ETV Bharat / politics

সংসদত মণিপুৰৰ কথা ক’বলৈ নহয়, অসমৰ কথা ক’বলৈহে সাংসদক পঠিয়াইছো : মুখ্যমন্ত্ৰী - Himanta Biswa Sarma

author img

By ETV Bharat Assamese Team

Published : Jun 22, 2024, 8:44 PM IST

Felicitation to newly elected MP from Assam: হৰা পাৰ্টীয়ে ফূৰ্তি কৰা ভাৰতৰ ৰাজনৈতিক ইতিহাসত এয়াই প্ৰথম ৷ অসমৰ সাংসদক অসমৰ কথা ক’বলৈহে সংসদলৈ পঠিওৱা হৈছে, মণিপুৰৰ কথা ক’বলৈ নহয় ৷ এয়া মুখ্যমন্ত্ৰীৰ মন্তব্য ৷

Felicitation to newly elected MP from Assam
মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা (ETV Bharat Assam)

গুৱাহাটী, 22 জুন : এইবাৰ ভাৰতৰ ইতিহাসত পৰাজিত দলে প্ৰথম ফূৰ্তি কৰিছে ৷ হৰা পাৰ্টিয়ে পাৰ্টী কৰি গীণিজ ৰেকৰ্ড কৰিছে । চাৰিটা সমষ্টি আছিল কংগ্ৰেছ আৰু এ আই ইউ ডি এফৰ ৷ এতিয়া তিনিটা হ’ল ৷ এই মন্তব্য কৰি মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই কংগ্ৰেছৰ জয়লাভ কৰা প্ৰাৰ্থীক শুভেচ্ছা জনাই আৰু মনত পেলাই দিয়ে যে বিজেপি মিত্ৰজোঁট ১১ খন আসনত জয়ী হৈছে ৷

শনিবাৰে বাজপেয়ী ভৱনত নৱ-নিৰ্বাচিত সাংসদ আৰু মন্ত্ৰীসকলক সম্বৰ্ধনা অনুষ্ঠানত উপস্থিত থাকি মুখ্যমন্ত্ৰীগৰাকীয়ে কয়, ‘‘পৃথিৱীত চাগে হৰাৰ পিচতো পাৰ্টী কৰা দল হ’ব কংগ্ৰেছ । তেওঁলোকে সম্বৰ্ধনাও জনাইছে পৰাজয় হোৱাৰ পিচত । আমি সম্বৰ্ধনা জনাইছো কেৱল জয়ী হোৱাসকলক ।’’

নৰেন্দ্ৰ মোদী তৃতীয়বাৰৰ বাবে প্ৰধানমন্ত্ৰী হ’ল বুলি উল্লেখ কৰি ড৹ শৰ্মাই কয়, ‘‘যোৱা ৬০ টা বছৰত কোনো ব্যক্তি তৃতীয়বাৰৰ বাবে তিনিবাৰকৈ প্ৰধানমন্ত্ৰী হোৱা নাছিল । এয়া এক অভিলেখ ৷ মোদী নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰত অসমৰ সৰ্বানন্দ সোণোৱালে স্থান লাভ কৰিলে । পবিত্ৰ মাৰ্ঘেৰিটাই প্ৰমাণ কৰিলে যে এজন কাৰ্যকৰ্তাও মন্ত্ৰী হ’ব পাৰে ।’’

লগতে পঢ়ক: কলিয়াবৰৰ ৰাজেন চেত্ৰীক সহায়ৰ আশ্বাস দিলে মুখ্যমন্ত্ৰীয়ে

বিজুলী কলিতা মেধি আৰু অমৰছিং তিছ'ৰ দৰে কাৰ্যকৰ্তাৰ জয়লাভে সকলোকে প্ৰেৰণা যোগাই বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে দুই লাখ মুছলমান ভোট থকাৰ পিচতো জয়লাভ কৰিলে কৃপানাথ মাল্লাই ৷ এয়া এক অভিলেখ ৷ বড়ো-অবড়োৰ বিভেদ ভাঙি জয়ন্ত বসুমতাৰী জয়ী হ’ল ৷ ১৯৭৫ ৰ পিচত কোনো দলে লোকসভাত ১১খন আসন লাভ কৰিব পৰা নাছিল ৷ এইবাৰ ১১ খন আসন লাভ কৰা বুলি উল্লেখ কৰে মুখ্যমন্ত্ৰীয়ে ৷

তদুপৰি মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই কয় যে ভাৰতৰ পাঁচখন ৰাজ্যৰ এখন হিচাপে অসমত প্ৰতিষ্ঠা নকৰালৈকে কাম চলাই যাব ৷ আনহাতে ২০২৬ ত বিজেপিয়ে ৫০ শতাংশৰো অধিক ভোট লাভ কৰিব বুলি মন্তব্য কৰে হিমন্ত বিশ্ব শৰ্মাই । তদুপৰি তেওঁ উল্লেখ কৰে যে ইণ্ডি এলায়েন্সে এইবাৰ অসমত লাভ কৰিছে ৮০ লাখ ভোট । তেওঁলোকে ৩৯ শতাংশ লাভ কৰিছে । এই ভোটৰ ৩০ লাখ ভোট ২১ টা সমষ্টিৰ পৰা লাভ কৰিছে । সেয়া হৈছে সংখ্যালঘু ভোট ৷ বিধানসভা সমষ্টিত নিৰ্বাচন হ’লে কংগ্ৰেছ ৩২ টা সমষ্টিত আৰু বিজেপি ৯৩ টা সমষ্টিত জয়ী হ’ব বুলি ভৱিষ্যদ্বাণী কৰে মুখ্যমন্ত্ৰী ড৹ শৰ্মাই ৷ লোকসভা নিৰ্বাচনত বিজেপি মিত্ৰজোঁটে সংখ্যালঘুৰ মাত্ৰ তিনি শতাংশ ভোট লাভ কৰাৰ বিপৰীতে বাকী ভোট কংগ্ৰেছে লাভ কৰা বুলি উল্লেখ কৰে মুখ্যমন্ত্ৰীয়ে ৷

লগতে পঢ়ক: আশ্ৰয়হীন জ্যেষ্ঠ নাগৰিকৰ নতুন ঠিকনা হ'ব তপোবন

আনহাতে বিজেপি দল সম্প্ৰদায়িক নহয় বুলি উল্লেখ কৰে মুখ্যমন্ত্ৰীয়ে ৷ তেওঁ কয় যে সকলোবোৰ দিয়াৰ পিচতো সংখ্যলঘু লোকে বিজেপিক ভোট নিদিয়ে ৷ আগতে ধুবুৰীৰ ঠিকা আজমলৰ লগত আছিল, এতিয়া সেই ঠিকা ৰকিবুল হুচেইনৰ ওচৰত থকা বুলি উল্লেখ কৰে মুখ্যমন্ত্ৰীয়ে ৷ চৰকাৰী সুবিধা লাভ কৰিও সংখ্যালঘু লোকে বিজেপিক ভোট দিয়া নাই বুলি মন্তব্য কৰে ড৹ শৰ্মাই ৷ তেওঁ লগতে কয় যে খিলঞ্জীয়াক সুৰক্ষিত কৰিব পৰা এটাই দল আছে, সেইটো হৈছে বিজেপি ।

বটদ্ৰৱা, বৰপেটা সমষ্টি বহুদিনৰ পিচত বিজেপি মিত্ৰজোঁটে লাভ কৰিলে বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে হাতৰ পৰা ওলাই যোৱা সৰভোগ আৰু গোলকগঞ্জতো বিজেপি মিত্ৰজোঁটে জয়লাভ কৰিলে ৷ ধুবুৰী, নগাঁও আৰু যোৰহাটত পৰাজয়বৰণ কৰাৰ সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে কয় যে পৰাজয়ে জয়ৰ সংকল্প দেখায় । পৰৱৰ্তী লোকসভা নিৰ্বাচনত এইকেইখন আসনত জয়লাভ কৰিবলৈ চেষ্টা কৰিব বুলি মুখ্যমন্ত্ৰীয়ে মন্তব্য কৰে ।

ড৹ শৰ্মাই কয় যে অসমৰ সাংসদসকলে মণিপুৰৰ কথা ক’ব নালাগে ৷ সংসদত আই অসমীৰ সকথা ক’বলৈ ১১ গৰাকী সাংসদক লোকসভালৈ পঠিওৱা হৈছে ৷ মণিপুৰৰ সাংসদে মণিপুৰৰ সমস্যাৰ কথা ক’ব ৷ সাংসদসকলে অসমৰ অৰ্থনৈতিক উন্নয়নৰ কথা ক’বলৈ কয় মুখ্যমন্ত্ৰী ড৹ শৰ্মাই ৷ অহা পাঁচ বছৰলৈ সাংসদসকল দিল্লীতো কাম কৰিব, অসমৰ বুথত গৈও সময় কটাব বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে মন্তব্য কৰে ৷

বাজপেয়ী ভৱনৰ সম্বৰ্ধনা অনুষ্ঠানটোত অসম বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতাৰ লগতে মন্ত্ৰী-বিধায়ক, কৰ্মকৰ্তাৰ উপস্থিতিত সৰ্বানন্দ সোণোৱাল, পবিত্ৰ মাৰ্ঘেৰিটা, ৰঞ্জিত দত্ত, কামাখ্যা প্ৰসাদ তাছা, প্ৰদান বৰুৱা, পৰিমল শুক্লবৈদ্য, ফণীভূষণ চৌধুৰী, জয়ন্ত বসুমতাৰী, বিজুলী কলিতা মেধি, কৃপানাথ মাল্লা, দিলীপ শইকীয়া আৰু অমৰছিং তিছ’ক সম্বৰ্ধনা জনোৱা হয় ।

লগতে পঢ়ক: সুৰাপান কৰি গাড়ী চলাই জৰিমনা ভৰিলে মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ৰ গাড়ীৰ চালকে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.