ETV Bharat / politics

ডিব্ৰুগড়ত আমাৰ জয় অৱশ্যম্ভাৱী: সৰ্বানন্দ সোণোৱালৰ দাবী

author img

By ETV Bharat Assamese Team

Published : Mar 16, 2024, 10:14 PM IST

Lok Sabha election 2024: চাহ বাগিচাত বিজেপিৰ বিৰুদ্ধে আৰম্ভ হোৱা প্ৰতিবাদ নিৰ্মূল কৰাৰ চেষ্টা সৰ্বানন্দ সোণোৱালৰ । ডিব্ৰুগড়ত বিজেপি চাহ মৰ্চাৰ সৈতে গুৰুত্বপূৰ্ণ সভাত মিলিত হ'ল সৰ্বানন্দ সোণোৱাল । সৰ্বানন্দ‌ সোণোৱালৰ উপস্থিতিত অৰ্ধ শতাধিকৰ যোগদান বিজেপিত ।

BJP candidate Sarbananda Sonowal
বিজেপি প্ৰাৰ্থী সৰ্বানন্দ সোণোৱাল
বিজেপি প্ৰাৰ্থী সৰ্বানন্দ সোণোৱাল

মৰাণ, ১৬ মাৰ্চ: লোকসভা নিৰ্বাচনৰ প্ৰাকক্ষণত বিগত কেইবাদিনৰ পৰা বিভিন্ন দাবীৰ সমৰ্থনত চাহ বাগিচাই বাগিচাই বিজেপি চৰকাৰৰ বিৰুদ্ধে ধাৰাবাহিক প্ৰতিবাদ অব্যাহত ৰাখিছে চাহ জনগোষ্ঠীৰ কেইবাটাও সংগঠনে । সদৌ অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ লগতে আদিবাসী ছাত্ৰ সন্থাই বিজেপি চৰকাৰে প্ৰতিশ্ৰুতি পূৰণ নকৰাৰ অভিযোগ কৰি প্ৰতিবাদ সাব্যস্ত কৰিছে । ইয়াৰ পিচতে চাহ বাগিচাত বিজেপিৰ বিৰুদ্ধে আৰম্ভ হোৱা প্ৰতিবাদ নিৰ্মূল কৰাৰ চেষ্টা চলাইছে সৰ্বানন্দ সোণোৱালে ।

  • " class="align-text-top noRightClick twitterSection" data="">

আজি ডিব্ৰুগড়ত বিজেপিৰ চাহ জনগোষ্ঠী মৰ্চাৰ গুৰুত্বপূৰ্ণ সাংগঠনিক সভাত অংশগ্ৰহণ কৰে সৰ্বানন্দ সোণোৱালে । বিজেপিৰ ডিব্ৰুগড়ৰ প্ৰাৰ্থী সৰ্বানন্দ সোণোৱালৰ উপস্থিতিত চাহ মৰ্চাক লৈ প্ৰস্তুত কৰা হৈছে ৰণকৌশল । এই সভাতেই অৰ্ধ-শতাধিক চাহ মজদুৰ সংঘ আৰু চাহ জনগোষ্ঠীয় বিভিন্ন দল-সংগঠনৰ নেতা কৰ্মীৰ বিজেপিত যোগদান কৰে ।‌

ডিব্ৰুগড়ৰ লক্ষী নগৰস্থিত সৰ্বানন্দ সোণোৱালৰ বাসগৃহৰ সমীপত বিজেপিৰ অস্থায়ী কাৰ্যালয়ত অনুষ্ঠিত হয় এই গুৰুত্বপূৰ্ণ সভাখন । এই সভাখনত অংশগ্ৰহণ কৰি সৰ্বানন্দ সোণোৱালে কয়, "কংগ্ৰেছৰ ৬০ বছৰীয়া শাসনত অসমৰ চাহ জনগোষ্ঠীয় ৰাইজে একোৱেই নাপালে । বিজেপিৰ মিত্ৰজোঁট চৰকাৰে বিগত ৭ বছৰত যিখিনি পাইছে সেয়া চাহ জনগোষ্ঠীয় ৰাইজে বাৰুকৈয়ে উপলব্ধি কৰিছে । গতিকে নিশ্চিতভাৱে আমাক চাহ জনগোষ্ঠীয় ৰাইজে আকোঁৱালি ল'ব ।" তেওঁ পুনৰ কয়," ডিব্ৰুগড়ত আমাৰ জয় অৱশ্যম্ভাৱী ।" বিগত কিছুদিনৰ পৰা বিৰোধী প্ৰাৰ্থীয়ে জিলাখনৰ বাগিচাত অপপ্ৰচাৰ চলোৱা বুলিও গুৰুতৰ অভিযোগ উত্থাপন কৰে বিজেপিৰ ডিব্ৰুগড়ৰ প্ৰাৰ্থী সৰ্বানন্দ সোণোৱালে । বিজেপি চৰকাৰে বিগত সময়ত অসমৰ চাহ জনগোষ্ঠীয় ৰাইজৰ বাবে বহুতো আঁচনি ৰূপায়ণ কৰা বুলি কয় ।

লগতে পঢ়ক:সদৌ অসম ছাত্ৰ সন্থাৰ দুই প্ৰাক্তন কাণ্ডাৰীৰ ৰাজনৈতিক যুঁজ চলিব ডিব্ৰুগড়ত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.