ETV Bharat / politics

দ্বিতীয় পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ ৫ টা সমষ্টিৰ জনগাঁথনিগত বিশ্লেষণ - Lok Sabha Election 2024

SECOND PHASE LS POLLS: দ্বিতীয় পৰ্যায়ৰ লোকসভা নিৰ্বাচন অনুষ্ঠিত হ'ব অহা ২৬ এপ্ৰিলত । অসমৰ পাঁচটা সমষ্টিৰ ভিতৰত বেছিভাগতেই সংখ্যালঘু মুছলমানে নিৰ্ণায়ক ভূমিকা পালন কৰিব । এই সম্পৰ্কে এক বিশ্লেষণ ।

SECOND PHASE LS POLLS
Lok Sabha Election 2024
author img

By ETV Bharat Assamese Team

Published : Apr 24, 2024, 11:04 PM IST

গুৱাহাটী, 24 এপ্ৰিল: ২৬ লোকসভা নিৰ্বাচন ২০২৪ৰ তৃতীয় পৰ্যায়ৰ নিৰ্বাচনত অসমৰ ৫ টা সমষ্টিত এপ্ৰিলত অনুষ্ঠিত হ’ব ভোটগ্ৰহণ । এই ৫ টা সমষ্টিৰ নিৰ্বাচন বিজেপি আৰু কংগ্ৰেছ দুয়োটা শিবিৰৰ বাবেই যথেষ্ট গুৰুত্বপূৰ্ণ বিবেচিত হৈছে । ইতিমধ্যেই অসমৰ ১৪ টা সমষ্টিৰ উজনি অসমৰ ৫ টা সমষ্টিত ১৯ এপ্ৰিলত প্ৰথম পৰ্যায়ত নিৰ্বাচন অনুষ্ঠিত হৈ গৈছে । বিজেপিৰ বাবে সুচল বিবেচিত এই পাঁচোটা সমষ্টিয়েই আছিল ব্ৰহ্মপুত্ৰ উপত্যকাৰ উজনি অসমত ৷

  • " class="align-text-top noRightClick twitterSection" data="">

দ্বিতীয় পৰ্যায়ত ৰাজ্যখনৰ শিলচৰ, কৰিমগঞ্জ, ডিফু, নগাঁও আৰু দৰং ওদালগুৰি এই ৫ টি সমষ্টিত অনুষ্ঠিত হ’ব ভোটগ্ৰহণ । এই ৫ টা সমষ্টিৰ সকলোৰে বাবে মুকলি নগাঁও, দৰং-ওদালগুৰি এই দুটা সমষ্টি অসমীয়া ভাষা প্ৰচলিত ব্ৰহ্মপুত্ৰ উপত্যকাত অৱস্থিত । ডিফু সমষ্টি কাৰ্বি আংলং আৰু ডিম হাচাও পাৰ্বত্য জিলাক লৈ গঠিত ৷ আনহাতে বাংলা ভাষা প্ৰধান বৰাক উপত্যকাত দ্বিতীয় পৰ্যায়ত আছে শিলচৰ আৰু কৰিমগঞ্জ এই দুটা সমষ্টি । এই দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ ৫ টা সমষ্টিত ভাষিক-জনগাঁথনিগত দিশে বিশেষ প্ৰভাৱ পেলাব বুলি ধাৰণা কৰা হৈছে ৷ এই পাঁচোটা সমষ্টিৰ ভিতৰত বিশেষকৈ কৰিমগঞ্জ আৰু নগাঁও এই দুটা সমষ্টিত পূৰ্বৰ নিৰ্বাচনবোৰৰ দৰেই সংখ্যালঘু মুছলমান ভোটাৰে বিশেষ ভূমিকা গ্ৰহণ কৰাৰ পূৰ্ণ সম্ভাৱনা আছে ৷

কৰিমগঞ্জ : অসমৰ কৰিমগঞ্জ বাংলাদেশৰ সীমান্তৱৰ্তী এক সমষ্টি । কুশিয়াৰা নদীৰ এটা পাৰে কৰিমগঞ্জ আৰু আনটো পাৰত আছে বাংলাদেশ । এইবাৰ কৰিমগঞ্জ লোকসভা আসনত মুঠ ভোটাৰৰ সংখ্যা ১৪,১২,২৩৯ জন ৷ ২০১৯ত কৰিমগঞ্জত ভোটাৰৰ সংখ্যা আছিল ১১,৬৫,৯৯৭ জন । সমষ্টি পুনৰ নিৰ্ধাৰণৰ পিছত ভোটাৰৰ সংখ্যা বৃদ্ধি হয় ২০২৪ ৰ নিৰ্বাচনত । ইয়াৰ পূৰ্বে কৰিমগঞ্জ আছিল অনুসূচীত জনজাতিৰ (ST) বাবে সংৰক্ষিত ।

অসমৰ শেহতীয়া সমষ্টি পুনৰ নিৰ্ধাৰণৰ পিছত সমষ্টিটো দেশৰ স্বাধীনতাৰ পিছত প্ৰথমবাৰৰ বাবে সকলোৰে কাৰণে মুকলি কৰি দিয়া হয় । এতিয়া কৰিমগঞ্জ লোকসভাৰ আসনত মুঠ 7 টা বিধানসভাৰ সমষ্টি আছে ৷ সমষ্টি কেইটা হ’ল উত্তৰ কৰিমগঞ্জ, দক্ষিণ কৰিমগঞ্জ, পাথাৰকান্দি, ৰামকৃষ্ণ নগৰ,হাইলাকান্দি জিলা, হাইলাকান্দি আৰু আলগাপুৰ-কাটলিচেৰা । কৰিমগঞ্জ বিজেপিৰ দখলত আছে যদিও এইবাৰ যথেষ্ট যুঁজ দিব লগা হৈছে দলটোৱে ।

২০১৯ চনৰ লোকসভা নিৰ্বাচনত কৰিমগঞ্জৰ আসনৰ পৰা বিজেপিৰ প্ৰাৰ্থী কৃপানাথ মাল্লাই প্ৰায় ৩৮,০০০ ভোটত জয়লাভ কৰে । কেৱল সংখ্যালঘু মুছলমান ভোটাৰৰ ওপৰত নিৰ্ভৰশীল এআইইউডিএফৰ প্ৰাৰ্থী ৰাধেশ্যাম বিশ্বাসক পৰাস্ত কৰিছিল মাল্লাই । সমষ্টি পুনৰ নিৰ্ধাৰণে সমষ্টিটো সংৰক্ষণমুক্ত কৰাৰ লগে লগে এইবাৰ মুছলমান ভোটাৰৰ মাজত যথেষ্ট উৎসাহ দেখা গৈছে কৰিমগঞ্জত ৷ কিয়নো সংখ্যালঘু সংগঠনৰ তথ্য মতে কৰিমগঞ্জৰ মুঠ ভোটাৰৰ ৬৫% ভোটাৰ সংখ্যালঘু মুছলমান ভোটাৰ । যিবোৰ ভোট কংগ্ৰেছ আৰু আৰু এআইইউডিএফৰ বুলি গণ্য কৰা হয় ৷

আনহাতে, ৩৫ শতাংশ হিন্দু আৰু অনান্য ভোটাৰ আছে । এইবাৰ মুঠ ২৪ জন প্ৰাৰ্থী আছে কৰিমগঞ্জত ৷ ২৪ গৰাকী প্ৰাৰ্থীৰ ভিতৰত বিজেপি দলৰ প্ৰাৰ্থী কৃপানাথ মালা, কংগ্ৰেছ দলৰ প্ৰাৰ্থী হাফিজ ৰছিদ আহমেদ চৌধুৰী আৰু এ আই ইউ ডি এফৰ প্ৰাৰ্থী চাহাবুল ইছলাম চৌধুৰীয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে ।

কৰিমগঞ্জত কংগ্ৰেছ আৰু এআইইউডিএফৰৰ বাবে আছে কি প্ৰত্যাহ্বান ?

মুখ্যমন্ত্ৰীৰ নিৰ্বাচনী প্ৰচাৰ সভাত মুকলিকৈ উপস্থিত থাকি বিজেপিৰ হৈ প্ৰচাৰ চলাইছে দুই কংগ্ৰেছী বিধায়ক কমলাক্ষ দে' পুৰকায়স্থ আৰু ছিদ্দিক আহমেদে । কংগ্ৰেছক প্ৰত্যাহ্বান জনাবৰ বাবে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৰিমগঞ্জত নিৰ্বাচনী সভাত দুটা বিশেষ প্ৰতিশ্ৰুতি দিছে মুছলমান ভোটাৰ সকলক ।

১/ মাছমৰীয়া সম্প্ৰদায়ক খিলঞ্জিয়াৰ স্বীকৃতি দিয়া ৷

২/ কিৰান শ্বেইখ সম্প্ৰদায়ৰ বাবে উন্নয়ন পৰিষদ গঠন

২৬ এপ্ৰিলৰ নিৰ্বাচনৰ বাবে কৰিমগঞ্জ জিলা প্ৰশাসনে কঠোৰ নিৰাপত্তাৰ ব্যৱস্থা কৰিছে ৷ ভাৰত-বাংলাদেশৰ আন্তঃৰাষ্ট্ৰীয় সীমান্ত সম্পূৰ্ণৰূপে ছীল কৰা হৈছে । বি এছ এফেও সীমান্তৰ ওপৰত তীক্ষ্ণ দৃষ্টি ৰাখিছে ।

শিলচৰ : বৰাকৰ শিলচৰ সমষ্টিত বৰ্তমান মুঠ ১৩,৬১,৪৯৬ ভোটাৰে ভোটাধিকাৰ সাব্যস্ত কৰিব ৷ পূৰ্বে মুক্ত আসন শিলচৰ এতিয়া অনুসূচীত লোকৰ বাবে সংৰক্ষিত। বৰাক উপত্যকাৰ প্ৰাণ কেন্দ্ৰ স্বৰূপ শিলচৰ চহৰ ৷ পৰিসৰ আৰু জনসংখ্যাৰ দিশৰ পৰা অসমৰ দ্বিতীয় বৃহত্তম চহৰ শিলচৰ । শিলচৰ লোকসভা সমষ্টিৰ অন্তৰ্গত ৭ টা বিধানসভা সমষ্টি হ’ল শিলচৰ, সোণাই, ধলাই(SC), উধাৰবন্দ, লক্ষীপুৰ, বৰখলা আৰু কাটিগড়া । শিলচৰ সংসদীয় আসনৰ বাবে সদায় বিজেপি আৰু কংগ্ৰেছৰ মাজতেই যোৱা কেইবাটাও দশক যুঁজখন হৈ আহিছে । ২০১৪ চনলৈকে কংগ্ৰেছে এই আসনখনত সৰ্বাধিক ৮ বাৰ জয়লাভ কৰিছে ।

এইবাৰ লোকসভা নিৰ্বাচনৰ মূল যুঁজখনো বিজেপিৰ পৰিমল শুক্লবৈদ্য আৰু কংগ্ৰেছৰ সূৰ্যকান্ত সৰকাৰৰ মাজত হ’ব বুলি ধাৰণা কৰা হৈছে ৷ শিলচৰ সমষ্টিত হিন্দু ভোটাৰ সংখ্যা গৰিষ্ঠ হোৱা হোৱা বাবে কংগ্ৰেছতকৈ বিজেপি বেছি আত্মবিশ্বাসী শিলচৰত ।

নগাঁও : কৰিমগঞ্জৰ সমান্তৰালভাৱে অসমত হ’বলগীয়া দ্বিতীয় পৰ্যায়ৰ ভোট গ্ৰহণত সকলোৰে দৃষ্টি নিবদ্ধ আছে নগাঁও সমষ্টিত । কিয়নো এই আসনখনত কংগ্ৰেছৰ হাতৰ পৰা উদ্ধাৰ কৰিবলৈ বিজেপিয়ে আপ্ৰাণ চেষ্টা চলাইছে ৷ নিৰ্বাচন আয়োগৰ তথ্য অনুসৰি ৯ নং নগাঁও লোকসভা সমষ্টিৰ মুঠ ভোটৰ সংখ্যা ১৮,০৪, ৪৭১ জন । নগাঁও লোকসভাৰ অন্তৰ্গত বিধানসভা সমষ্টি কেইটা ৮ টা হ’ল জাগীৰোড, লাহৰীঘাট, মৰিগাঁও , ধিং , ৰূপহীহাট, চামগুৰি, নগাঁও-বটদ্ৰবা আৰু ৰহা সমষ্টি (SC) ৷ ইয়াৰে চামগুৰি, ধিং, লাহৰীঘাট আৰু ৰূপহীহাট সংখ্যালঘু প্ৰধান সমষ্টি ৷

একালত বিজেপিৰ দুৰ্গ আছিল এই নগাঁও সমষ্টি । ১৯৯৯ চনৰ পৰা ২০১৪ চনলৈ একেৰাহে চাৰিটাকৈ লোকসভা নিৰ্বাচনত নগাঁৱত জয় লাভ কৰিবলৈ সক্ষম হৈছিল বিজেপিয়ে । হিন্দুত্ববাদী, সংখ্যালঘু সংগঠনৰ তথ্য মতে নগাঁৱত মুছলমান ভোটাৰ সংখ্যাগৰিষ্ঠ । সেই অনুসৰি প্ৰায় ৫৮ শতাংশ মুছলমান ভোটাৰ আৰু ৪২শতাংশ হিন্দু আৰু অনান্য ভোটাৰ আছে । সেয়ে মুছলমান ভোটাৰৰ ওপৰত ফলাফল নিৰ্ভৰ কৰিছে নগাঁৱৰ ।

একালত বিজেপিৰ দুৰ্গ আছিল এই নগাঁও সমষ্টি । সেয়ে মুছলমানৰ ভোট নালাগে বুলি মুকলিকৈ সময়ে সময়ে ঘোষণা কৰি অহা ৰাজ্যখনৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মায়ো ধিং, লাহৰিঘাট, ৰূপহী আদি বিধানসভা সমষ্টিত নিৰ্বাচনী প্ৰচাৰ চলাই বিজেপিৰ হৈ ভোট বিছাৰিছে ৷ এইবাৰ ইয়াত কংগ্ৰেছৰ বৰ্তমানৰ সাংসদ প্ৰদ্যুৎ বৰদলৈ, বিজেপিত যোগদান কৰিয়েই টিকট লাভ কৰা প্ৰাক্তন কংগ্ৰেছী নেতা সুৰেশ বৰাৰ মাজতে হ’ব বুলি ধাৰণা কৰা হৈছে ৷

আনহাতে নগাঁৱত বিজেপি বহু পৰিমাণে নিৰ্ভৰ কৰিবলগীয়া হৈছে । কিয়নো এআইইউডিএফৰ প্ৰাৰ্থী বিধায়ক আমিনুল ইছলামে নগাঁৱৰ সংখ্যালঘু ভোটত ভাঙোন আনিলে কংগ্ৰেছ প্ৰত্যাহ্বানৰ সন্মুখীন হ’ব ।

ডিফু : ডিফু অসমৰ ১৪টা লোকসভা সমষ্টিৰ ভিতৰত অন্যতম সমষ্টি । ডিফু সমষ্টিটো তিনিখন স্বায়ত্তশাসিত পাৰ্ব্যত্য জিলা ডিমা হাছাও, কাৰ্বি আংলং আৰু পশ্চিম কাৰ্বি আংলং জিলা । এই সমষ্টি অনুসূচিত জনজাতিৰ বাবে সংৰক্ষিত । মূলত এই সমষ্টিটোৰ ভোটাৰ সকল কাৰ্বি আৰু ডিমাচা জনজাতিৰ অন্তৰ্গত । অনান্য ভোটাৰ আছে যদিও সেয়া নগন্য সংখ্যক ৷ স্বায়ত্ত শাসিত জিলা লোকসভা সমষ্টি ৬টা বিধানসভা সমষ্টিৰে গঠিত বোকাজান (ST), হাওৰাঘাট, ডিফু, ৰংখাং, আমৰি আৰু হাফলং ।

২০১৯ চনত বিজেপিৰ হৰেন সিং বে'ই ৩৮১,৩১৬টা ভোটত জয়লাভ কৰিছিল । ২৬ এপ্ৰিলৰ দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণৰ বাবে সমষ্টিটোৰ পৰা এইবাৰৰ প্ৰাৰ্থী সকল হ’ল বিজেপিৰ অমৰছিং তিছ', কংগ্ৰেছৰ জয়ৰাম ইংলেং, এ এছ ডি চিৰ জৎছন বে', এ পি এইচ এল চিৰ প্ৰাৰ্থী জনচ্ ইংতি কাথাৰ আৰু গণ সুৰক্ষা পাৰ্টিৰ জন বাৰ্ণাড চাংমা ৷ ডিফু সমষ্টিত মুঠ ভোটাৰৰ সংখ্যা ৮৯৩০৫৮ জন ৷

দৰং ওদালগুৰি: ১১ টাকৈ বিধানসভা সমষ্টিৰে গঠিত দৰং-ওদালগুৰি লোকসভা সমষ্টিৰ মুঠ ভোটাৰৰ সংখ্যা ২১,৮৭,১৬০ গৰাকী । ৰঙিয়া, কমলপুৰ, তামুলপুৰ, গোৰেশ্বৰ, ভেৰগাঁও, ওদালগুৰি, মাজবাট, টংলা ছিপাঝাৰ, মঙ্গলদৈ আৰু দলগাঁও এই এঘাৰটা বিধানসভা সমষ্টিত বড়ো, কোচ ৰাজবংশী, ভিন্ন ভাষা-ভাষী বিভিন্ন জনগোষ্ঠীয় লোকে বসবাস কৰি আহিছে । বৰ্তমান সমষ্টিটো বিজেপিৰ দখলত আছে ।

বিজেপিৰ সাংসদ দিলীপ শইকীয়াই সমষ্টিৰ বিজেপিৰ প্ৰাৰ্থী এইবাৰ । কংগ্ৰেছৰ হৈ প্ৰাক্তন সাংসদ মাধৱ ৰাজবংশীক প্ৰাৰ্থিত্ব দিছে ৷ বড়ো স্বায়ত্ব শাসিত অঞ্চলত প্ৰাধান্য থকা বিপিএফেও দিছে নিজা প্ৰাৰ্থী । কিন্তু মন কৰিবলগীয়া যে কেৱল সংখ্যালঘু মুছলমান সংখ্যা গৰিষ্ঠ দলগাঁও বিধানসভা সমষ্টিত মুঠ ভোটাৰ ৬,৯৭,৯৫৮ গৰাকী ভোটাৰ আছে । কংগ্ৰেছ-বিজেপি দুয়োটাই নিৰ্ভৰ কৰিছে এই সমষ্টিৰ ভোটাৰৰ ওপৰত । কংগ্ৰেছৰ ভোট বেংকত যদি বিপিএফ প্ৰাৰ্থী দুৰ্গা দাস বড়োৱে আঘাত হানিব পাৰে তেন্তে দৰং-ওদালগুৰিত সহজ হৈ পৰিব বিজেপিৰ জয় ।

লগতে পঢ়ক: মুখত নাৰী সৱলীকৰণৰ শ্ল'গান : কিন্তু নিৰ্বাচনত প্ৰাৰ্থিত্বৰ ক্ষেত্ৰত এলাগী কিয় মহিলা ? - Lok Sabha Election 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.