসক-বিৰোধী উভয়কে জোকাৰিছে । বিজেপি দলক অসমত শাসনৰ পৰা উৎখাত কৰাৰ লক্ষ্যৰে ২০২৬লৈকে ঐক্যবদ্ধ হৈ থকাৰ অংগীকাৰবদ্ধ হোৱা অসম সন্মিলিত মৰ্চাত এতিয়া অস্থিৰতাই দেখা দিছে ।

যদিও ৫ টা সমষ্টিত উপ-নিৰ্বাচন অনুষ্ঠিত হ'ব, কিন্তু তাৰ ভিতৰত বিহালী সমষ্টিটোক লৈ এতিয়া অসম সন্মিলিত মৰ্চাত অস্থিৰতাই গা কৰি উঠিছে । দেওবাৰে মাজুলীত অসম জাতীয় পৰিষদৰ এখন সাংগঠনিক সভাত অংশগ্ৰহণ কৰিবলৈ আদি দলটোৰ সভাপতি লুৰীণজ্যোতি গগৈয়ে এই সম্পৰ্কে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয়, "বিৰোধীৰ মাজত যাতে ভোট বিভাজন নহয় তাৰবাবে আমি সকলো বিৰোধী একত্ৰিত হৈ থাকিব লাগিব । সেয়েহে আমি আমাৰ বিহালী সমষ্টিটো চি পি আই (এম এল)ৰ প্ৰাৰ্থীগৰাকীক দিবলৈ অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীক আহ্বান জনাইছিলো । গতিকে এই সম্পৰ্কে কি ব্যৱস্থা তেওঁলোকে গ্ৰহণ কৰে সেইটো তেওঁলোকৰ কথা । আমাৰ ফালৰ পৰা বিৰোধী দলসমূহ একত্ৰিত হৈ থাকিব বিচাৰো ।"

কংগ্ৰেছৰ সংঘাত আমাৰ বাবে গুৰুত্বপূৰ্ণ নহয়

বিহালী সমষ্টিক লৈ ভূপেন বৰা আৰু গৌৰৱ গগৈৰ মাজৰ সংঘাতক লৈ তেওঁ কয়," ভূপেন বৰা আৰু গৌৰৱ গগৈৰ মাজৰ সংঘাত আমাৰ বাবে গুৰুত্বপূৰ্ণ নহয় । আজিৰ তাৰিখত মূল বিষয় হৈছে ২৬ ৰ আধাৰ তৈয়াৰ কৰিবলৈ ঐক্যবদ্ধ হৈ যুঁজ দিয়া । আমি সকলো বিৰোধী একত্ৰিত হৈ বিজেপি দলৰ বিপক্ষে যুঁজ দিব লাগে ।"

মাজুলী-যোৰহাট সংযোগী দলংক লৈ চৰকাৰৰ ৰাজনীতি

আজি প্ৰায় দুমাহ ধৰি বন্ধ হৈ আছে মাজুলীবাসীৰ সপোনৰ যোৰহাট-মাজুলী সংযোগী দলঙৰ নিৰ্মাণ কাৰ্য । এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি লুৰীণজ্যোতি গগৈয়ে কয়, "মাজুলীবাসীৰ সপোনৰ দলংখনক লৈ চৰকাৰে বাৰে বাৰে কূট-কৌশল প্ৰয়োগ কৰি আহিছে । মাজুলী-যোৰহাট সংযোগী দলংখনক চৰকাৰে ৰাজনৈতিক অস্ত্ৰ হিচাপে ব্যৱহাৰ কৰি আহিছে আৰম্ভণিৰে পৰা । দলঙৰ কাম আৰম্ভ হোৱাৰ পৰাই বিতৰ্কই লগ এৰা নাই । কেতিয়াবা যদি খুটাৰ বিসংগতিৰ বাবে দলংখনৰ কাম বন্ধ থাকে, আন কেতিয়াবা আকৌ আন আন কথাত বিতৰ্ক হয় ।"

তেওঁ পুনৰ কয়, "ইফালে যিটো কোম্পানীক দলঙৰ নিৰ্মাণৰ দায়িত্ব দিলে সেইটো কোম্পানীও বিতৰ্কৰ আৱৰ্তত আছে । তেওঁলোকে বনোৱা দলং ভাগি যোৱাৰ উদাহৰণ আছে । ৰাজনীতি আঁতৰ কৰি দলংখনৰ কাম সোনকালে শেষ কৰিব লাগে । কিয়নো এই দলঙৰ লগত মাজুলীৰ সভ্যতা সংস্কৃতি, জীৱন জড়িত হৈ আছে ।"

লগতে পঢ়ক:চিপিআইএমলক বিহালী এৰি দিলে সমৰ্থন নকৰে স্থানীয় কংগ্ৰেছ নেতা-কৰ্মীয়ে !

জয়ন্ত বৰাক টিকট দিলে মুণ্ডন কৰিব জিলা সভাপতিয়ে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.