কোকৰাঝাৰ, ৮ মাৰ্চ :কোকৰাঝাৰ লোকসভা সমষ্টিৰ বাবে বিপিএফৰ তিনিজনীয়া পেনেলৰ পৰা শেষমুহূৰ্তত কোনে প্ৰাৰ্থিত্ব লাভ কৰিব তাকে লৈ জল্পনা-কল্পনা অব্যাহত আছে । এনে চৰ্চাৰ মাজতেই শুকুৰবাৰে বিপিএফৰ উপ-সভাপতি তথা বিটিচিৰ প্ৰাক্তন উপ মুখ্য কাৰ্যবাহী খাম্পা বৰগয়াৰীয়ে কোকৰাঝাৰত এক সংবাদমেল সম্বোধন কৰি কোকৰাঝাৰ লোকসভা সমষ্টিত তেৱেই টিকট লাভ কৰিব বুলি দাবী কৰিছে । কোকৰাঝাৰৰ নিজ বাসগৃহত আয়োজিত হোৱা এক সংবাদমেলত খাম্পা বৰগয়াৰীয়ে কয় যে নিৰ্বাচন আয়োগে নিৰ্বাচনৰ দিন ঘোষণা কৰাৰ পিচতে বিপিএফে প্ৰাৰ্থী ঘোষণা কৰিব ।
- " class="align-text-top noRightClick twitterSection" data="">
বিপিএফৰ উপ-সভাপতি তথা বিটিচিৰ প্ৰাক্তন উপ মুখ্য কাৰ্যবাহী খাম্পা বৰগয়াৰীয়ে কয় যে তিনিজনীয়া পেনেল তালিকাৰ ভিতৰত তেওঁৰ নামটোৱে চূড়ান্ত হ'ব । বিপিএফে কোকৰাঝাৰ লোকসভা সমষ্টি আৰু দৰং-ওদালগুৰি লোকসভা সমষ্টিত প্ৰাৰ্থী প্ৰদান কৰিব আৰু দুয়োটা সমষ্টিতে বিজয়ী হ'ব বুলি মন্তব্য কৰি নিৰ্বাচনৰ প্ৰাকমুহুৰ্তত বিপিএফৰ বিৰোধী দলে অপপ্ৰচাৰত লিপ্ত হোৱা বুলি অভিযোগ কৰে । বিপিএফে কংগ্ৰেছৰ সৈতে মিত্ৰতাৰ বাবে আলোচনাত বহা কথাটোও ভিত্তিহীন বুলি দাবী কৰি খাম্পা বৰগয়াৰীয়ে কয় যে বিপিএফক ক্ষতি কৰাৰ বাবে বিৰোধীয়ে কংগ্ৰেছৰ সতে বিপিএফে মিত্ৰতা কৰা বুলি মিছা অপ্ৰচাৰত চলাইছে ৷
তেওঁ কয় যে বিপিএফে বিজেপি, কংগ্ৰেছ কাৰো সৈতেই মিত্ৰতা নকৰে আৰু লোকসভা নিৰ্বাচন বিপিএফে অকলেই খেলিব বুলি মন্তব্য কৰি নিৰ্বাচনত ইউপিপিএল বিপিএফৰ বাবে কোনো ফেক্টৰ নহয় বুলি দাবী কৰে । আনহাতে,সংবাদমেলত ইউপিপিএলক সমালোচনা কৰি খাম্পা বৰগয়াৰীয়ে কয় যে ইউপিপিএলে বহু নতুন আঁচনি লোৱা বুলি কয়, কিন্তু কাৰ্যঃ ৰাইজৰ হকে একো কাম কৰা নাই । তেওঁ কয়,"ইউপিপিএল চৰকাৰে বিগত সময়ছোৱাত এখনো স্কুল-কলেজ নিৰ্মাণ নকৰিলে । কৃষকৰ বাবে পানীযোগান আঁচনি,ৰাস্তা-দলং একো নকৰিলে । নতুন ৰাস্তা বাদেই দিয়ক, বিপিএফ চৰকাৰে বনোৱা ৰাস্তাসমুহো বৰ্তমানৰ চৰকাৰে মেৰামতি কৰিব নোৱাৰিলে । " বিপিএফৰ দিনত যি উন্নয়ন হৈছিল সেইখিনিয়ে আছে বুলি মন্তব্য কৰি তেওঁৰ পৰিষদীয় সমষ্টিত বৰ্তমান চৰকাৰে সম্পন্ন কৰা নতুন কাম দেখুৱাই দিবলৈ প্ৰত্যাহ্বান জনাইছে খাম্পা বৰগয়াৰীয়ে ।
ইপিনে, নিৰ্বাচনৰ পূৰ্বে খাম্পা বৰগয়াৰীক এগৰাকী যুৱতীৰ সৈতে জড়িত কৰি ভিডিঅ' বাৰ্তা ভাইৰেল হোৱাত খাম্পা বৰগয়াৰীয়ে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে সেয়া এটা ফেচবুক পেজ যোগে সম্প্ৰচাৰিত হৈছে । তেওঁ আজি মানহানিৰ গোচৰ তৰিব । উক্ত গোকট মিছা ভিডিঅ'টোৱে তেওঁৰ মান -সন্মান আৰু সামাজিক ভাৱমূৰ্তি বিনষ্ট কৰিছে বুলি মন্তব্য কৰি তেওঁৰ প্ৰতি যাতে কাৰো কণমানো সন্দেহ নাথাকে তাৰ বাবে সকলোৰে প্ৰতি আহ্বান জনায় ।
লগতে পঢ়ক:দৰং-ওদালগুৰি লোকসভা সমষ্টিৰ প্ৰাৰ্থীৰ বাবে কংগ্ৰেছ-বিপিএফৰ গোপন বৈঠক !