ETV Bharat / politics

সত্য আৰু সৎ আছিলো বাবেই ভগৱানে সহায় কৰিলে : অৰবিন্দ কেজৰিৱাল - Kejriwal Released from Tihar Jail

author img

By ETV Bharat Assamese Team

Published : Sep 13, 2024, 8:26 PM IST

Arvind Kejriwal bail news: শুকুৰবাৰে সন্ধিয়া ৬.২৫ বজাত তিহাৰ জে’লৰ পৰা ওলাই আহিল অৰবিন্দ কেজৰিৱাল ৷ লগে লগে দেখা গ’ল হাজাৰ হাজাৰ সমৰ্থকৰ মাজত আনন্দোৎসৱ ৷ বৰষুণত তিতি তিতি ৰৈ থাকিল শ্ৰমিকসকল ৷

Arvind Kejriwal bail news
তিহাৰ জে’লৰ পৰা ওলাই আহিল অৰবিন্দ কেজৰিৱাল (ANI)

নিউজ ডেস্ক, ১৩ ছেপ্টেম্বৰ : ‘‘মোৰ জীৱন দেশৰ প্ৰতি উৎসৰ্গিত ৷ মোৰ জীৱনৰ প্ৰতিটো মুহূৰ্ত, প্ৰতিটোপাল তেজ দেশৰ প্ৰতি উৎসৰ্গিত । জীৱনত মই বহু সংগ্ৰাম দেখিছো, বহু প্ৰত্যাহ্বানৰ সন্মুখীন হ’লো ৷ কিন্তু ভগৱানে মোক প্ৰতিটো খোজতে সহায় কৰি আহিছে, কাৰণ মই সঁচা আৰু সৎ পথত আছোঁ ৷- এই মন্তব্য অৰবিন্দ কেজৰিৱালৰ ৷

১১৭ টা দিন কাৰাগাৰৰ কুঠৰীত বন্দী হৈ থকা দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল শুকুৰবাৰে সন্ধিয়া ৬.২৫ বজাত ওলাই আহিল তিহাৰ জে’লৰ বাহিৰলৈ ৷ তিহাৰৰ বাহিৰলৈ আহিয়েই কেজৰিৱালে দেখিলে গেটৰ সন্মুখত হাজাৰ হাজাৰ সমৰ্থক ৰৈ আছে বৰষুণত তিতি তিতি ৷ প্ৰতিকুল বতৰকো নেওচি ৰৈ থকা শ্ৰমিকসকলক উদ্দেশ্য দিল্লীৰ মুখ্যমন্ত্ৰীগৰাকীয়ে ক’লে- ‘‘মোৰ মুক্তিৰ বাবে প্ৰাৰ্থনা কৰাসকলক ধন্যবাদ জনাইছো ৷ বৰষুণক প্ৰত্যাহ্বান জনাইও আপোনালোক ইয়ালৈ আহিছে ৷ মোৰ মনোবল ভাঙিবলৈ জে’লত ভৰাই থ’লে, কিন্তু মোৰ মনোবল আগতকৈ বেছিহে হৈছে ৷ জে’লে মোক দুৰ্বল কৰিব নোৱাৰে ৷ দেশক দুৰ্বল কৰি তোলা জাতীয়বিৰোধী শক্তিৰ সৈতে যুঁজি যাম ৷’’

বিজেপিক উদ্দেশি কেজৰিৱালে কয়, ‘‘তেওঁলোকে মোক জে’লত ভৰাই দিলে, তেওঁলোকে ভাবিছিল যে কেজৰিৱালক কাৰাগাৰত ৰাখিলে মনোবল ভাগিব ৷ আজি মই আপোনালোকক ক’বলৈ বিচাৰিছো যে মই জে’লৰ পৰা ওলাই আহিছো, মোৰ মনোবল ১০০ গুণ বৃদ্ধিহে হৈছে ৷’’

উল্লেখ্য যে সুৰানীতি কেলেংকাৰীৰ অভিযোগত তিহাৰ জে’লত আছিল দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল ৷ ১১৭ দিন কাৰাগৰাত কটোৱাৰ পিচত শুকুৰবাৰে পুৱা উচ্চতম ন্যায়ালয়ে কেতবোৰ চৰ্তসহ তেওঁৰ জামিন মঞ্জুৰ কৰে ৷ তাৰ পিচৰে পৰা আপৰ নেতা-কৰ্মীসকলৰ মাজত অধিক উৎসাহ পৰিলক্ষিত হয় ৷ কেজৰিৱালৰ মুক্তিক আপে ‘সত্যৰ বিজয়’ হিচাবে অভিহিত কৰিছে ৷

বৰষুণৰ মাজতো শ্ৰমিকসকল কাৰাগাৰৰ সন্মুখত থিয় হৈ থাকিল :

শুকুৰবাৰে পুৱা উচ্চতম ন্যায়ালয়ৰ পৰা জামিন লাভৰ পিছতে ৰাউজ এভিনিউ আদালতে কেজৰিৱালৰ জামিন বণ্ডত অনুমোদন জনাই তেওঁক মুকলি কৰি দিয়াৰ নিৰ্দেশ দিয়ে । ইয়াৰ পিছত জে’লৰ গেটৰ সন্মুখত শ্ৰমিকসকল একগোট হ’ল ৷ বৰষুণৰ মাজতো থিয় হৈ তেওঁলোকে নিজৰ নেতাৰ সমৰ্থনত শ্ল’গান দি থাকিল । কেজৰিৱালৰ পত্নী সুনীতা কেজৰিৱাল, পঞ্জাৱৰ মুখ্যমন্ত্ৰী ভগৱন্ত মান, মনীষ ছিচ’দিয়া, সঞ্জয় সিং, সঞ্জয় সিঙৰ পত্নী অনিতা সিং, মন্ত্ৰী আতিশী, সৌৰভ ভৰদ্বাজ আদি বহু নেতাই কাৰাগাৰাৰ গেটত কেজৰিৱালক আদৰণি জনায় ।

লগতে পঢ়ক : যুক্তিসংগত নাছিল কেজৰিৱালৰ গ্ৰেপ্তাৰ: ন্যায়াধীশ উজ্জ্বল ভূঞা

কেজৰিৱাল মুকলি হ'লেও কাৰাগাৰতে আছে আৰু ৪ অভিযুক্ত: কোন কোন তেওঁলোক ?

কাৰাবন্দী সাংসদ অমৃতপাল সিঙৰ আত্মীয়ৰ বাসগৃহত NIA ৰ অভিযান

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.