ETV Bharat / politics

মাজবাটত মুখ্যমন্ত্ৰীয়ে চলালে প্ৰচাৰ : তুলাধূনা বিৰোধীক - Lok Sabha Election 2024 - LOK SABHA ELECTION 2024

মাজবাটৰ ৰাজীৱ গান্ধী ক্ৰীড়া প্ৰকল্প খেলপথাৰত সম্পন্ন বিশাল বিজয় সংকল্প সমাৱেশ ৷ এই সমাৱেশত অংশগ্ৰহণ কৰে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ৷ দৰং-ওদালগুৰি সমষ্টিৰ বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী দিলীপ শইকীয়াক দ্বিতীয়বাৰৰ বাবে দিল্লীৰ মছনদলৈ পথাবলৈ ৰাইজক আহ্বান মুখ্যমন্ত্ৰীৰ ৷

LOK SABHA ELECTION 2024
মাজবাটত মুখ্যমন্ত্ৰীয়ে চলালে প্ৰচাৰ
author img

By ETV Bharat Assamese Team

Published : Apr 24, 2024, 4:56 PM IST

Updated : Apr 24, 2024, 5:22 PM IST

মাজবাটত মুখ্যমন্ত্ৰীয়ে চলালে প্ৰচাৰ

ৰৌতা, 24 এপ্ৰিল : বুধবাৰে লোকসভা নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ৰ প্ৰচাৰৰ অন্তিমটো দিন ৷ এই দিনটোত নাচি-বাগি নিৰ্বাচনৰ প্ৰচাৰ কৰা দেখা যায় মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাক ৷ মুখ্যমন্ত্ৰীগৰাকীয়ে দৰং-ওদালগুৰি লোকসভা সমষ্টিৰ বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী দিলীপ শইকীয়াৰ হৈ চলায় প্ৰচাৰ ৷ সেই উপলক্ষে মাজবাটৰ ৰাজীৱ গান্ধী ক্ৰীড়া প্ৰকল্প খেলপথাৰত আয়োজিত বিশাল বিজয় সংকল্প সমাৱেশত অংশগ্ৰহণ কৰি মুখ্যমন্ত্ৰী শৰ্মাই বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থীগৰাকীক ভোট দিবলৈ ৰাইজক আহ্বান জনায় ৷ মুখ্যমন্ত্ৰীগৰাকীক দলীয় নেতা-কৰ্মীৰ লগতে বিটিআৰ প্ৰধান প্ৰমোদ বড়োৱে সংগ প্ৰদান কৰে ৷

বিৰোধী ৰাজনৈতিক দল কংগ্ৰেছ আৰু বিপিএফক চোকা ভাষ্যৰে সমালোচনা কৰাও দেখা যায় ৷ তেওঁ কয় যে, বৰ্তমান কটা হাতৰ কাম নাই আৰু নাঙলৰ দাম নাই ৷ নাঙলৰ সলনি আজিকালি সাধাৰণ লোকে ট্ৰেক্টৰ ব্যৱহাৰ কৰে ৷ এতিয়া এনেকুৱা সময় পৰিছে যে, বিনা পইচাতো জনসাধাৰণে নাঙল ব্যৱহাৰ কৰিব নোখোজে বুলি বিপিএফ দলক কঠোৰ সমালোচনা কৰে মুখ্যমন্ত্ৰী শৰ্মাই ৷

সম্প্ৰতি 10 বছৰ পূৰ্বৰ পৰিৱেশ আজিৰ বড়োভূমিত নাই বুলিও মুখ্যমন্ত্ৰীগৰাকীয়ে জনতাক উদ্দেশ্যি দিয়া ভাষণত উল্লেখ কৰে ৷ মুখ্যমন্ত্ৰীয়ে কয়, বড়োভূমিত অনবৰতে এ কে 47 ৰ গুলী-বাৰুদৰ শব্দ, ধৰ্ণা, বন্ধ আদিয়ে অশান্তিৰ সৃষ্টি কৰিছিল ৷ এতিয়া সেই আতংকময় পৰিৱেশ নাই ৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত বড়োভূমিলৈ এতিয়া স্থায়ীভাৱে শান্তি ঘূৰি আহিছে ৷

বড়োভূমিৰ শান্তিৰ ধাৰাবাহিকতা অক্ষুণ্ণ ৰখাৰ স্বাৰ্থতে দৰং-ওদালগুৰি লোকসভা সমষ্টিৰ বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী দিলীপ শইকীয়াক ভোট দিবলৈ উপস্থিত ৰাইজক আহ্বান জনায় ৷ মুখ্যমন্ত্ৰীগৰাকীয়ে সমাৱেশত ৰাইজৰ বিপুল সঁহাৰি দেখি সমষ্টিটোৰ পৰা দিলীপ শইকীয়াই প্ৰায় 4 লাখতকৈও অধিক ভোটৰ ব্যৱধানত জয়ী হোৱাৰ দাবী কৰে ৷

ইয়াৰোপৰি ৰাজ্য চৰকাৰে হিতাধিকাৰীসকললৈ আগবঢ়োৱা আঁচনি সম্পৰ্কেও মুখ্যমন্ত্ৰীগৰাকীয়ে ভাষণত উল্লেখ কৰে ৷ জুন-জুলাই মাহত পুনৰাই চৰকাৰে 50 হাজাৰ নতুন পদবীৰ বিজ্ঞাপন প্ৰকাশ কৰিব বুলিও মুখ্যমন্ত্ৰী গৰাকীয়ে ঘোষণা কৰে ৷

লগতে চাওক: ২০১ টা ভোটকেন্দ্ৰলৈ বুলি ৰাওনা নিৰ্বাচনী বিষয়া-কৰ্মচাৰী - Lok Sabha Election 2024

Last Updated : Apr 24, 2024, 5:22 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.