ETV Bharat / politics

হিন্দু-মুছলমান বিভাজনৰ চিন্তা মোদীৰ মনত আছে : প্ৰধামন্ত্ৰীৰ বিৰুদ্ধে সাম্প্ৰদায়িক মন্তব্যৰ অভিযোগ কংগ্ৰেছৰ - Lok Sabha Election 2024

PM Modi communal remarks: শেহতীয়াকৈ ৰাজস্থানত অনুষ্ঠিত এক সমাৱেশৰ সময়ত প্ৰধানমন্ত্ৰীয়ে কৰা মন্তব্যক লৈ ভাৰতীয় নিৰ্বাচন আয়োগৰ কাষ চাপিবলৈ পৰিকল্পনা কৰিছে কংগ্ৰেছে । মোদীৰ মন্তব্যৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিবলৈ নিৰ্বাচনী সংস্থাটোক আহ্বান কংগ্ৰেছৰ ।

author img

By ETV Bharat Assamese Team

Published : Apr 22, 2024, 8:10 PM IST

PM MODI COMMUNAL REMARKS
CONGRESS DEMAND SUO MOTU

নিউজ ডেস্ক, ২২ এপ্ৰিল: কংগ্ৰেছে সোমবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক তীব্ৰ সমালোচনা কৰি কয় যে তেওঁ লোকসভা নিৰ্বাচনৰ সময়ত ভোটাৰক মেৰুকৰণৰ চেষ্টা কৰিছে আৰু প্ৰাক্তন প্ৰধানমন্ত্ৰী মনমোহন সিঙৰ মন্তব্যক টুইষ্ট কৰিছিল । শেহতীয়াকৈ ৰাজস্থানত অনুষ্ঠিত এক সমাৱেশৰ সময়ত প্ৰধানমন্ত্ৰীগৰাকীয়ে কৰা মন্তব্যক লৈ ভাৰতীয় নিৰ্বাচন আয়োগৰ কাষ চাপিবলৈ পৰিকল্পনা কৰা কংগ্ৰেছে মোদীৰ মন্তব্যৰ বিৰুদ্ধে নিজাববীয়াকৈ গোচৰ ল’বলৈ নিৰ্বাচনী সংস্থাটোক আহ্বান জনায় ।

"দেশৰ ১৪০ কোটি জনসাধাৰণৰ এজন প্ৰধানমন্ত্ৰীৰ বাবে এইটো দুখজনক আৰু সম্পূৰ্ণ অনুপযুক্ত । যদি এই স্তৰলৈ প্ৰধানমন্ত্ৰী নামি যাব পাৰে, তেন্তে তেওঁ দখল কৰা উচ্চ সাংবিধানিক কাৰ্যালয়টোৰ ওপৰত ইয়াৰ প্ৰতিফলন অতি বেয়া হ’ব । হিন্দু-মুছলমানৰ এই উল্লেখসমূহ স্পষ্টভাৱে নিৰ্বাচনক মেৰুকৰণৰ প্ৰয়াস ।" কংগ্ৰেছ ৰাজ্যসভাৰ সদস্য তথা উচ্চতম ন্যায়ালয়ৰ জ্যেষ্ঠ অধিবক্তা বিবেক টাংখাই ই টিভি ভাৰতক এইদৰে কয় ।

"মই নিশ্চিত যে এই বিষয়টোক লৈ দলটোৱে নিৰ্বাচন আয়োগৰ কাষ চাপিব । কিন্তু নিৰ্বাচন আয়োগে প্ৰধানমন্ত্ৰীৰ এনে ঘৃণামূলক ভাষণৰ বিৰুদ্ধে গোচৰ দাখিল কৰিব লাগে । অন্যথা গণতন্ত্ৰ আৰু সাংবিধানিক প্ৰতিষ্ঠানৰ প্ৰতি মানুহৰ বিশ্বাস হেৰাই যাব ।" টাংখাই কয় ।

কংগ্ৰেছৰ প্ৰবীণ নেতাগৰাকীয়ে দেওবাৰে ৰাজস্থানৰ বনস্বৰাত অনুষ্ঠিত এক সমাৱেশৰ সময়ত প্ৰধানমন্ত্ৰীগৰাকীয়ে কৰা মন্তব্যৰ কথা উল্লেখ কৰে, য’ত মোদীয়ে কয় যে গ্ৰেণ্ড অল্ড পাৰ্টীয়ে অধিক সন্তান থকা আৰু অনুপ্ৰৱেশকাৰীসকলৰ মাজত দেশৰ সম্পদ বিতৰণ কৰিব বিচাৰিব, যদিহে ক্ষমতালৈ আহিবলৈ কংগ্ৰেছক ভোট দিয়া হয় । প্ৰধানমন্ত্ৰীগৰাকীয়ে আৰু অভিযোগ উত্থাপন কৰে যে প্ৰাক্তন প্ৰধানমন্ত্ৰী মনমোহন সিঙে দেশৰ সম্পদৰ ওপৰত মুছলমানৰ প্ৰথম অধিকাৰ আছে বুলি কৈছিল ।

"প্ৰধানমন্ত্ৰীয়ে মিছা কথা কৈছে । তেনে কৰাৰ অভ্যাস তেওঁৰ আছে । আন কোনো প্ৰাক্তন প্ৰধানমন্ত্ৰীয়ে এনে মিছা কথা কোৱা নাছিল । কংগ্ৰেছৰ ইস্তাহাৰত হিন্দু-মুছলমানৰ কোনো উল্লেখ আছে নেকি দেখুৱাবলৈ প্ৰধানমন্ত্ৰীক প্ৰত্যাহ্বান জনাইছোঁ । আমাৰ সমাজ কল্যাণৰ নিশ্চয়তা সমাজৰ সকলো প্ৰান্তীয় শ্ৰেণীৰ বাবে । হিন্দু-মুছলমানৰ বিভাজন প্ৰধানমন্ত্ৰীৰ মনত আছে ।" কংগ্ৰেছ নেতা পৱন খেৰাই ই টিভি ভাৰতক এইদৰে কয় ।

তেওঁ কয়, "ৰাষ্ট্ৰীয় সম্পদ বিতৰণৰ কথা কওঁতে প্ৰাক্তন প্ৰধানমন্ত্ৰী মনমোহন সিঙে কেতিয়াও ধৰ্মৰ উল্লেখ কৰা নাছিল ।"

ৰাজ্যসভাৰ সদস্যগৰাকীয়ে কয় যে প্ৰধানমন্ত্ৰীৰ এনে বিভাজনমূলক মন্তব্যই ১৯ এপ্ৰিলত প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ পিছত বিজেপিৰ ভিতৰত থকা শংকাৰ প্ৰতিফলন ঘটায় ।

“স্পষ্টভাৱে প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণত তেওঁলোকে শংকা অনুভৱ কৰিছে । সেয়েহে বাকী থকা পৰ্যায়সমূহত ভোটাৰক প্ৰলোভিত কৰাৰ বাবে প্ৰধানমন্ত্ৰীয়ে সাম্প্ৰদায়িক মেৰুকৰণৰ আশ্ৰয় লৈছে । কিছুদিনৰ আগতে তেওঁ আমিষ খাদ্যৰ কথা কৈছিল আৰু এতিয়া মুছলমানৰ কথা কৈছে । ক’তো প্ৰধানমন্ত্ৰীয়ে বিগত ১০ বছৰত তেওঁৰ চৰকাৰে কৰা কামৰ কথা কোৱা নাই ।" টাংখাই কয় ।

"বিজেপিৰ তুলনাত সকলোৰে কল্যাণৰ প্ৰতিশ্ৰুতি দিয়া আমাৰ ইস্তাহাৰৰ কথা ৰাইজে কৈ থকাৰ সময়তে প্ৰধানমন্ত্ৰী হতাশ হৈ পৰিছে । এনে প্ৰচেষ্টা আৰু কামত নাহে । এনে লাগে যেন এই কথাবোৰ কোনো প্ৰধানমন্ত্ৰীৰ নহয়, অস্থিৰ হৈ থকা এজন বিজেপি নেতাৰহে । এনে লাগে যেন বিজেপি ১০০ আসনৰ তলত থাকিব ।" তামিলনাডুৰ দায়িত্বত থকা এ আই চি চিৰ নেতা অজয় কুমাৰে ই টিভি ভাৰতক এইদৰে কয় ।

"সেইবাবেই আমি সংবিধান আৰু সাংবিধানিক প্ৰতিষ্ঠানসমূহক সুৰক্ষা দিয়াৰ প্ৰয়োজনীয়তাৰ কথা কৈ আছো । সকলো ৰাজনৈতিক দল আৰু নেতাৰ বাবে সমতাপূৰ্ণ খেলপথাৰ হ’ব লাগে ।" তেওঁ লগতে কয় ।

লগতে পঢ়ক: কংগ্ৰেছৰ চকু মহিলাৰ মংগসূত্ৰৰ ওপৰত; সেয়া অনুপ্ৰৱেশকাৰীক বিলাব: নৰেন্দ্ৰ মোদী - LOK SABHA ELECTION 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.