ETV Bharat / politics

এগজিট প'লৰ বিতৰ্কত ভাগ নলয় কংগ্ৰেছে - Lok Sabha exit poll 2024

author img

By ETV Bharat Assamese Team

Published : Jun 1, 2024, 4:27 PM IST

Lok Sabha exit poll 2024: লোকসভা নিৰ্বাচনৰ ভোটগ্ৰহণ সম্পন্ন হোৱাৰ পিছতে শনিবাৰে প্ৰকাশ পাব নিৰ্বাচনী সমীক্ষা । কিন্তু উত্তাপহীন হ'ব টিভিৰ ষ্টুডিঅ'। কাৰণ টেলিভিছনৰ টক শ্ব'ৰ বিতৰ্কত অংশগ্ৰহণ নকৰে কংগ্ৰেছে ৷

Lok Sabha exit poll 2024
এক্সিট প'লৰ বিতৰ্কত ভাগ নলয় কংগ্ৰেছে (ETV Bharat)

গুৱাহাটী,১ জুন : লোকসভা নিৰ্বাচনৰ নিৰ্বাচনী সমীক্ষা (Exit Polls) শনিবাৰে অৰ্থাৎ আজি প্ৰকাশ পাব । তাৰ মাজতে কংগ্ৰেছ দলৰ বৃহৎ ঘোষণা । টিভি চেনেলৰ নিৰ্বাচনী সমীক্ষাৰ টক শ্ব'ত বা অন্যান্য যিকোনো মাধ্যমৰ বিতৰ্কত অংশগ্ৰহণ নকৰে কংগ্ৰেছ দলে । বিশ্বৰ সৰ্ববৃহৎ গণতান্ত্ৰিক দেশ ভাৰতৰ সুদীৰ্ঘ ৭৫ দিনীয়া লোকসভা নিৰ্বাচন প্ৰক্ৰিয়াৰ শনিবাৰে ভোটদান পৰ্বৰ শেষৰটো দিন । অন্তিম তথা সপ্তম পৰ্যায়ৰ ভোটগ্ৰহণ চলি আছে । নিৰ্বাচন আয়োগৰ নীতি অনুসৰি ভোটগ্ৰহণ পৰ্ব শেষ হোৱাৰ পিছতহে বিভিন্ন প্ৰতিষ্ঠানে প্ৰকাশ কৰিব পাৰিব নিৰ্বাচনী সমীক্ষা ।

অৰ্থাৎ সন্ধিয়া ৫ বজাৰ পিছতেই প্ৰকাশ পাব নিৰ্বাচনী সমীক্ষা ৷ এই নিৰ্বাচনী সমীক্ষাৰ পিছতেই দেশৰ দৃশ্য-শ্ৰাব্য সংবাদ মাধ্যমত সমীক্ষাক লৈ বিগত কেইবাটাও দশক ৰাজনৈতিক আলোচনা চলি আহিছে । য'ত অংশগ্ৰহণ কৰে ৰাজনৈতিক দলৰ প্ৰতিনিধিসকলে । আৰম্ভ হয় তৰ্ক, বাদানুবাদ ৷ কিন্তু শনিবাৰে প্ৰকাশ পাবলগীয়া বিভিন্ন এগজিট প'লৰ বিতৰ্কত অংশগ্ৰহণ নকৰে কংগ্ৰেছ দলে ৷ টিভি চেনেল বা আন সংবাদ প্ৰতিষ্ঠানলৈ কংগ্ৰেছ দলে আলোচনাত নিজৰ দলৰ প্ৰতিনিধি নপঠিওৱাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ৷ এ আই চি চিয়ে ইতিমধ্যে এই সিদ্ধান্ত গ্ৰহণ কৰি ৰাজহুৱা ঘোষণা কৰিছে ।

জ্যেষ্ঠ কংগ্ৰেছ নেতা এ আই চি চিৰ মিডিয়া আৰু প্ৰচাৰ বিভাগৰ অধ্যক্ষ পৱন খেৰাই এগজিট প'লৰ বিতৰ্কত কংগ্ৰেছে অংশগ্ৰহণ নকৰাৰ কাৰণ সন্দৰ্ভত বক্তব্য আগবঢ়াইছে ৷ সামাজিক মাধ্যম এক্সৰ এটা পোষ্টত পৱন খেৰাই নিজৰ সপক্ষে যুক্তি দাঙি ধৰিছে - "ভোটাৰসকলে ভোটদান কৰি তেওঁলোকৰ ৰায় নিশ্চিত কৰিছে । অহা ৪ জুনত ফলাফল ওলাব । তাৰ পূৰ্বে আমি টিআৰপিৰ বাবে জল্পনা-কল্পনা আৰু বাকযুদ্ধত লিপ্ত হোৱাৰ কোনো কাৰণ দেখা নাপাওঁ ।"

লগতে তেঁও কয়-"#ExitPolls সম্পৰ্কীয় বিতৰ্কত অংশগ্ৰহণ নকৰে ভাৰতীয় জাতীয় কংগ্ৰেছে । যিকোনো বিতৰ্কৰ উদ্দেশ্য হ'ব লাগে ৰাইজক অৱগত কৰা । আমি ৪ জুনৰ পৰা বিতৰ্কত আনন্দৰে অংশগ্ৰহণ কৰিম ৷"

এ আই চি চিৰ সিদ্ধান্ত মৰ্মে অসমতো কংগ্ৰেছে ভাগ নলয় সংবাদ মাধ্যমৰ এগজিট প'লৰ আলোচনা বা বিতৰ্কত । অসম প্ৰদেশ কংগ্ৰেছৰ মিডিয়া বিভাগৰ অধ্যক্ষ বেদব্ৰত বৰাই জনাইছে যে ১ জুনত প্ৰকাশ পাবলগীয়া 'এগজিট প'ল'ত কংগ্ৰেছ দলৰ প্ৰতিনিধিয়ে টেলিভিছন চেনেলৰ টক শ্ব'ত বা অন্যান্য যিকোনো মাধ্যমৰ বিতৰ্কত অংশগ্ৰহণ নকৰে । নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ মিডিয়া কমিউনিকেশ্যন ডিপাৰ্টমেণ্টৰ সিদ্ধান্ত অনুসৰি প্ৰদেশ কংগ্ৰেছেও এই সিদ্ধান্ত গ্ৰহণ কৰিছে ৷ অৱশ্যে ভোটগণনাৰ দিনা বা এগজিট প'ল বিষয়ক অন্যান্য আলোচনা আৰু বিতৰ্কসমূহত কংগ্ৰেছৰ প্ৰতিনিধিসকলে অংশগ্ৰহণ কৰিব ।

লগতে পঢ়ক :অন্তিম পৰ্যায়ৰ লোকসভা নিৰ্বাচন; ৮ ৰাজ্যৰ ভোটাৰে মুকলিকৈ অংশ লৈছে গণতান্ত্ৰিক উৎসৱত - Lok Sabha Election 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.