ETV Bharat / politics

আমবাৰীৰ অগপ কাৰ্যালয়ত মুুখ্যমন্ত্ৰী ড৹ শৰ্মা: অগপ নেতৃত্বৰ উষ্ম আদৰণি - Himanta Biswa Sarma at AGP Office - HIMANTA BISWA SARMA AT AGP OFFICE

Himanta Biswa Sarma at AGP Office: তৃতীয়বাৰৰ বাবে অসম গণ পৰিষদ দলৰ কাৰ্যালয়ত উপস্থিত হ’ল মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা ৷ দেওবাৰে সন্ধিয়া অগপৰ আমবাৰীস্থিত মুখ্য কাৰ্যালয়ত মুখ্যমন্ত্ৰীগৰাকী উপস্থিত হয় ৷

Himanta Biswa Sarma at AGP Office
অগপৰ আমবাৰীস্থিত কাৰ্যালয়ত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা
author img

By ETV Bharat Assamese Team

Published : Mar 24, 2024, 10:14 PM IST

অগপৰ আমবাৰীস্থিত কাৰ্যালয়ত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

গুৱাহাটী, ২৪ মাৰ্চ: লোকসভা নিৰ্বাচনলৈ মাজত মাত্ৰ কেইটামান দিন বাকী । ৰাজ্যৰ সৰ্বত্ৰ এতিয়া নিৰ্বাচনৰ গৰম পৰিৱেশ । সকলো ৰাজনৈতিক দলৰ এতিয়া ব্যস্ততাৰ অন্ত নোহোৱা হৈছে । এই ব্যস্ততাৰ মাজতে দেওবাৰে সন্ধিয়া মিত্ৰদল অগপৰ সদৰত উপস্থিত হয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ।

অগপৰ কাৰ্যালয়ত উপস্থিত হৈ অসম গণ পৰিষদ দলৰ বিষয়ববীয়া আৰু কৰ্মীসকলৰ লগত মত বিনিময় কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ভাষণত কয়, ‘‘নৰেন্দ্ৰ মোদী তৃতীয়বাৰৰ বাবে প্ৰধানমন্ত্ৰী হ’ব । অসমত লোকসভা সমষ্টিৰ ১৪ খন আসনতে মিত্ৰজোঁটে চমকপ্ৰদক ফলাফল প্ৰদৰ্শন কৰিম ।’’

তেওঁ লগতে কয় ‘‘লোকসভা নিৰ্বাচনত অসমৰ ১৪ খন আসনত মিত্ৰজোঁটৰ বিজেপিয়ে ১১ খন, অগপই দুখনত আৰু ইউ পি পি এলে এখন আসনত প্ৰতিদ্বন্দ্বিতা কৰিব । দুয়োটা মিত্ৰ দলকে বিজেপিয়ে সহায় সহযোগিতা আগবঢ়াব ৷ বিধানসভাৰ নিৰ্বাচনৰ আসন ভাগ বতৰাৰ সময়তে অগপৰ নেতৃত্বক প্ৰতিশ্ৰুতি দিয়া হৈছিল যে লোকসভা নিৰ্বাচনত গণ পৰিষদক জিকিব পৰা আসন এৰি দিম ৷

যোৱাবাৰ তিনিখন আসন ৩ খন এৰি দিয়া হৈছিল তিনিখন আসনে কঠিন আছিল । আন আসনত আমাৰ দলৰ চিটিং সাংসদ থকাৰ বাবে আমি বিশেষ জিকা আসন এৰি দিব পৰা নাছিলোঁ । ২০০৯ চনৰ পিচৰে পৰা অগপৰ লোকসভাত প্ৰতিনিধি নাই । ২০১৪ আৰু ১৯ চনত লোকসভাত প্ৰতিনিধিত্ব কৰাৰ সুযোগ অগপই পোৱা নাই সেইবাবে এইবাৰ বৰপেটা আৰু ধুবুৰীত বিজয় কৰাৰ বাবে গণ পৰিষদৰ কাৰ্যকৰ্তাই বিশেষ ভূমিকা ল’ব লাগিব । যাতে ২০০৯ পিচত আকৌ এবাৰ লোকসভাত অগপৰ প্ৰাৰ্থীয়ে প্ৰতিনিধিত্ব কৰিব পাৰে । ’’

মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে নিৰ্বাচন সন্দৰ্ভত কয়, ‘‘এইবাৰ নিৰ্বাচন বিকাশ, প্ৰগতি আৰু ভাৰতক বিশ্বগুৰুৰ আসনত বহুৱাৰ নিৰ্বাচন । অসমক ভাৰতৰ সৰ্বশ্ৰেষ্ঠ ৰাজ্যৰ মাজত এখন হিচাপে প্ৰতিষ্ঠা কৰাৰ নিৰ্বাচন ৷’’ উল্লেখ্য যে অনুষ্ঠানত অগপৰ সভাপতি অতুল বৰা আৰু কাৰ্যকৰী সভাপতি কেশৱ মহন্ত, সাংসদ বীৰেন্দ্ৰ প্ৰসাদ বৈশ্য, মন্ত্ৰী অশোক সিংহল, সাংসদ পবিত্ৰ মাৰ্ঘেৰিটাকে ধৰি অগপৰ বিষয়ববীয়া আৰু কৰ্মীসকল উপস্থিত থাকে ।

লগতে পঢ়ক: গৌৰৱ গগৈ নীলা তেজৰ মানুহ: ফণীভূষণ চৌধুৰীৰ ঘৰত ক’লে মুখ্যমন্ত্ৰীয়ে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.