যোৰহাট, 27 জানুৱাৰী: ক্ষমতাৰ লোভতেই হওক অথবা দলীয় নেতৃত্বৰ প্ৰতি অসন্তুষ্ট হৈয়েই হওক, বিজেপিলৈ ঢাপলি মেলাৰ যো-জা চলাইছে অসম কংগ্ৰেছৰ কেইবাগৰাকীও শীৰ্ষ নেতাই । তেনে সময়তে প্ৰদেশ কংগ্ৰেছৰ কাৰ্যকৰী সভাপতি ৰাণা গোস্বামী আঞ্চলিক দল অগপলৈ যাবলৈ প্ৰস্তুতি চলোৱা বাতৰি বিয়পি পৰিছে ৷ উক্ত খবৰেও ৰাজ্যৰ ৰাজনীতিত ব্যাপকভাৱে আলোড়নৰ সৃষ্টি কৰিছে ৷
জ্যেষ্ঠ কংগ্ৰেছ নেতাগৰাকীয়ে অগপলৈ যোৱাৰ প্ৰসংগত তৎক্ষণিক প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে যোৰহাটত । প্ৰতিক্ৰিয়া প্ৰকাশ কৰি গোস্বামীয়ে কয়, ‘‘ অগপ, অসম জাতীয় পৰিষদৰ লগতে অন্যান্য ৰাজনৈতিক দলৰ নেতা-কৰ্মীসকলৰ সৈতে মোৰ ঘনিষ্ঠ সম্পৰ্ক আছে আৰু কথা-বতৰাও পাতি থাকোঁ ৷ কিন্তু মই কংগ্ৰেছ এৰি অগপকে ধৰি অন্য ৰাজনৈতিক দললৈ নাযাওঁ । মই কংগ্ৰেছত দেহে-কেহে লাগি কাম কৰি গৈছো আৰু ভাৰত জোড়ো ন্যায় যাত্ৰাত যোৰহাটৰ পৰা গোগামুখলকৈ মুখ্য দায়িত্ব পালন কৰিছোঁ ৷’’
ইয়াৰোপৰি তেওঁ কয়, ‘‘ মই আৰু বিৰোধী দলৰ দলপতি দেৱব্ৰত শইকীয়াই কথা পাতিছিলোঁ, কিদৰে খুমটাই সমষ্টিৰ প্ৰাক্তন বিধায়িকা বিস্মিতা গগৈক কংগ্ৰেছ দলত ৰাখিব পাৰোঁ ।’’ কংগ্ৰেছ এৰি বিজেপিলৈ যাত্ৰা কৰিব খোজা কংগ্ৰেছ নেতা শংকৰ প্ৰসাদ ৰায় আৰু বিস্মৃতা গগৈৰ সন্দৰ্ভত তাপৰ্যপূৰ্ণ মন্তব্য কৰে প্ৰদেশ কংগ্ৰেছৰ কাৰ্যকৰী সভাপতি ৰাণা গোস্বামীয়ে ।
উল্লেখ্য যে ৰাণা গোস্বামীয়ে অগপত যোগদান কৰাৰ বাতৰি সম্প্ৰচাৰ হোৱাৰ পিচত ৰাজ্যৰ কেইবাজনো আগশাৰীৰ বুদ্ধিজীৱীয়ে তেওঁলৈ ফোনকল কৰিছিল বুলি জানিবলৈ দিয়ে ৷ মন কৰিবলগীয়া যে লোকসভা নিৰ্বাচনৰ প্ৰাকক্ষণত কংগ্ৰেছৰ শীৰ্ষ পৰ্যায়ৰ নেতা-নেত্ৰীসকল বিজেপিলৈ যাব খোজা এই ঢৌৱে সমাগত লোকসভা নিৰ্বাচনৰ সময়ত কংগ্ৰেছত কুপ্ৰভাৱ পেলাব বুলি ৰাজনৈতিক বিশ্লেষকসকলে মত প্ৰকাশ কৰিছে ।
লগতে পঢ়ক: ভাঙি পৰিছে ইণ্ডিয়া মিত্ৰতা; কংগ্ৰেছৰ মিছা গৌৰৱে দায়ী নেকি ?