ETV Bharat / politics

গৌৰৱ-লুৰীণৰ বিজয় ৰুধিবলৈ মুখ্যমন্ত্ৰীয়ে সৰ্বাধিক সভাত চলাব প্ৰচাৰ - Lok Sabha Election 2024 - LOK SABHA ELECTION 2024

Lok Sabha Election 2024: অসমত প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ বাবে ১৫ দিনত ৩০খনৰো অধিক সভা সম্বোধন কৰিব মুখ্যমন্ত্রী ড৹ হিমন্ত বিশ্ব শৰ্মাই । যোৰহাট আৰু ডিব্ৰুগড় লোকসভা সমষ্টি দুটা নিজৰ দখললৈ আনিবলৈকে যুঁজত নামিব মুখ্যমন্ত্রী ।

BJP star campaigner in Assam
মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা
author img

By ETV Bharat Assamese Team

Published : Mar 29, 2024, 5:32 PM IST

গুৱাহাটী, ২৯ মাৰ্চ: যোৰহাট আৰু ডিব্ৰুগড় লোকসভা সমষ্টি দুটা নিজৰ দখললৈ অনাটো বিজেপিৰ বাবে সন্মান ৰক্ষাৰ যুঁজত পৰিণত হৈছে । যোৰহাট সমষ্টিটোত বিজেপিৰ প্ৰাৰ্থী তপন কুমাৰ গগৈৰ বিৰুদ্ধে নির্বাচনী যুঁজত নমা কংগ্ৰেছ প্রার্থী গৌৰৱ গগৈৰ দিল্লী যাত্রাত প্রতিবন্ধকতা সৃষ্টি কৰাটোৱেই দলটোৰ এতিয়া মূল লক্ষ্য । ইপিনে, ডিব্ৰুগড় সমষ্টিৰ প্ৰাৰ্থী সৰ্বানন্দ সোণোৱালৰ বিৰুদ্ধে থিয় দিয়া বিৰোধী ঐক্য মঞ্চৰ উমৈহতীয়া প্ৰাৰ্থী লুৰীণজ্যোতি গগৈক পৰাজিত কৰাটো বিজেপিয়ে বিশেষ গুৰুত্ব দিছে । যাৰ বাবে এই দুয়োটা সমষ্টিতে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই অধিক সংখ্যক নিৰ্বাচনী সভা অনুষ্ঠিত কৰাৰ সিদ্ধান্ত লৈছে ।

ৰাজ্য়িক বিজেপিয়ে আজি অসমত অনুষ্ঠিত হ'বলগীয়া প্ৰথম পৰ্যায়ৰ নিৰ্বাচনত মুখ্যমন্ত্ৰীয়ে সৰ্বাধিক সংখ্যক যোৰহাট আৰু ডিব্ৰুগড় সমষ্টিত ৰাজহুৱা সভাত অংশগ্ৰহণ কৰাৰ তালিকা প্ৰকাশ কৰিছে । ৰাজ্য়িক বিজেপিয়ে প্ৰকাশ কৰা তালিকা অনুসৰি মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰথম পৰ্যায়ত অনুষ্ঠিত হ'বলগীয়া কাজিৰঙা, শোণিতপুৰ, যোৰহাট, ডিব্ৰুগড়, লখিমপুৰ সমষ্টিত মুঠ ৩০ খন ৰাজহুৱা সভাত অংশগ্ৰহণ কৰিব । ইয়াৰে ভিতৰত তেওঁ যোৰহাট লোকসভা সমষ্টিত চাইকেল ৰেলীৰ লগতে পাঁচখন ৰাজহুৱা সভাত অংশগ্ৰহণ কৰিব ।

ইপিনে, ডিব্ৰুগড় সমষ্টিত সাতখন ৰাজহুৱা সভাত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই অংশগ্ৰহণ কৰিব । তথ্য মতে, যোৰহাট লোকসভা সমষ্টিত ১০টা বিধানসভা সমষ্টি আছে আৰু সেইকেইটা হৈছে সোণাৰি, মাহমৰা, শিৱসাগৰ, ডিমৌ, নাজিৰা, মাজুলী, যোৰহাট, টীয়ক, তিতাবৰ, মৰিয়নী । মুখ্যমন্ত্ৰীগৰাকীয়ে তপন কুমাৰ গগৈৰ হৈ ১ এপ্ৰিলত মাজুলীত চাইকেল ৰেলীত অংশগ্ৰহণ কৰিব । আকৌ ৭ এপ্ৰিলত তিতাবৰ, মৰিয়নী, নাজিৰাত ৰাজহুৱা সভা অংশগ্ৰহণ কৰিব । অহা ১০ এপ্ৰিলত টীয়কত আৰু ১৩ এপ্ৰিলত সোণাৰিত তপন গগৈৰ হৈ মুখ্যমন্ত্ৰীয়ে ৰাজহুৱা সভাত অংশগ্ৰহণ কৰিব ।

ইপিনে, সৰ্বানন্দ সোণোৱালে প্ৰতিদ্বন্দ্বিতা কৰা ডিব্ৰুগড় লোকসভা সমষ্টিটো ১০ টা বিধানসভা সমষ্টি আছে । সেইকেইটা ক্ৰমে- ডিব্ৰুগড়, চাবুৱা-লাহোৱাল, দুলীয়াজান, টিংখাং, নাহৰকটীয়া, তিনিচুকীয়া, ডিগবৈ, মাকুম, খোৱাং আৰু মাৰ্ঘেৰিটা বিধানসভা সমষ্টি । মুখ্যমন্ত্ৰীগৰাকীয়ে সৰ্বানন্দ সোণোৱালৰ হৈ সাতখনত ক্ৰমে চাবুৱা, দুলীয়াজান,নাহৰকটীয়া,ডিগবৈ,মাকুম, খোৱাং আৰু মাৰ্ঘেৰিটাত ৰাজহুৱা সভাত অংশ গ্ৰহণ কৰিব । মুখ্যমন্ত্ৰীয়ে ৫ এপ্ৰিলত ডিগবৈ আৰু মাকুম, ৮ এপ্ৰিলত নাহৰকটীয়া, দুলীয়াজান ,চাবুৱাত, ৯ এপ্ৰিলত খোৱাংত ১১ এপ্ৰিলত মাৰ্ঘেৰিটাত ৰাজহুৱা সভাত অংশগ্ৰহণ কৰিব ।

উল্লেখযোগ্য যে তপন কুমাৰ গগৈৰ মনোনয়ন দাখিলত হোৱা ব্যাপক জনসমাগমৰ পাচতো পতিয়ন যাব পৰা নাই ৰাজ্যৰ মুখ্যমন্ত্রী ড৹ হিমন্ত বিশ্ব শৰ্মাই। সেইকাৰণেই বুধবাৰে মনোনয়ন দাখিলৰ সময়ত উপস্থিত থকা মুখ্যমন্ত্ৰীগৰাকীয়ে সিদ্ধান্তৰে নিশা তিতাবৰৰ ঠেঙাল ভৱনত বাহৰ পাতি উজনি অসমৰ প্ৰায়কেইগৰাকী বিধায়ককে তিতাবৰলৈ তলব কৰি ৰুদ্ধদ্বাৰ বৈঠকত মিলিত হয় । এই বৈঠকখনত যোৰহাট সমষ্টিটো কেনেদৰে বিজেপিয়ে নিজৰ দখলতে ৰাখিব পাৰিব, তাক লৈ ৰণকৌশল প্ৰস্তুত কৰিছে ।

কংগ্ৰেছ প্ৰাৰ্থী গৌৰৱ গগৈৰ যুৱ প্ৰজন্মৰ মাজত থকা জনপ্রিয়তাক ম্লান কৰি তেওঁলোকক কেনেকৈ বিজেপিমুখী কৰিব পাৰি, সেই বিষয়ত অধিক গুৰুত্ব দিবলৈ মুখ্যমন্ত্রী ড৹ হিমন্ত বিশ্ব শৰ্মাই নির্দেশ দিয়ে । তিতাবৰ বিধানসভা সমষ্টিটোত এতিয়াও কংগ্ৰেছ দল শক্তিশালী স্থিতিত থকাত নির্বাচনী ৰণকৌশল প্ৰস্তুত কৰাত দলটো যথেষ্ট অসুবিধাত পৰা বিষয়টোৱেও আলোচনাত স্থান পায় । বিশেষকৈ তৰুণ গগৈৰ পিচত তিতাবৰত পুত্ৰ গৌৰৱ গগৈয়ে খোপনি পোতা কাৰ্যক পৰিয়ালকেন্দ্ৰিক ৰাজনীতিৰ বিষয়টো যুৱপ্ৰজন্মৰ মাজত অধিকভাৱে বিয়পাই দিবলৈ আহ্বান জনায়।

উল্লেখ্য যে গৌৰৱ গগৈৰ মনোনয়ন দাখিলৰ দিনা যি হাৰত কংগ্ৰেছৰ সমৰ্থকে ৰাজপথত ভিৰ কৰিছিল তাক লৈও চিন্তিত মুখ্যমন্ত্রী ড৹ হিমন্ত বিশ্ব শৰ্মাই । বিজেপি চৰকাৰে বিভিন্ন আঁচনি ৰূপায়ণৰ সময়তো যোৰহাটত কংগ্ৰেছৰ সমৰ্থনত হিলদল ভাঙি মানুহ ৰাজপথলৈ ওলাই অহা বিষয়ত বিজেপিৰ কাৰ্যকৰ্তাসকলৰ ক'ত সুৰুঙা আছে, তাক অতি সোনকালে অধ্যয়ন কৰি সঠিক পৰিকল্পনা প্রস্তুত কৰি ব্যাপক ভোটৰ ব্যৱধানত তপন গগৈক জয়ী কৰাবলৈ মুখ্যমন্ত্ৰীয়ে আটাইকেইগৰাকী বিধায়কক নির্দেশ দিছে ।

লগতে পঢ়ক:ষ্টাৰ কেম্পেইনাৰ হিচাপে ৰাজ্যৰ বাহিৰে-ভিতৰে ব্যাপক প্ৰচাৰ কাৰ্যসূচী মুখ্যমন্ত্রীৰ - Lok Sabha Election 2024

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.