ETV Bharat / politics

ভৰত নৰহৰ পদত্যাগক সহজে ল'ব পৰা নাই দেৱব্ৰত শইকীয়াই - MLA Bharat Narah resignation - MLA BHARAT NARAH RESIGNATION

MLA Bharat Narah resignation: অসম প্ৰদেশ কংগ্ৰেছৰ জ্যেষ্ঠ নেতা তথা বিধায়ক আৰু অসম প্ৰদেশ কংগ্ৰেছৰ মিডিয়া বিভাগৰ অধ্যক্ষ ভৰত চন্দ্ৰ নৰহে সোমবাৰে পদত্যাগ কৰে । তেওঁৰ পদত্যাগে দলক প্ৰভাৱিত কৰিব বুলি উল্লেখ কৰে বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই ।

MLA Bharat Narah resignation
নৰহৰ পদত্যাগে দলত প্ৰভাৱ পেলাব
author img

By ETV Bharat Assamese Team

Published : Mar 25, 2024, 3:51 PM IST

নৰহৰ পদত্যাগে দলত প্ৰভাৱ পেলাব

গুৱাহাটী, ২৫ মাৰ্চ : কংগ্ৰেছত প্ৰাৰ্থিত্বকেন্দ্ৰিক সংঘাতৰ বাবে দল ত্যাগ কৰা অসম প্ৰদেশ কংগ্ৰেছৰ জ্যেষ্ঠ নেতা তথা বিধায়ক ভৰত চন্দ্ৰ নৰহ সন্দৰ্ভত বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই সোমবাৰে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে নৰহৰ দল ত্যাগে দলত প্ৰভাৱ পেলাব ।

শইকীয়াই কয়, "কালি মই নৰহৰ লগত কথা পাতিছিলো । তেওঁক দল ত্যাগ নকৰাৰ বাবে অনুৰোধ কৰিছিলোঁ । কিন্তু তেওঁৰ পত্নীয়ে টিকট নোপোৱাৰ বাবে শেষত দল ত্যাগ কৰিলে । এয়া মানিব লাগিব যে টিকট নোপোৱা ৰাণী নৰহ আৰু ভৰত নৰহৰ কিছু অসন্তোষ হ'ব । কিন্তু দলক নিৰ্বাচনত সহায়‌‌ কৰিব বুলি আশা কৰিছিলো । কাৰণ নৰহ দলৰ জেষ্ঠ নেতা, অভিজ্ঞ নেতা । গতিকে এনে সময়ত দলত থকাটো প্ৰয়োজন আছিল ।"

দেৱব্ৰত শইকীয়াই কয় যে ভোটাৰ এজনে দলত্যাগ কৰিলে দলত প্ৰভাৱ‌ পৰে ।‌ গতিকে ভৰত নৰহে দল ত্যাগ কৰাৰ‌ পিচত অলপ হ'লেও দলত প্ৰভাৱ‌ পৰিব । মুখ্যমন্ত্ৰীয়ে কংগ্ৰেছ সন্দৰ্ভত কৰা মন্তব্যত তেওঁ প্ৰতিক্ৰিয়া প্ৰকাশ‌ কৰি কয় যে মুখ্যমন্ত্ৰীয়ে কিছুমান ভিত্তিহীন কথা কয় । যাৰ কোনো প্ৰমাণ নাথাকে । গতিকে মুখ্যমন্ত্ৰীৰ কথাত তেওঁ গুৰুত্ব নিদিয়ে বুলি উল্লেখ কৰে । আনহাতে ৰাইজে সকলো বিচাৰ কৰিব বুলি তেওঁ আশাবাদী ।

উল্লেখ্য যে লোকসভা নিৰ্বাচনৰ প্ৰাকমুহূৰ্তত লখিমপুৰত কংগ্ৰেছৰ প্ৰাৰ্থী উদয় শংকৰ হাজৰিকাৰ নাম ঘোষণাৰ পিচতে অসম প্ৰদেশ কংগ্ৰেছৰ জ্যেষ্ঠ নেতা তথা বিধায়ক আৰু অসম প্ৰদেশ কংগ্ৰেছৰ মিডিয়া বিভাগৰ অধ্যক্ষ ভৰত চন্দ্ৰ নৰহে সোমবাৰে হঠাৎ কংগ্ৰেছ দলৰ পৰা পদত্যাগ কৰে । লক্ষণীয় যে দেওবাৰে নৰহে অসম প্ৰদেশ কংগ্ৰেছৰ মিডিয়া বিভাগৰ অধ্যক্ষ পদৰ পৰা পদত্যাগ কৰাৰ পিচত তেওঁ সোমবাৰে হঠাতে দলৰ পৰাও পদত্যাগ কৰে ।

নৰহে কোনো কাৰণ উল্লেখ নকৰাকৈ কংগ্ৰেছৰ‌ সভাপতি মল্লিকাৰ্জুন খাৰ্গেলৈ পদত্যাগ পত্ৰ প্ৰেৰণ কৰে । লোকসভা নিৰ্বাচন চমু চাপি অহাৰ সময়তে প্ৰদেশ কংগ্ৰেছৰ জ্যেষ্ঠ নেতা তথা নাওবৈচা সমষ্টিৰ বিধায়ক আৰু অসম প্ৰদেশ কংগ্ৰেছৰ মিডিয়া বিভাগৰ অধ্যক্ষ ভৰত চন্দ্ৰ নৰহে সোমবাৰে হঠাতে দলৰ পৰা পদত্যাগ কৰাক লৈ কংগ্ৰেছ দলত খলকনি তুলিছে । উল্লেখ্য যে লখিমপুৰ সমষ্টিৰ পৰা টিকটৰ দাবীদাৰ পত্নী ৰাণী নৰহ বঞ্চিত হোৱাৰ বাবে ক্ষোভিত হৈ ভৰত নৰহে কংগ্ৰেছ দলৰ পৰা‌ পদত্যাগ কৰা বুলি চৰ্চা চলিছে ।

লগতে পঢ়ক :ভৰত নৰহ‌ৰ কংগ্ৰেছ ত্যাগ; একে পথৰে পথিক হ’ব নেকি টিকট বঞ্চিত পত্নী ৰাণী ? - Bharat Chandra Narah Quits Congress

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.