ETV Bharat / politics

২০২৬ৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে খালী হ’ব কংগ্ৰেছ : মুখ্যমন্ত্ৰীৰ ভৱিষ্যদ্বাণী - CM Himanta Biswa Sarma

author img

By ETV Bharat Assamese Team

Published : Jul 13, 2024, 8:54 PM IST

Assam Politics : কংগ্ৰেছৰ নিলম্বিত বিধায়ক শশীকান্ত দাসক কাষত লৈ ৰহাত সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত কংগ্ৰেছলৈ বাৰ্তা প্ৰেৰণ মুখ্যমন্ত্ৰীৰ ৷ 2026ৰ অসম বিধানসভা নিৰ্বাচনৰ আগে আগে পুনৰ কংগ্ৰেছ দল গৰাখহনীয়াৰ বাবে সাজু হ’বৰ হ’ল বুলি মুখ্যমন্ত্ৰীৰ সতৰ্কবাণী ৷

ASSAM CM WARNS CONGRESS
কংগ্ৰেছলৈ বাৰ্তা প্ৰেৰণ মুখ্যমন্ত্ৰীৰ (ETV BHARAT ASSAM)

গুৱাহাটী, 13 জুলাই : ‘বিধানসভা নিৰ্বাচনৰ আগে আগে কংগ্ৰেছত কোনো নাথাকে, সকলো বিজেপিলৈ আহিব'- শনিবাৰে এই বিস্ফোৰক মন্তব্য মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ ৷ সম্প্ৰতি বিদ্ৰোহে চানি ধৰা বিজেপিৰ পৰা বহু নেতাই কংগ্ৰেছত যোগদান কৰিব বুলি ওলোৱা বাতৰিয়ে ৰাজ্য তোলপাৰ লগোৱাৰ সমযতে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই কংগ্ৰেছলৈ আজি এক প্ৰকাৰ সতৰ্কবাণী এৰিলে যে 2026ৰ অসম বিধানসভা নিৰ্বাচনৰ আগে আগে পুনৰ কংগ্ৰেছ দল যেন গৰাখহনীয়াৰ বাবে সাজু থাকে ৷

কংগ্ৰেছক মুখ্যমন্ত্ৰীৰ সকীয়নি (ETV BHARAT ASSAM)

2026ৰ পূৰ্বে পুনৰ কংগ্ৰেছত হ’ব খহনীয়া :

“কংগ্ৰেছৰ পৰা ডজনে ডজনে মানুহ বিজেপিলৈ আহোতে সমানে চৰ্চা হ’ব লাগে ৷ বিজেপিৰো দুই-এজন কংগ্ৰেছলৈ গৈ থাকিব ৷ তাৰো আলোচনা হ’ব ৷ ৰাজনীতিত এইবোৰ অহা-যোৱা চলি থাকিব ৷ কিন্তু এটা কথা ঠিক যে বিধানসভা নিৰ্বাচনৰ আগে আগে কংগ্ৰেছত কোনো নাথাকিব ৷ সকলো বিজেপিলৈ আহিব ৷” এইদৰেই আজি কংগ্ৰেছৰ নিলম্বিত বিধায়ক তথা বিজেপিক মুকলি সমৰ্থন আগবঢ়োৱা শশীকান্ত দাসক কাষত লৈ ৰহাত সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত কংগ্ৰেছলৈ বাৰ্তা প্ৰেৰণ কৰিলে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ৷ একাংশ বিজেপি নেতাই কংগ্ৰেছত যোগদানৰ যো-জা চলাই থকাৰ মাজতে নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিলে মুখ্যমন্ত্ৰীগৰাকীয়ে ৷ যেন বিজেপি নেতাই দল এৰা বিষয়টো লৈ অলপো উদ্বিগ্ন নহয় বিজেপি আৰু মুখ্যমন্ত্ৰী ৷

হিন্দু আৰু খিলঞ্জীয়া অসমীয়াৰ স্বাৰ্থ সুৰক্ষিত কৰা দললৈ আদৰণি :

আনহাতে বিজেপিৰ একাংশ বিদ্ৰোহী পুৰণি কৰ্মীয়ে অসম জনসংঘ নামৰ এটা ৰাজনৈতিক দল গঠন কৰিব বুলি হোৱা চৰ্চা প্ৰসংগতো প্ৰতিক্ৰিয়া প্ৰকাশ কৰে হিমন্ত বিশ্ব শৰ্মাই ৷ জনসংঘৰ প্ৰতি আদৰণি জনালে মুখ্যমন্ত্ৰীয়ে ৷ মুখ্যমন্ত্ৰীৰ মন্তব্য- “অসম জনসংঘ হ’ব পাৰে ৷ আমি আদৰণি জনাব লাগে ৷ হিন্দুৰ স্বাৰ্থ সুৰক্ষিত কৰা যিমান ৰাজনৈতিক দল গঠন হয় আমি আদৰণি জনাব লাগে ৷” লগতে মুখ্যমন্ত্ৰীগৰাকীৰ মন্তব্য- “হিন্দু আৰু খিলঞ্জীয়া অসমীয়াৰ স্বাৰ্থ সুৰক্ষিত কৰা যিমান দল গঠন হয় আমি সিমান আদৰণি জনাব লাগে ৷”

লগতে পঢ়ক : আগষ্টত কংগ্ৰেছে দিব চমক ! বিজেপি-অগপৰ কোনে কোনে যোগ দিব কংগ্ৰেছত ? - Assam Political updates

লগতে পঢ়ক : ৰাজনৈতিক দলত অহা-যোৱা চলিয়েই থাকে : মুখ্যমন্ত্ৰী - Himanta Biswa Sarma

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.