গুৱাহাটী, ১৯ মাৰ্চ : ৰাজ্যসভাৰ প্ৰাক্তন সাংসদ দ্বিজেন শৰ্মাই কংগ্ৰেছ দল ত্যাগ কৰিলে । দলৰ প্ৰাথমিক সদস্য পদো ত্যাগ কৰিলে কংগ্ৰেছ নেতা গৰাকীয়ে । কংগ্ৰেছ নেতৃত্বৰ বিৰুদ্ধে ক্ষোভ উজাৰি দল ত্যাগ কৰিলে প্ৰাক্তন সাংসদগৰাকীয়ে । গুৱাহাটী লোকসভা সমষ্টিত কংগ্ৰেছে মীৰা বৰঠাকুৰক টিকট দিয়াৰ বাবে দল ত্যাগ কৰিছোঁ বুলি সংবাদ মাধ্যমক সদৰী কৰে দ্বিজেন শৰ্মাই ৷ যোৱা ১১ মাৰ্চ তাৰিখে প্ৰদেশ কংগ্ৰেছৰ উপ-সভাপতি পদৰ পৰা পদত্যাগ কৰিছিল দ্বিজেন শৰ্মাই ৷
গুৱাহাটী লোকসভা সমষ্টিত কংগ্ৰেছৰ টিকটৰ দাবীদাৰ দ্বিজেন শৰ্মাই মঙলবাৰে নিজৰ দলত্যাগ পত্ৰ কংগ্ৰেছৰ ৰাষ্ট্ৰীয় অধ্যক্ষ মল্লিকাৰ্জুন খাৰ্গেলৈ প্ৰেৰণ কৰে ৷ পদত্যাগ পত্ৰত ভূপেন বৰা আৰু এপিচিচিৰ তত্বাৱধায়ক জিতেন্দ্ৰ সিঙৰ প্ৰতি নিজৰ ক্ষোভ উজৰা দেখা গৈছে এনেদৰে —“বৰ্তমান দলটোৰ মাজত চলা বাহিৰৰ লোকৰ প্ৰভাৱ আৰু হস্তক্ষেপ দলৰ ইতিহাসত অভূতপূৰ্ব । প্ৰখ্যাত বুদ্ধিজীৱী আৰু তথাকথিত সমাজৰ ত্ৰাণকৰ্তা বুলি লেবেল লগোৱা হ’ব বিচৰা লোকসকলে আচলতে এটা ৰাজনৈতিক দলক টিকট বিতৰণৰ পৰিসৰলৈকে প্ৰভাৱিত কৰিবলৈ চেষ্টা কৰিছে । ভূপেন বৰাই সদায় এনে বাহিৰৰ ন্যস্ত স্বাৰ্থজড়িত শক্তিৰ আগত শিৰণত কৰি আছে, সম্ভৱত: ২০২৬ চনত নিজৰ বিধানসভাৰ আসন কেনেবাকৈ সুৰক্ষিত কৰাৰ উদ্দেশ্যেৰেই কৰি আছে ৷”— পদত্যাগ পত্ৰ প্ৰেৰণৰ পিচতেই দ্বিজেন শৰ্মাই বিৰোধী ঐক্যমঞ্চৰ সৈতে জড়িত বুদ্ধিজীৱি সকলৰ প্ৰতিও নিজৰ বিষোদ্গাৰ প্ৰকাশ কৰে ।
দ্বিজেন শৰ্মাই ড৹ হীৰেন গোহাঁই আৰু অজিত ভূঞাক নিজে টিকট নোপোৱাৰ বাবে জগৰীয়া কৰি কয়— “ মই 50 বছৰ কংগ্ৰেছ কৰিছিলোঁ কিন্তু তাৰ পাচতো মোৰ কথা নুশুনিলে । বেলেগৰ কথা শুনি মীৰা বৰঠাকুৰক টিকট দিলে । হীৰেন গোহাঁইৰ ত্যাগ হেমেন দাসতকৈ বেছি নহয় । মীৰা বৰঠাকুৰে যোগদান কৰা দুবছৰ নৌহওঁতেই বিধানসভাৰ নিৰ্বাচনত টিকট দিছিল । এইবাৰ মোৰ নাম CEC লৈ গৈছিল কিন্তু মই টিকট নাপালোঁ । অজিত কুমাৰ ভূঞা আৰু হীৰেন গোহাঁয়ে কেইজনমান বিশিষ্ট ব্যক্তিৰ চহী কৰাই কংগ্ৰেছ হাইকমাণ্ডক পত্ৰ দিছিল । যাৰ বাবে মই টিকট বঞ্চিত হ’লো ।” ইয়াৰ উপৰিও কংগ্ৰেছত্যাগী দ্বিজেন শৰ্মাই কয়— “অজিত কুমাৰ ভূঞাৰ দলত কেইজন মানুহ আছে ৷ মই ভূপেন বৰা আৰু জিতেন্দ্ৰ সিঙক আগতীয়াকৈ কৈ দিছিলোঁ টিকট নাপালে দল এৰিম বুলি ।”
আনহাতে এপিচিচি সভাপতি ভূপেন বৰাক সমালোচনা কৰি কয়— “মই টিকট ঘোষণা হোৱাৰ পিচত এটা কথাও কোৱা নাছিলো ৷ কিন্তু ভূপেন বৰাক ব্যক্তিগতভাৱে দিয়া মেছেজটো সংবাদ মাধ্যমৰ আগত ক’লে ৷ মই মীৰা বৰঠাকুৰক ফোনত গালি পাৰিছো বুলি ভূপেন বৰাই মিছাকৈ কৈছে ৷ ভূপেন বৰাৰ ওচৰত টিকট বিচাৰি গ’লে পইচা কিমান আছে বুলি সোধে ৷”
ইয়াৰ উপৰিও জিতেন্দ্ৰ সিঙক উদ্দেশ্যি দ্বিজেন শৰ্মাই কয়— “এই গোটেই প্ৰক্ৰিয়াটোৰ নায়ক জিতেন্দ্ৰ সিং৷ জিতেন্দ্ৰ সিঙে অসমত বেপাৰ কৰিবলৈ আহে । কংগ্ৰেছত টিকট দিয়াৰ নামত পইচাৰ খেল হৈছে । বিগত নিৰ্বাচনতো হৈছিল টিকটৰ নামত ধনৰ লেন-দেন ৷” আনহাতে কংগ্ৰেছ দল বুদ্ধিজীৱিৰ মতে চলাৰ অভিযোগ তুলি দ্বিজেন শৰ্মাই কয় যে ভূপেন বৰাৰ নেতৃত্বত কংগ্ৰেছ আগবঢ়িব নোৱাৰে । তেওঁ কয়—“বুদ্ধিজীৱীৰ নামত দল চলিলে কেনেকৈ হ’ব । বিৰোধী ঐক্য মঞ্চৰ মিটিঙত কেৱল কংগ্ৰেছৰ হৈ ভূপেন বৰা বহি থাকে । কৰিমগঞ্জ আৰু গুৱাহাটীত বুদ্ধিজীৱীৰ কথা শুনি কংগ্ৰেছে টিকট দিছে ।”
লগতে পঢ়ক : মুখ্যমন্ত্ৰীক কাষত লৈ 26 মাৰ্চত মনোনয়ন দাখিল কৰিব কামাখ্যা প্ৰসাদ তাছাই