ETV Bharat / politics

ড৹ হীৰেন গোহাঁয়ে বেলেগৰ কিতাপ নকল কৰি লিখে: হিমন্ত বিশ্ব শৰ্মা

author img

By ETV Bharat Assamese Team

Published : Jan 21, 2024, 3:30 PM IST

Updated : Jan 23, 2024, 10:18 AM IST

Himanta Biswa Sarma: এইবাৰ ড৹ হীৰেন গোহাঁইক 'অদ্ভুত মাল' আখ্যা ড৹ হিমন্ত বিশ্ব শৰ্মাৰ । জাতীয় আইকন ভূপেন হাজৰিকাক অপমান কৰাৰ প্ৰতিশোধ লোৱাটো মুখ্যমন্ত্ৰীৰ দায়িত্ব বুলি কৈ বেলেগৰ কিতাপ নকল কৰি লিখাটো ডাঙৰ মানুহ নেকি বুলিও ড৹ হীৰেন গোহাঁইক কটাক্ষ কৰে মুখ্যমন্ত্ৰীগৰাকীৰ । গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধ্যাপক অখিল ৰঞ্জন দত্তকো সকিয়নী মুখ্যমন্ত্ৰীৰ ।

dr hiren gohain
Himanta Biswa Sarma

গুৱাহাটী, ২১ জানুৱাৰী: ‘‘হীৰেন গোহাঁয়ে 'মাল' শব্দটো হজম কৰিবলৈ শিকিব লাগিব ।’’ এই মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ । দেওবাৰে দিছপুৰৰ লোকসেৱা ভৱনত আয়োজন কৰা এখন সংবাদমেলত সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত বিশিষ্ট বুদ্ধিজীৱী ড৹ হীৰেন গোহাঁইৰ বিৰুদ্ধে এইদৰে পুনৰ সৰৱ হোৱা দেখা গ'ল মুখ্যমন্ত্ৰীগৰাকীক । মুখ্যমন্ত্ৰীয়ে কয় যে যে ড৹ ভূপেন হাজৰিকাই লাভ কৰা বঁটাক ‘ৰেণ্ডী চাহাব ফাল্কে বঁটা’ বুলি ক’ব পৰা হীৰেন গোহাঁয়ে 'মাল' শব্দটো হজম কৰিব লাগিব । মুখ্যমন্ত্ৰীয়ে লগতে কয় যে মাল শব্দটো কোনো বেয়া অৰ্থত ব্যৱহাৰ নহয় ।

ড৹ হীৰেন গোহাঁইক কটাক্ষ কৰি মুখ্যমন্ত্ৰীয়ে কয়, ‘‘আন্দোলন নকৰে কিন্তু আন্দোলনৰ দিশ নিৰ্ণয় কৰে । কি বস্তু এইটো ? অদ্ভুত মাল এইটো ।’’ ড৹ হীৰেন গোঁহায়ে গ্ৰন্থত ব্যৱহাৰ কৰা অশালীন শব্দৰ তালিকা আছে বুলি সদৰী কৰি মুখ্যমন্ত্ৰী ড৹ শৰ্মাই কয় যে কটন কলেজৰ সময়ৰ পৰাই তেওঁ হীৰেন গোহাঁইৰ বিৰুদ্ধে লাগি আছে আৰু এতিয়া সুবিধা পাইছে ।

ড৹ হীৰেন গোহাঁইক ‘বেলেগ মাল’ আখ্যা দি মুখ্যমন্ত্ৰীয়ে কয় যে নিজে আন্দোলন নকৰি আনক আন্দোলনৰ ৰাস্তা দেখুৱাই দিয়ে । যাতে মাৰটো আনৰ মূৰৰ ওপৰত পৰে । হীৰেন গোহাঁয়ে আনৰ লিখনি নিজৰ নামত প্ৰকাশ কৰাৰো গুৰুতৰ অভিযোগ উত্থাপন কৰি মুখ্যমন্ত্ৰীয়ে কয় যে ভূপেন হাজৰিকাক অপমান কৰাৰ প্ৰতিশোধ লোৱাটো মুখ্যমন্ত্ৰীৰ দায়িত্ব ।

জাতীয় আইকনক অপমান কৰাসকলক প্ৰত্যুত্তৰ দিবই লাগিব বুলি মন্তব্য কৰি ড৹ শৰ্মাই কয় যে বেলেগৰ কিতাপ নকল কৰি লিখাটো ডাঙৰ মানুহ নেকি ? বাঁওপন্থী বুদ্ধিজীৱীক ঠাণ্ডা কৰিব নোৱাৰিলে অসমখন ঠাণ্ডা নহ'ব বুলি মন্তব্য কৰি কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে কয়, ‘‘অসমৰ বাবে আলফা সমস্যা নহয় । সমস্যা প্ৰকৃততে এওঁলোকহে ।’’ বাঁও বুদ্ধিজীৱীসকলে প্ৰজন্ম ধ্বংস কৰি গ'ল বুলি অভিযোগ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে এনে হ’বলৈ দিব নোৱাৰি ।

আনহাতে কথাই কথাই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক সমালোচনা কৰা তথা প্ৰৱন্ধ লিখা গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধ্যাপক ড৹ অখিল ৰঞ্জন দত্তকো এইবাৰ উভতি ধৰিলে মুখ্যমন্ত্ৰী ড৹ শৰ্মাই । মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে বিশ্ববিদ্যালয়ৰ এজন অধ্যাপকে কথাই কথাই মুখ্যমন্ত্ৰী এগৰাকীক এনেদৰে সমালোচনা কৰিব নোৱাৰে । অধ্যাপক ড৹ অখিল ৰঞ্জন দত্তৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ বাবে গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচাৰ্যক পত্ৰ দিয়াৰ কথা মুখ্যমন্ত্ৰীগৰাকীয়ে সদৰী কৰে ।

কোনটো চাৰ্ভিছ ৰোলৰ অধীনত এজন অধ্যাপকে এনেদৰে কথা ক’ব পাৰে । মুখ্যমন্ত্ৰীয়ে লগতে কয় যে এই ক্ষেত্ৰত আইন অনা হ’ব । নিজাকৈ লোৱা এনে স্বাধীনতা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ দিনত নহ'ব বুলি মন্তব্য কৰি মুখ্যমন্ত্ৰীয়ে অধ্যাপক অখিল ৰঞ্জন দত্তক ক্লাছত বহাই দিয়া হ'ব বুলি কয় । টিভিৰ ট'ক শ্ব'ত বহাটো দেখুৱাই দিয়া হ'ব বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে কয় ।

লগতে পঢ়ক: বিজেপিৰ আন মুখ্যমন্ত্ৰীসকলক দুৰ্নীতি শিকাব পাৰিব হিমন্ত বিশ্বই: ৰাহুল গান্ধী

Last Updated : Jan 23, 2024, 10:18 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.