ETV Bharat / politics

ডিফুত সহস্ৰাধিক সমৰ্থকক লগত লৈ মনোনয়ন পত্ৰ দাখিল জয়ৰাম ইংলেঙৰ - Lok Sabha elections 2024

author img

By ETV Bharat Assamese Team

Published : Apr 3, 2024, 7:13 PM IST

Lok Sabha Polls 2024 : ডিফু (জনজাতি) লোকসভা সমষ্টিৰ বাবে কংগ্ৰেছৰ প্ৰাৰ্থী জয়ৰাম ইংলেঙে মনোনয়ন দাখিলৰ সময়ত উপস্থিত থাকি প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি ভূপেন বৰাই অসমৰ মানুহে এইবাৰ মুখ্যমন্ত্ৰীৰ চলাহী কথাত ভোল নায়ায় বুলি মন্তব্য় কৰে ।

Enter here.. Diphu Lok Sabha constituency
কংগ্ৰেছৰ প্ৰাৰ্থী জয়ৰাম ইংলেং

কংগ্ৰেছৰ প্ৰাৰ্থী জয়ৰাম ইংলেং

ডিফু, ৩ এপ্ৰিল: ৬ নং ডিফু (জনজাতি) লোকসভা সমষ্টিৰ বাবে কংগ্ৰেছৰ প্ৰাৰ্থী জয়ৰাম ইংলেঙে আজি ডিফু আয়ুক্ত কাৰ্যালয়ত মনোনয়ন পত্ৰ দাখিল কৰে ৷ অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি ভূপেন বৰাৰ উপস্থিতিত সহস্ৰাধিক সমৰ্থক লগত লৈ মনোনয়ন দাখিল কৰে প্ৰাৰ্থী জয়ৰাম ইংলেঙে ৷ ইয়াৰ পূৰ্বে কংগ্ৰেছ প্ৰাৰ্থীগৰাকীৰ মনোনোয়নপত্ৰ দাখিল বাবে উলিওৱা হয় এক বিশাল সমদল ৷ কংগ্ৰেছ কাৰ্যালয়ৰ পৰা উলিওৱা সমদলৰ অন্তত ডিফুৰ জিলা আয়ুক্ত কাৰ্যালয়ত মনোনয়ন দাখিল কৰে জয়ৰাম ইংলেঙে ৷ মনোনয়ন দাখিলৰ সময়ত জিলা কংগ্ৰেছৰ বিষয়ববীয়াৰ সকলৰ লগতে সহস্ৰাধিক দলীয় কৰ্মী উপস্থিত থাকে ৷

সমদলত অংশগ্ৰহণ কৰি প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই কয়," অসমৰ মানুহ এতিয়া মুখ্যমন্ত্ৰীৰ চলাহী কথাত ভোল নাযায় ৷ মুখ্যমন্ত্ৰীয়ে এতিয়া অসমৰ মূল বিষয়ৰ পৰা আঁতৰি থাকিবলৈ বিচাৰিছে ৷ " তেওঁ অসম চুক্তিৰ ৫ নং দফা ৰূপায়নৰ বিষয়টো এতিয়া কি হ'ল বুলি প্ৰশ্ন কৰে ? প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতিগৰাকীয়ে কয়,"কাৰ্বি আংলং আৰু ডিমা হাছাও পৰিষদ দুখনক নিজৰ পকেটত থকা দুখন এটিএম বুলি ভাৱে মুখ্যমন্ত্ৰীয়ে ৷ মুঠতে মানুহৰ মগজু নিয়ন্ত্ৰণ কৰি ৰাইজক মূল বিষয়সমূহ পাহৰাই ৰাখিব বিচাৰিছে মুখ্যমন্ত্ৰীয়ে ৷ কিন্তু অসমৰ মানুহে এইবাৰ মুখ্যমন্ত্ৰীৰ চলাহী কথাত ভোল নায়ায় ৷ " তেওঁ লগতে কয় যে ইণ্ডি এলায়েন্স কাৰ্বি পাহাৰৰ দীৰ্ঘদিনীয়া দাবী ২৪৪(ক)ৰ পক্ষত আছে ৷

ইণ্ডি এলায়েন্স ক্ষমতালৈ আহিলেই পাহাৰীয়া ৰাইজে লাভ কৰিব ২৪৪(ক) ৷ পাহাৰত সংঘটিত দুৰ্নীতি,লুণ্ঠন, ভ্ৰষ্টাচাৰ স্বজন-তোষণৰ বিৰুদ্ধে আৰু ইয়াৰ ভবিষ্যৎ নৱ প্ৰজন্মৰ সুৰক্ষা, মানুহৰ সংস্থাপন,দুখীয়াৰ উপাৰ্জন বৃদ্ধি এনেবোৰ কংগ্ৰেছৰ মূল নিৰ্বাচনী ইছ্যু হ’ব বুলিও তেওঁ কয় ৷ বিজেপিয়ে দিয়া প্ৰলোভনৰ আৰু অৰুণোদয়ৰ বিপৰীতে কংগ্ৰেছে ন-লখিমীৰ আঁচনিৰ অধীনত মহিলাক ২৫শ টকাকৈ দিব বুলি কয় ভূপেন বৰাই ।

আনহাতে, কাৰ্বি আংলং জিলাৰ আঞ্চলিক ৰাজনৈতি দল অট'নমাছ ষ্টেট ডিমাণ্ড কমিটী চমুকৈ এএছডিচি দলৰ প্ৰাৰ্থী জৎছন বে'য়ে সভাপতি চন্দ্ৰকান্ত তেৰাঙৰ লগতে বহু কেইগৰাকী দলৰ শীৰ্ষ নেতাক সংগী হিচাপে লৈ ডিফু আয়ুক্ত কাৰ্যালয়ত মনোনয়ন দাখিল কৰে ৷ ইয়াৰ পিচতেই প্ৰাৰ্থী জৎছন বে'ই কয়," আমি নিৰ্বাচনত জয়ী হ'লে বা নহ'লেও ৰাইজৰ হকে কাম কৰি যাম ৷ যদি আমি বিজয়ী হৈ দিল্লীলৈ যাওঁ তেনেহ'লে ভাৰতীয় সংবিধানৰ ২৪৪ (ক) অনুচ্ছেদৰ সুবিধা অনুসৰি এখন স্বায়ত্ত ৰাজ্যৰ দাবী আৰু সীমা সমস্যা সমাধানৰ বাবে বলিষ্ঠভাবে দাবী উত্থাপন কৰিম ৷"

লগতে পঢ়ক:মই ৮০ লাখ টকা চান্দা লৈছো, মোৰ বিৰুদ্ধে ইডি-চিবিআই লগাই দিয়ক: ভূপেন বৰা - Lok Sabha Elections 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.