ETV Bharat / politics

দিল্লী নহয়, ২০২৬ ত দিছপুৰ দখলৰ লক্ষ্য গৌৰৱ গগৈৰ - LOK SABHA ELECTION RESULTS 2024

author img

By ETV Bharat Assamese Team

Published : Jun 6, 2024, 8:39 PM IST

Gaurav Ready for 2026 election: ২০২৬ ত হিমন্ত বিশ্ব শৰ্মাক ওফৰোৱাৰ লক্ষ্য নেকি গৌৰৱ গগৈৰ ? অসম প্ৰদেশ কংগ্ৰেছক সমুখৰ পৰা নেতৃত্ব দিয়াৰ আগ্ৰহ কিয় গৌৰৱ গগৈৰ ? ২০২৬ ফাইনেল খেলাৰ অংগীকাৰ কৰা গৌৰৱ গগৈৰ ভাষ্যই বহন কৰিছে কি ইংগিত ? জানিবলৈ পঢ়ক এই প্ৰতিবেদন ।

Gaurav Ready for 2026 assembly election of Assam
২০২৬ ত দিশপুৰ দখলৰ লক্ষ্য গৌৰৱ গগৈৰ (ETV Bharat Assam)

গুৱাহাটী,৬ জুন: দিল্লীৰ ৰাজনীতিত বেছিদিন থাকিবলৈ মন নাই অসম কংগ্ৰেছৰ যুৱৰাজ গৌৰৱ গগৈৰ । বিজেপিক হতচকিত কৰি বিজেপিৰ সৰ্বশক্তি ওফৰাই যোৰহাটত এক বৃহৎ জয় সাব্যস্ত কৰি ২০২৬ ৰ বিধানসভাৰ যুঁজৰ বাবে একপ্ৰকাৰ ৰণডংকা বজালে গৌৰৱ গগৈয়ে ৷ অসমৰ মুখ্যমন্ত্ৰী তথা ভোটযুদ্ধৰ অভিজ্ঞ খেলুৱৈ ৰাজনীতিক হিমন্ত বিশ্ব শৰ্মাক প্ৰত্যহ্বান জনাই গৌৰৱ গগৈৰ ঘোষণা— “২০২৪ ৰ নিৰ্বাচন আমাৰ ছেমি ফাইনেলহে । ২০২৬ ত আমি ফাইনেল খেলিম আৰু জিকিম ৷”

Gaurav Ready for 2026 assembly election of Assam
২০২৬ ত দিছপুৰ দখলৰ লক্ষ্য গৌৰৱ গগৈৰ (ETV Bharat Assam)

অসমৰ সন্মানীয় যোৰহাট লোকসভা সমষ্টিত ১,৪৪,০০০ ভোটৰ ব্যৱধানত জয়লাভ কৰাৰ পিচতে কংগ্ৰেছৰ যুৱনেতা গৌৰৱ গগৈয়ে বুধবাৰে যোৰহাট সমষ্টিটোৰ বিধানসভা সমষ্টিবোৰ ভ্ৰমণ কৰি ৰাইজক সাক্ষাৎ কৰি ধন্যবাদ জ্ঞাপন কৰে । প্ৰতিখন ৰাজহুৱা সভাত, লগতে সাংবাদিকসকলৰ প্ৰশ্নৰ উত্তৰত বিজেপি আৰু অসমৰ বিজেপি নেতৃত্বক ক্ষুৰধাৰ সমালোচনা কৰি ২০২৬ ৰ বিধানসভা নিৰ্বাচনত বাৰুকৈয়ে এঘঁড়ী যুঁজাৰ ইংগিত বহন কৰিছে গৌৰৱ গগৈয়ে ।

দিল্লী এৰি ৰাজ্যৰ ৰাজনীতিলৈ অহাৰ ইংগিত গৌৰৱৰ :

“২০২৪ ৰ লোকসভা নিৰ্বাচনৰ মাত্ৰ আৰম্ভণিহে । এয়া আচল খেলৰ কেৱল ছেমি ফাইনেলহে । ২০২৬ ৰ বিধানসভা নির্বাচনত আমি ফাইনেল খেল খেলিম আৰু জিকিম । অহা দুবছৰৰ পিচত ফাইনেল খেল হ'ব, সেই খেলত আমি ভাগ ল'ম ।''- গৌৰৱ গগৈ ।

যোৰহাটত বিজেপি আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক জোকাৰি যোৱাকৈ বৃহৎ জয় লাভ কৰাৰ পিচতে কংগ্ৰেছ নেতা গৌৰৱ গগৈৰ এই ঘোষণাই অসমত নতুন ৰাজনৈতিক পৰিৱেশৰ ইংগিত বহন কৰিছে । গৌৰৱ গগৈয়ে কয় যে দিল্লীত তেওঁৰ বেছি দিন থাকিবৰ মন নাই ৷ গৌৰৱৰ এই মন্তব্যই এতিয়া অসমত বিশেষ চৰ্চা লাভ কৰিছে ।

গৌৰৱে নেতৃত্ব ল’ব নেকি অসমৰ কংগ্ৰেছৰ ?

২০২৬ৰ অসম বিধানসভা নিৰ্বাচনৰ বাবে কংগ্ৰেছক নেতৃত্ব দিব নেকি গৌৰৱ গগৈয়ে ? গৌৰৱ গগৈৰ যোৰহাটৰ বিজয় অসমত কংগ্ৰেছৰ বাবে উত্থান বুলি বিবেচিত হৈছে ৷ স্বয়ং মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই যোৰহাটত ২০ খন জনসভাত অংশগ্ৰহণ কৰি গৌৰৱ গগৈৰ বিৰুদ্ধে বিজেপিৰ নিৰ্বাচনী যুঁজৰ তত্বাৱধান কৰিছিল । ধন-জন একোতেই প্ৰচেষ্টা বাদ দিয়া নাছিল বিজেপিয়ে ৷

এইবাৰ গৌৰৱ গগৈয়ে বিজেপিক ওফৰাই পেলোৱাৰ পিচত গৌৰৱৰ ভাষ্যই অসমৰ ৰাজনীতিত নতুন ইংগিত বহন কৰিছে । ২০২৬ ৰ বিধানসভা নিৰ্বাচনত অসমত যে গৌৰৱ গগৈ কংগ্ৰেছৰ মুখ্য মুখ হ’ব সেয়া নিশ্চিত । যোৰহাটৰ নৱ-নির্বাচিত সাংসদ তথা যোৱাটো কাৰ্যকালত সংসদৰ বিৰোধীৰ উপ-দলপতি গৌৰৱ গগৈয়ে মাজুলীত এখন জনসভাত অংশগ্রহণ কৰি নিজৰ ভাষণত দিল্লী এৰি দিছপুৰৰ ৰাজনীতিলৈ ঘুৰি অহাৰ মুকলি ইচ্ছা প্ৰকাশ কৰে ৷

বৃহস্পতিবাৰেও কেইবাস্থানতো একেই মন্তব্যৰে ২০২৬ ৰ বিধানসভা নিৰ্বাচনৰ বাবে দলীয় নেতা-কৰ্মীক সাজু হ’বলৈ গৌৰৱ গগৈয়ে আহ্বান জনায় ৷ ৰাজ্যৰ ভৱিষ্যৎ ৰাজনীতিৰ বাবে এই মন্তব্য গুৰুত্বপূর্ণ হিচাপে বিবেচিত হৈছে । তেওঁ ৰাজ্যৰ বিৰোধী ৰাজনীতিৰ মূল নেতৃত্ব দিয়াৰো পোষকতা কৰে ।

সাংসদ গৌৰৱ গগৈয়ে বুধবাৰে বিশ্বৰ সৰ্ববৃহৎ নদীদ্বীপ মাজুলীত কয়, "কালি মোৰ নিজৰ পৰিচয় লোকসভাৰ এজন প্রার্থী হিচাপে আছিল । আজি মই আপোনালোকৰ সাংসদ । এই জয় মোৰ ব্যক্তিগত জয় নহয়, এই জয় যোৰহাট সমষ্টিবাসীৰ জয় । ৰাইজে বিজেপিৰ অহংকাৰৰ বিৰুদ্ধে ইমান ভোট দিছে । মাজুলীবাসীয়ে এই ভোট দিছে অত্যাচাৰৰ বিৰুদ্ধে, এই ভোট দিছে টকা-পইচাৰ ৰাজনীতিৰ বিৰুদ্ধে, এই ভোট দিছে অন্যায়ৰ বিৰুদ্ধে ।"

এক্সিট প'ল আৰু ষ্টক মাৰ্কেটৰ গোপন সম্পৰ্কৰ তদন্ত দাবী :

লোকসভা নিৰ্বাচন আৰু ষ্টক মাৰ্কেটৰ গোপন সম্পৰ্ক থকাৰ গোন্ধ পাইছে যোৰহাটৰ নৱ নিৰ্বাচিত সাংসদ গৌৰৱ গগৈয়ে । গগৈয়ে ইতিমধ্যে বিলুপ্তি ঘটা তেওঁৰ পুৰণি সমষ্টি কলিয়াবৰত সাংবাদিকৰ আগত বৃহস্পতিবাৰে প্ৰশ্ন কৰে যে এক্সিট প'লৰ সমীক্ষা ওলোৱাৰ লগে লগে ষ্টক মাৰ্কেটৰ অভাৱনীয় উত্থান আৰু পতনৰ নিৰ্বাচনী ফলাফলৰ সৈতে কি গোপন ষড়যন্ত্ৰ আছে ? সেই লৈ এক তদন্ত বিচাৰিলে সাংসদ গৌৰৱ গগৈয়ে ।

দিল্লীৰ নাতি দূৰত থকা উত্তৰ প্ৰদেশত বিজেপি দলৰ দুৰৱস্থাৰ বিষয়ে অনুমান কৰিব নোৱাৰা বিষয়টোও সন্দেহৰ আৱৰ্তত বুলি গৌৰৱ গগৈয়ে প্ৰকাশ কৰে । আনহাতে মাত্ৰ এদিনৰ বাবে ষ্টক মাৰ্কেটৰ অবিশ্বাস্য উত্থান-পতনৰ লগত এচাম অসৎ ব্যৱসায়ীৰ কি গোপন লেনদেন আছে বুলি মন্তব্য কৰি সেই লৈয়ো তদন্ত বিচাৰিব বুলি জনাই সাংসদগৰাকীয়ে ।

লগতে পঢ়ক: যোৰহাটত গৌৰৱ গগৈৰ অভূতপুৰ্ব জয় : জয়ৰ আঁৰৰ ১০টা মূল কাৰণ - Lok Sabha Election 2024

অসমত সাম্প্ৰদায়িক ৰাজনীতিৰ ভেটি বিজেপিয়ে নহয় কংগ্ৰেছে উচন কৰিলে: গৌৰৱ গগৈ - LOK SABHA ELECTION RESULTS 2024

হিমন্ত বিশ্ব শৰ্মাৰ অহংকাৰৰ পতন ঘটিছে: অখিল গগৈ - Lok Sabha Election Results 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.