ETV Bharat / politics

উপ-নিৰ্বাচনক লৈ অগপৰ বৰ্ধিত কাৰ্যনিৰ্বাহক : চৰ্চা পঞ্চায়ত নিৰ্বাচনক লৈও - Asom Gana Parishad

author img

By ETV Bharat Assamese Team

Published : Jul 24, 2024, 3:40 PM IST

AGP preparation for upcoming elections : উপ-নিৰ্বাচন, পঞ্চায়ত নিৰ্বাচনক লৈ আমবাৰীত অগপৰ গুৰুত্বপূৰ্ণ আলোচনা ৷ অনুষ্ঠিত হৈছে বৰ্ধিত কাৰ্যনিৰ্বাহক সভা ৷ দলৰ শক্তিবৃদ্ধিৰ সন্দৰ্ভতো আলোচনা ৷

AGP preparation for upcoming elections
মুখ্য কাৰ্যালয়ত অগপৰ বৰ্ধিত কাৰ্যনিৰ্বাহক সভা (ETV Bharat Assam)

গুৱাহাটী, ২৪ জুলাই : চলিত বৰ্ষটোত অসম গণ পৰিষদে দলৰ শক্তি বৃদ্ধিৰ বাবে কেতবোৰ কৰ্মসূচী হাতত লৈছে ৷ সমান্তৰালকৈ আগন্তুক পঞ্চায়ত নিৰ্বাচনৰ লগতে ৫ সমষ্টিত অনুষ্ঠিত হ’বলগীয়া উপ-নিৰ্বাচনৰ বাবে সাজু হৈছে আঞ্চলিক দলটো ৷

সমগ্ৰ পৰিকল্পনাৰ সন্দৰ্ভত বুধবাৰে অসম গণ পৰিষদৰ মুখ্য কাৰ্যালয়ত অনুষ্ঠিত হয় দলৰ বৰ্ধিত কাৰ্যনিৰ্বাহক সভা ৷ সভাত উপস্থিত থাকে কেন্দ্ৰীয় সমিতিৰ বিষয়ববীয়াসকলৰ উপৰিও জিলা সমিতিৰ বিষয়ববীয়াসকলো ৷ দলৰ সাংগঠনিক ভেটি শক্তিশালী কৰাৰ বাবে ল’বলগীয়া কৰ্মসূচীসমূহৰ সন্দৰ্ভত এই কাৰ্যনিৰ্বাহক সভাত আলোচনা কৰা হয় ৷

আলোচনাত প্ৰাধান্য পায় দীৰ্ঘদিন ধৰি অগপৰ দখলত থকা বঙাইগাঁও বিধানসভা সমষ্টিৰ উপ-নিৰ্বাচনে ৷ ফণীভূষণ চৌধুৰী সাংসদ হিচাবে নিৰ্বাচিত হোৱাৰ পিচত বিধায়কবিহীন হৈ থকা সমষ্টিটো বঢ়মপুৰৰ দৰে অগপই হেৰুৱাব বিচৰা নাই ৷ এই বিষয়টোৱে কাৰ্যনিৰ্বাহক সভাখনত স্থান পোৱাৰ সম্ভাৱনা আছে ৷

উল্লেখ্য যে অগপৰ দুৰ্গসমূহৰ ভিতৰত অন্যতম হৈছে বঙাইগাঁও সমষ্টি ৷ বিজেপিয়ে বঢ়মপুৰ দখল কৰা পিচত দুৰ্গ হিচাপে আছে বঙাইগাঁও বিধানসভা সমষ্টি ৷ ১৯৮৫ ৰ পৰা বঙাইগাঁৱত অব্যাহত আছে অগপৰ জয়যাত্ৰা ৷ সমষ্টিটোত অনুষ্ঠিত হ’বলগীয়া উপ-নিৰ্বাচনৰ সন্দৰ্ভত আলোচনা কৰা হ’ব বুলি মুখ্যমন্ত্ৰীয়ে কৰা মন্তব্যৰ পিচতে মিত্ৰদল অগপৰ ভিতৰচ’ৰাত স্বাভাৱিকতে বিষয়টোৱে স্থান পাইছে ৷

সভাখনৰ সন্দৰ্ভত দলৰ সভাপতি অতুল বৰাই কয়, ‘‘ সন্মুখত উপ-নিৰ্বাচন আৰু পঞ্চায়ত নিৰ্বাচন ৷ আমি এই বছৰটোত দলৰ শক্তিবৃদ্ধি কৰিবৰ কাৰণে কেতবোৰ কৰ্মসূচী লৈছিলোঁ আৰু আজিৰ পৰিস্থিতিত ভৱিষ্যতে আৰু কেতবোৰ নতুন কৰ্মসূচী লোৱাৰ পৰিকল্পনা কৰিম ৷ তাৰেই আলোচনা আজি কৰিম ৷’’

ইয়াৰ মাজতে বুধবাৰে আমবাৰীত অনুষ্ঠিত হয় অগপৰ বৰ্ধিত কাৰ্যনিৰ্বাহক সভা ৷ বৰ্ধিত কাৰ্যনিৰ্বাহক সভাত অধ্যক্ষতা কৰে অগপৰ সভাপতি অতুল বৰাই ৷ সভাত কাৰ্যকৰী সভাপতি কেশৱ মহন্তৰ লগতে দলীয় নেতৃত্ব উপস্থিত থাকে ৷

লগতে পঢ়ক : উপ-নিৰ্বাচন : পাঁচটাৰ তিনিটাত অকলে যুঁজিব বিজেপিয়ে

লগতে পঢ়ক : ভিত্তিহীন কথা নক’ব : আফতাব উদ্দিন লস্কৰক সকীয়ালে অগপৰ উপ-সভাপতি সুনীল ডেকাই

লগতে পঢ়ক : উপ-নিৰ্বাচনত বিহালীত কোন হ’ব মিত্ৰজোঁটৰ প্ৰাৰ্থী ? অগপয়ো দাঙিছে ঠেং

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.